পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৩
সপ্তম সৰ্গ

 ইফালে লক্ষ্মণ সীতা মায়াবী ৰক্ষৰ
শুনিলা আতঙ্ক ডাক ৰাম স্বৰ সম।
বাগ্দেবী সুযোগ পাই হেনকালে আসি
বসিলা সীতাৰ কণ্ঠে। পতি ডাক হেন
মানিয়া ৰাক্ষস-ডাক, কাতৰে জানকী
কহিলা, “দেৱৰ, চলা ত্বৰিত গমনে;
পড়িয়া অগ্ৰজ তব নিশাচৰ হাতে
ডাকিছে তোমাক; যোৱা শীঘ্ৰে বীৰমণি!
ৰাক্ষস-কুহকে ভুলি, ৰাক্ষসৰ মুখে
দিলো প্ৰাণনাথে, মই কিনো অভাগিনী।”
কান্দোঁ‌ কান্দোঁ‌ সীতা দেবী; ক্ষণে দুকপোল
তিতিল অক্ষিৰ নীৰে; নিৰখি লক্ষ্মণ
বুলিলা সস্নেহে, “দেবি নকৰা ক্ৰন্দন;
স্থিৰ হোৱা, কিয় হেন উৎকণ্ঠিতা অতি।
কাৰ হেন শক্তি আছে ৰাঘবে অনিষ্ট
কৰে? নিশাচৰ মায়া নুবুজিছা, সতি,
মায়াবীৰ মাত সিটো জানিবা নিশ্চয়।”
 ঊৰ্ম্মিলা-বল্লভ বাক্যে শ্ৰীৰাম-বল্লভা
নামানি, ক্ৰন্দন কৰি কহিবে লাগিলা,
“কি কোৱা দেৱৰ তুমি? নিশাচৰ মাত?
কদাচ নহয় আমি অকৰ্ণে শুনিছোঁ‌।
ডাকিয়াহে প্ৰভু মোৰ বিপদে পড়িয়া;