পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সীতাহৰণ-কাব্য

ৰহিলা লক্ষ্মণ তাত ভ্ৰাতৃভক্ত বীৰ
ৰক্ষক, কাৰ্ম্মুক কৰে; শূৰ নন্দি যেন
উমা উমানাথ পাশে ধৰিয়া ত্ৰিশূল।
 উঠিলা আকাশ পথে বহুদূৰ ভানু;
জানি বেলা, ধৰি ধনু ধানুকী লক্ষ্মণ
চলিলা অন্বেষি ফল গহন গুহিনে।
ৰাঘব ৰাঘব বাঞ্ছা যুগল মূৰতি,
—অনুপম গৃহে যাৰ ছিলে বাস স্থান-
কপোতৰ সঙ্গে যথা কপোতী বিহগী,
বহিলা কুটীৰে। হায় কি কুটিল গতি
কালৰ! ধৰণীতলে বুজে কোন জনে?
ধনী হয় ভিক্ষাজীবী; হয় ধনপতি
কুবেৰ, সততে যিটো ভিক্ষা কৰি খায়।
ৰাজা হোৱে ৰাজ্যহীন; হীনজন হয়
উৰ্ব্বীপতি। উৰ্দ্ধবাসী নক্ষত্ৰ নিচয়
খসি পড়ে; অধঃবাসী পিপৰাৰ দল
লভে পক্ষ, এৰি অধঃ উড়ে শূন্য স্থলে।
এহি নৃপসুত কালি অতুল সম্পদে
ছিলা হৈম হৰ্ম্ম্যতলে; যাহাৰ শয়ন
আছিল দ্বিৰদ-ৰদ নিৰ্ম্মিত পালঙ্কে;


 কাৰ্ম্মুক—ধনু। কপোত-কপৌ। উৰ্ব্বীপতি-পৃথিবীপতি।
 হৰ্ম্ম্য-অট্টালিকা। দ্বিৰদ-ৰদ-হস্তীদন্ত।