সমললৈ যাওক

পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সীতাহৰণ-কাব্য
 

প্রফুল্ল প্রসূনৰাশি,—প্রফুল্ল বান্ধব
বান্ধব-মিলনে যথা—,হাসি মধুহাসি
দর্শে দিনবন্ধু মুখ ; দেখি দিনবন্ধু
মুছিলা বদন বাৰি আদৰে সবাৰ
প্ৰসাৰি সহস্ৰ কৰ; দীনবন্ধু যথা
কৰয় আদৰ দীনে। কুসুমবদন—
হাসি-নিঃসৰিত মধু লােভে লােভী যত
গুঞ্জৰি মধুপপুঞ্জ উড়িলা চৌদিশে
চুম্বি প্রতি পুষ্পানন। স্বার্থপৰ অলি
পীয়ে মধু, বঞ্চি আনে; দেখিয়া সমীৰ
উদাৰ, উজাৰি পুষ্প-পৰিমল-মধু
বিলাইলা, দাতা যথা, সৰ্ব্ব জীৱগণে।
পুলকিত প্রাণী যত মধুৰ আঘ্ৰাণে।
কুহৰিলা পিককুল ; গাইলা শালিকা
খেলিমেলি গীত; প্রিয়বিৰহ-কাতৰা
কেতকী বিনালা বনে ‘কেতকি কেতকি’
গহন কানন মাজে ডাকিলা সুধীৰে
‘সহদেৱ সহদেৱ' সহদেৱ পক্ষী।
শিখৰে পাদপ-শিৰ শােভি শিখিবৰ,


 প্রসূন-পুষ্প। দিনবন্ধু—সূৰ্য্য। দীনবন্ধু—পৰিৰ বন্ধু, অর্থাৎ দাতা। মধূপ, অলি—ভ্ৰমৰ। উদাৰ,—মহৎ, দাতা, সৰল।