পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
চতুৰ্থ সৰ্গ
 

সসৈন্যে মানব হাতে দুই ৰক্ষোবীৰ
মুহূৰ্ত্তে লভিলা মৃত্যু। ৰাক্ষস বঞ্চিত।
হইলেক অৰাক্ষস অৰণ্য দণ্ডক।
নডৰিলে নৰে মোক,—মই লঙ্কেশ্বৰ,
যাৰ নামে ত্ৰিভূবন কঁপে থৰ পৰি।
ইন্দ্ৰদম ইন্দ্ৰজিৎ, যাৰ ভয়ে ভীত
ত্ৰিদিব নিবাসী; ভীমবাহু বীৰবাহু,
বাৰণাৰি পৰাক্ৰমী; পাতাল ঈশ্বৰ
মহামায়াময় মহীৰাৱণ প্ৰতাপী;
ভীমকায় অতিকায় অৰি-হুতাশন,
আদি পুত্ৰগণ মোৰ। কুম্ভকৰ্ণ বীৰ,
—যাৰ নাসাপথে গৰ্ভে প্ৰলয় নিশ্বাসে
প্ৰবেশে সাৰথি ৰথী ৰথ গজ হয়।
ৰুষিলে সমৰে; পুনঃ উড়ে তৃণ প্ৰায়
প্ৰবল প্ৰশ্বাস-বাতে,—প্ৰিয় ভাই মোৰ;
আৰু ভাই, বিভীষণ বংশ-বিভূষণ
ভীষণ সমৰী-কুম্ভ নিকুম্ভ সুবলী,
শুম্ভ নিশুম্ভৰ সম বিক্ৰমে; তৰণী,
—তৰণী কৰ্ব্বুৰ কুলে—; ভীষণ দৰ্শন
ভস্মাক্ষ ধূম্ৰাক্ষ আদি লঙ্কা-অলঙ্কাৰ
আছে বীৰগণ যাৰ অজেয় জগতে।
তুমি হেন দক্ষ ৰক্ষ পাত্ৰবৰ যাৰ।