পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
তৃতীয় সৰ্গ
 

সীতা নাম ধৰি কিবা জন্মিলা ভূতলে।
কিন্তু কি বিধিৰ বিধি! কণ্টকে কেতকী,
পঙ্কে পঙ্কজিনী, কিম্বা আন্ধাৰ ভূগৰ্ভে
মুক্তা-ৰত্ন যথা; এই ৰমণীৰতন
পতিত অথলে তথা,—ভিখাৰীৰ হাতে।
উদ্ধাৰি কুস্থান থাকি সীতা সুকেশিনী
কৰিবে মহিষীতব লঙ্কাপুৰেশ্বৰী,
(যাক যিহে শোভে) মনে আলোচি চলিলোঁ
কুটীৰ সমীপে। কিন্তু বিড়ম্বিলা বিধি,
ঘটিল কপালে হায়!” কান্দিলা ৰাক্ষসী
হুম হুমি; মছি অশ্ৰু পুনঃ আৰম্ভিলা,
“ঘটিল কপালে মোৰ যি দেখিছ এবে;
বীৰেন্দ্ৰ! নাসিকা কৰ্ণ কাটিলে লক্ষ্মণে।
ৰাজভগ্নী অঙ্গহীনা, ভূমণ্ডল মাজে
বহিল অখ্যাতি ইটো; হাসিব বাসব
শত্ৰু তব, বাসবাৰি! কিয় অভাগিনী
নমৰিল সি দিনতে তপস্বীৰ হাতে।”
 কান্দে শূৰ্পনখা পুনঃ। ভাসি দুকপোল
জৰ জৰ অশ্ৰুজল পড়ে বক্ষঃস্থলে।
সান্ত্বনা বচনে শান্ত কৰি ভগিনীক
কহিলা কৰ্ব্বুৰপতি, “কহিও কনিষ্ঠে!


 বাসবাৰি—ইন্দ্ৰৰ শত্ৰু, অৰ্থাৎ ৰাৱণ।