পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
সীতাহৰণ-কাব্য
 

ৰথে ৰথীবৰ খৰ তীক্ষ্নবল-তিখা
চলিলা বিকম্পি ক্ষিতি প্ৰচণ্ড প্ৰতাপে।
 ৰৌদ্ৰ ৰক্ষোদল দলি দণ্ডক কানন,
—প্ৰমত্ত মাতঙ্গদল দলে যথা বন—,
যায় বীৰপণা কৰি। নিবিড় অৰণ্য
এৰি, পলাইলা দূৰে ডৰে জীৱগণ।
পলাইলা পশুপতি সভয়ে কেশৰী;
উভ শুণ্ডে হুড়মুড়, গল শুণ্ডধৰ
অধীৰ তৰাসে; যেন ত্ৰাহি ত্ৰাহি স্মৰি
কৰ্ব্বৰ কৰাল নখী পলাল সবেগে।
মুটকি সুদীৰ্ঘ লেজ; ভয়ে ভঙ্গ দিলা
ভয়াল ভল্লুক, বৰা, খড়গী গণ্ডাৰ,
মহিষ বিশাল শৃঙ্গী, আৰু কত প্ৰাণী।
ধাইলা কুৰঙ্গদল শৃঙ্গ উচ্চ কৰি;
লুকাইলা ভয়ে অহি মহীগৰ্ত্তে পশি;
উড়িলা পতত্ৰীকুল আকুল চৌদিশে।
 কৰ্ব্বুৰ-কম্বুৰ ধ্বনি, সৈন্য কলকলি,
মিশিয়া উভয়ে, ঘোৰ উঠিল কল্লোল;
সমুদ্ৰ কল্লোল যথা প্ৰভঞ্জনাঘাতে;


 তীক্ষ্নবল-তিখা—প্ৰখৰ বলত যি তিখাৰ দৰে কঠিন অৰ্থাৎ মহাবলী।
 কৰ্বৰ—বাঘ। পতত্ৰী-পক্ষী।
 কৰ্ব্বুৰ-কম্বুৰ ধ্বনি—ৰাক্ষসৰ শঙ্খধ্বনি।