পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
সীতাহৰণ-কাব্য
 

এত কহি কোষ হন্তে নিষ্কোষিলা অসি
তীক্ষ্ণধাৰ। তৰবাৰি-তৰবৰ-প্ৰভা
চমকিলে নেত্ৰ; যথা চমকে নয়ন।
চকমকি সৌদামিনী, হুইলে নিৰ্গতা
মেঘ হন্তে। মেঘনাদ পিতা গৰজিলা,
“কৰিবোঁ ই অস্ত্ৰে তোৰ মস্তক ছেদন
ৰে ভণ্ড তপস্বি! যাৰ অন্নত পালিত
সতত; অশুভ তাৰ চৰ্চ্চ প্ৰতিবাৰ।
বিপক্ষৰ পক্ষ হুয়া অধম পামৰ?”
 দশশিৰ কৰে দৰ্শি অসিৰ প্ৰকাশ
অশিৰ কৰিব বুলি ভয়ত বিহবল,
গুণিলা মাৰীচ মনে, “বিষম সঙ্কটে
পড়িলোঁ; এফালে ৰাজা ভল্লুক ভীষণ,
আন ফালে ৰামচন্দ্ৰ প্ৰচণ্ড কেশৰী;
বিতুষ্টিবোঁ কোন জনে? মৰণ নিশ্চয়।
বিভক্তিব লঙ্কেশ্বৰ আঘাতে অসিৰ।
শিৰ মোৰ স্কন্ধ থাকি, নাপালিবোঁ যদি
আজ্ঞা তাৰ। যাওঁ যদি ৰাজাদেশ পালি
ছলিবে ৰাঘবে; বাণ অব্যৰ্থ তাহাৰ


 ‘যথা চমকে নয়ন......মেঘ হন্তে—বিদুলী মেঘৰ পৰা বাহিৰ হলে চক্‌মক্‌ কৰি চকুত যেনেকৈ চমক্‌ (বা ঝলক্‌) লগায়। অশিৰ— মস্তক-শূন্য।