পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
দ্বিতীয় সৰ্গ
 

ধ্বনিল সৈন্যৰ ক্ষেত্ৰে। জয় জয় নাদে
মন্দ্ৰিলা কৰ্ব্বুদবৃন্দ জিনিয়া জীমুতে;
পূৰিল দণ্ডকাৰণ্য ৰক্ষ-কোলাহলে।
বাহিৰিলা সেনা নানা প্ৰহৰণ ধৰি;
লইলা কোনোএ শূল; কেহোঁ ভীম গদা;
ধৰিলা কোদণ্ড কোনো, শৰবৃন্দ সহ
আঁটিয়া নিষঙ্গ অঙ্গে; কোনো উলঙ্গিলা
কৃপাণ; প্ৰচণ্ড দণ্ড দণ্ডাইলা ধৰি।
কোনোএ; ৰান্ধিলা কেহোঁ কবচ উৰসে।
কাৰৰ হাতে অসি নাচে; কাৰে হাতে টাল
খৰ্পৰ বা কাৰৰ হাতে; ইৰূপে কটক
ধৰি নানা অস্ত্ৰগণ চলিলা গৰ্জ্জিয়া।
দূষণ ভীষণবলী ধৰি মহাশূল।
কৰে, কৰী-পৃষ্ঠে চৰি, মত্তকৰী সম
চলিলা বিক্ৰম কৰি; ঐৰাবতে যেন
সুৰেশ কুলিশ ধৰি। অষ্ট অশ্ব যুত


 মন্দ্ৰিলা—গভীৰ শব্দ কৰিলা।  জীমূত—মেঘ।
 পূৰিল—পূৰ্ণ হল। কোদণ্ড—ধনু। নিষঙ্গ—তূণ।
 ‘ধৰিলা কোদণ্ড ...অঙ্গে’—কোনোএ শৰ বিলাকৰ সৈতে গাত তূণ বান্ধি লই ধনু ধৰিলে।
 উৰস—বক্ষ
 কুলিশ—বজ্ৰ।