সমললৈ যাওক

পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৫
সপ্তম সৰ্গ


কুবচন হেন জনে? ভাবিছ ভিখাৰী?
লঙ্কানাথ বুলি তই উচ্চ পৰিচয়
দিবে নাপাইলি লাজ? হুয়া ৰক্ষোৰাজ
চোৰৰ প্ৰকৃতি! পৰ ৰমণী হৰণ
ধৰ্ম্ম তোৰ! নীচমতি হৰিলি অবলা
অকলা গৃহত পাই ছদ্মবেশ ধৰি;
ই তোৰ পৌৰুষ? লাজ! মোৰ প্ৰাণ প্ৰভু,
দেৱৰ লক্ষ্মণ কিম্বা থাকিলে গৃহত,
তোৰ এই দশ মুণ্ড মুকুট ভূষিত
ভূতলে পড়িয়া আজি লোটালে হেতেন।
এৰি দে অধৰ্ম্মী মোক; নহিলে সংহাৰ
হব তোৰ ৰক্ষকুল, ৰঘুমণি ৰোষে।”
 আকৰ্ণি ভৎৰ্সনা বাণী বৈদেহীৰ মুখে,
তৰ্জ্জিলা বৈদেহী-হৰ দন্ত কড়মড়ি
কুড়ি মুখে কুড়ি পাটি, “অবোধ ৰমণি!
তিৰস্কাৰ কৰ তই অশ্ৰপ-ঈশ্বৰে?
এতেক সাহস? ভাগ্যে অবলা ৰমণী;
নহলে মস্তক তোৰ ছেদিলোঁ‌ হেতেন।
কি গুণ শ্ৰীৰাম ধৰে? ৰাজ্য হেৰুৱাই
কৰিছে কাননে বাস; গৃহৰ অভাবে
কুটিৰ আশ্ৰয় তাৰ; ভূতলে লুণ্ঠিত


অশ্ৰপ,--ৰাক্ষস