পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
দ্বিতীয় সৰ্গ
 

যজ্ঞকালে মিথিলাত,—যেহি দোষে পাছে
(শুনো লোক মুখে), দশৰথ মহাৰথ
দেখিয়া দুৰন্ত তাক ৰাজ্য হন্তে দূৰি
দিলে বনবাসে। সেই ৰক্ষকুল-ৰিপু
ৰক্ষ-ৰাজ্যে পশি দেখোঁ ৰক্ষ সহ বাদ
কৰিছে; নিৰ্বোধ থাকি জলৰ ভিতৰ
বিবাদিছে মীন যেন কুম্ভীৰ সহিতে।
বাঢ়িল আশয় অতি নগণ্য নৰৰ
বধি ক্ষুদ্ৰ সেনাগণ; ৰাজগৃহে এবে
দিলে খোট দুৰমতি, —লাঞ্ছিলে ভগিনী
পড়িল বিপাকে মূৰ্খ; বিধি বিড়ম্বিলে;
আপুনি মাতিলে মূঢ় মৃত্যু আপোনাৰ,
আপুনি পতঙ্গ যেন পশিল পাবকে।”
 দূষণ নীৰব হল; উত্তৰিলা খৰ
খৰমতি, “এই ৰাম অজ-অব্জ-কুলে
উপজিল অজ-মূৰ্খ; নহলে কি মুঢ়
বঢ়ায় আপোন শত্ৰু পৰৰ কাৰণে
হিংসি ৰক্ষ মিথিলাত? নহলে কি,—ধিক্‌—


 খৰমতি—প্ৰখৰ মতি; চোকা।
 ‘এই ৰাম অজ ....... অজমূৰ্খ—এই ৰাম অজ ৰজা ৰূপ পদ্মৰ বংশত অজ-মূৰ্খ (ছাগলৰ নিচিনা মূৰ্খ, অথবা যাৰ দৰে মূৰ্খ উপজা নাই অৰ্থাৎ মহামূৰ্খ) উপজিল।