পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
পঞ্চম সৰ্গ

গাইল বা কোনো; কোনো কৰিলা বিবাদ;
কোনোএবা সুৰাপানে দিব্য জ্ঞান লভি
প্ৰণমিলা সুৰেশ্বৰী ভূমিতলে পড়ি।
কহিলা ৰাক্ষস এক, “শুন ভাই আজি
শূৰ্পনখা কথা লই মহা আন্দোলন।
পড়িছে লঙ্কাত। হুনু তপস্বী মানব,
(লক্ষ্মণ তাহাৰ নাম), বলে ধৰি নিয়া
বনত একলা পাই ৰাজ-ভগিনীক,
চাহিলা কৰিবে পত্নী। নুহিলা সম্মতা
শূৰ্পনখা। ক্ৰোধে নৰ দণ্ডিলা তাহাক।”
কহিলা অগিৰ অন্য, “কহিত শুনিলি
হেন অযথাৰ্থ কথা? প্ৰকৃত ঘটনা।
শুনিও কহিবো আমি যি শুনিলো কাণে
যুবতীদল বদনে সৰোবৰ ঘাটে।
আছিলা যৌবনকালে পৰমা সুন্দৰী
নিকষা; ভুলাই বিশ্বশ্ৰবা তপোধনে


 সুৰেশ্বৰী—সুৰা-ৰূপা দেবী। অগিৰ—ৰাক্ষস।
 লঙ্কাৰ পৰা খেদাখাই মাল্যবান আদি ৰাক্ষস বিলাক পাতালত আছিল; বিশ্বশ্ৰবাৰ পুত্ৰ কুবেৰে পাছত শূন্য লঙ্কা অধিকাৰ কৰিলে। মাল্যবানে সহিব নোৱাৰি নিজ কন্যা নিকষাৰ দ্বাৰাই বিশ্বশ্ৰবাক মোহিত কৰি তেওঁৰ ঔৰসে নিকষাৰ গৰ্ভত ৰাৱণ আদি পুত্ৰ জন্মালে। ৰাৱণে কুবেৰক খেদি লঙ্কা উদ্ধাৰ কৰিলে।