পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সীতাহৰণ কাব্য

নিকটি বিকট দন্ত, চক্ষু পকাইয়া
চলিলা গ্ৰাসিৰে সীতা ভীমা মায়াবিনী।
 ৰাক্ষসীৰ মুৰ্ত্তি দেখি ভয়ত বিহ্বলা,
“ৰক্ষনাথ খায় মোক নিশাচৰী,” বুলি
ৰাম-ক্ৰোড়ে ৰাম-বাঞ্ছা পড়িলা ঢলিয়া
নয়ন মুদ্ৰিত কৰি; শ্যামাঙ্গে শোভিল
হেমাঙ্গিনী মুৰ্ত্তি; যেন বাৰিদে বিদুলী;
কিম্বা নীলাম্বৰ অঙ্কে শশাঙ্ক মূৰতি;
অথবা নীলাম্বুবক্ষে যথা কমলিনী।
হায়ৰে লৱনু-তনু কোমলা ললনা।
সুহাসিনী সুভাষিনী সুচাৰু লোচনী
তৰাসে অভয় মাগি, স্বামী ক্ৰোড়ে দেহি
পড়িলে মুৰ্চ্ছিতা হুয়া; কোন হেন পতি
ভূতলে, ধৈৰষ ধৰে সুস্থিৰ থাকিয়া;
কোন আছে হেন, যাৰ নোপজে কৰুণা?
 মুৰ্চ্ছিতা হুইলা সীতা; আকুল ৰাঘব
অজজ-অঙ্গজ বীৰ, অনুজে আঙ্গিলা
ইঙ্গিতে, শান্তিৰে দুষ্টা। শান্তিলা লক্ষ্মণ


 নিকট—নিকটাই। ৰাম-বাঞ্ছা—ৰামৰ স্ত্ৰী, অৰ্থাৎ সীতা। অঙ্কে—কোলাত। লৱনু-তনু—মাখনৰ দৰে কোমল শৰীৰ যাৰ। অজজ—অজ ৰজাৰ পৰা যাৰ জন্ম অৰ্থাৎ দশৰথ। অঙ্গজ—পুত্ৰ।