পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
সীতাহৰণ-কাব্য
 

যোজিত, বিদ্যুতগতি; বিভূষিত দেহ
সমুজ্জ্বল হেম সাজে, হেমবৰ্ণে যথা
ভূষিত ধবল-শৃঙ্গ হিমগিৰি শিৰে
প্ৰভাতে, শৰতকালে মিহিৰ কিৰণে।
পক্ষময় হয়, (শুনি, পাঠক পাঠিকা!
নামানিবা আচৰিত; সম্ভব সকলো
পূৰ্ব্বকালে, ইকালেও কবি কল্পনাত ),
হুয়া সাজু নিজ কাৰ্য্যে, পক্ষ জঙ্কাৰিলা
স্বৰ্ণময়; নিৰ্গতিল সমুজ্জ্বল বিভা;
ববিৰ ৰথাগ্ৰস্থিত যথা অৰুণৰ
বিস্তৃত পক্ষৰ মাজে ৰবি-কৰমালা
নিৰগতে, ঝল্‌ ঝল্‌ বিদ্যুতৰ বিভা।
 উঠিলা পুষ্পক ৰথে ৰক্ষোৰথী বলী
ভগ্নী শূৰ্পনখী সহ। শূন্যপথে বেগে
চলে যান; হৈম চক্ৰ ঘুৰে ঘড় ঘড়ি,
—যেন চাৰি চক্ৰবাণ অগ্নি প্ৰজ্জ্বলিত—
বিকীৰ্ণি কিৰণ মালা দ্বীপ্তি নভঃস্থল।
ডৰিলা দেবেশ দিবে, নৰ নৰলোকে,
পাতালে পন্নগপতি; আতঙ্কে আকুল
ভাবি ৰক্ষপতি কাৰ প্ৰতি প্ৰতিকূল।


 মিহিৰ—সূৰ্য্য। হয়—ঘোঁড়া। চক্ৰবাণ—এবিধ খাৰৰ সজুলি। বিকীৰ্ণি—প্ৰকাশি, নিৰ্গত কৰি। দিবে—স্বৰ্গত। পন্নগপতি-অনন্ত।