সমললৈ যাওক

পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সীতাহৰণ কাব্য

বসুন্ধৰা বসন্তত। সাজিলা ইমতে
সুন্দৰী তৰুণী, দুষ্টা তৰুতলে বসি;
দৰশিলা গোদাবী-জীৱন-দৰ্পণে
নিজ আস্য; হাস্য কৰি গুণিলা মনত
“কোন জন নুভুলিব ইৰূপ দৰ্শনে।”
অনন্তৰে ধীৰ পদে, ৰমণী-সুলভ
ধৰিয়া কটাক্ষ ভঙ্গি সুহাস বদনে,
চলিলা ৰাঘব পাশে ৰাৱণ-ভগিনী।
 বুলিলা কৰ্ব্বুৰ-বালা বীৰেশে সম্ভাষি
মধুবাক্যে, “বন্দোঁ পদে, পুৰুষ-পুঙ্গব,
আমি বন-বিহাৰিণী; পৰিচয় দানে
তুষিও শ্ৰৱণ মোৰ। নৃপ পুত্ৰ তুল
সুন্দৰ তোমাৰ তনু। কৰিছা বসতি
কি ক্লেশে তপস্বীবেশে বিপদ সঙ্কুল
অকূল কাননে? হেন অতুল কুসুম
অথলে, অশ্ৰপপূৰ্ণ কন্টকিত স্থলে,
কিহেতু ফুটিলা? তুমি দেব কি মানব?
কোমলাঙ্গী হেমপ্ৰভা ৰমণী-ৰতন
সঙ্গে তব; কিবা হোৱে ই চন্দ্ৰবদনী?
কি হোৱে পুৰুষ সিটি গৌৰাঙ্গ-গঞ্জন?”


 গোদাবৰী-জীৱন-দৰ্পণে—গোদাবৰীৰ পানীৰূপ আচিত। আস্য— মুখ। কৰ্ব্বুৰ—ৰাক্ষস। পুঙ্গব—শ্ৰেষ্ঠা। অশ্ৰপ—ৰাক্ষস।