সমললৈ যাওক

পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
সীতাহৰণ-কাব্য

চলিছে ৰঙ্গিনী দল; নিতম্বৰ ভৰে
উফৰি পড়িব ভয়ে ধীৰে কাঢ়ে খোজ,
চৰি ম’ৰালিনী কিম্বা মাতঙ্গিনী গতি।
শোভিছে ৰজত-প্ৰভ সৰস-সলিলে
ফুটি সৰোজিনী ৰাশি; সৰস-চৌকূলে
গ্ৰথিত বৰফনিভ সুশ্বেত প্ৰস্তৰে,
ফুটিল ক্ৰমশঃ আসি ৰমণী-সৰস-
বদন-কমল বৃন্দ। পদ্মপুষ্প ভ্ৰমে,
(কূলত কামিনীকূল নিৰখি), কৌতুকে
উড়িলা মধুপপুঞ্জ মধুজীবী সদা,
চুহিবে অধৰ মধু জিনি ফুলমধু।
কামিনীৰ কৰে কিন্তু বিতাৰিত হুয়া,
(আশাত নিৰাশ, দেহি!), ভুন্‌ ভুন্ কান্দি
উড়িলা উভতি সবে কমল-কাননে।
 স্থানে স্থানে জুম পাতি দৰ্ব্বাঙ্গনাগণ।
দেবাঙ্গনা সমা ৰূপে ৰাজ-ভগ্নী কথা
উত্থাপিলা। প্ৰকাশিলা বিৰক্তি এজনী,
“বিধবাতে গল দিন; বাৰ্দ্ধক্যে ব্যাকুলা
কাম মদে শূৰ্পনখা, কিনো আচৰিত!


 মৰালিনী—হংসিনী। চৌকূলে—চাৰি পাৰত। ৰমণী-সৰস- বদন:কমল—তিৰুতাৰ ৰসযুক্ত মুখৰূপ পদ্ম। দৰ্বাঙ্গনাগণ—ৰাক্ষসৰ কন্যা বিলাক।