পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
সীতাহৰণ-কাব্য

মহাকায়; মহামায় স্তুতিলা হৃদয়ে,
“ৰাৱণ তোমাৰ দাস, দানব-দলনি!
প্ৰাৰ্থে পদে কৰ-পুটে; পূৰ্ণ কৰা আশা।
দিয়া বৰ, হে বৰদে! বাঞ্ছা সিদ্ধি যেন
হোৱে, সাদ্ধি, ই ৰক্ষৰ। ৰমণী-ৰতন,
—সীতানাম—' পাৰোঁ যেন কৰিবে হৰণ
অক্লেশে।” কৈলাস শিৰে হাসি হৈমবতী
হৰপ্ৰিয়া, দিলা বৰ 'তথাস্তু’ বুলিয়া।
শুনি বাক্য নিঃসৰণ বৰদা-বদনে,
নেত্ৰ মেলি জটাধৰ হসিত অধৰ
সুধিলা, “তথাস্তু শব্দ শবদিল মুখে
তোমাৰ; দানিলা বৰ কাক বৰাননি?”
যোগীন্দ্ৰ বচনে সতী নগেন্দ্ৰ নন্দিনী।
উত্তৰিলা কৰ যুৰি, “অন্তৰ্য্যামী তুমি,
কি না জানা ভূতনাথ? ৰক্ষকুল নাথ
বৈদেহী হৰণ বাঞ্ছে; দিলোঁ বৰ তাক।”
উত্তৰিলা বিশ্বেশ্বৰ বিষাদে, “ৰাৱণ
পৰম ভকত মম; পৰম পূজক।
তোমাৰো; নাজানে আনে আমি দুই বিনে
ৰীৰেশ্বৰ। কিন্তু সতি সি বুলি কি হব?
মদগৰ্ব্বে গৰ্ব্বী ৰাজা; ঘটিছে কুমতি;
বিড়ম্বিছে বিধি তাক, নিকট পতন।”