পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্রথম সর্গ

বসনা যাহাৰ দেৱ দুৰ্ল্লভ ভোজনে
আস্বাদিত সদা; হায় সেই মহাজন,
⸺ৰবি কুলোদ্ভব হেন ভূপতি তনয়⸺,
কাননে কাটিছে কাল। সামান্য কুটিৰ
গৃহ তাৰ। নৃপসুত তৃণশয্যা ৰচি
কৰিছে দৰিদ্ৰ তুল্য ভূতলে শয়ন;
কটু তিক্ত বন ফল ভোজন কৰিয়া,
⸺কেনে কাল চক্ৰ⸺,কষ্টে যাপিছে জীৱন!
 গুণমণি গুণবতী, শ্ৰীৰাম জানকী
বসিলা পজাৰ তলে; মুকলি দুৱাৰে
দেখিলা অদূৰ বনে নানা পশু পক্ষী
ৰঙ্গে ভঙ্গে নিৰভয়ে বিচৰণ কৰে।
পুছিলা ৰাঘবে পাছে ৰাঘব-ৰমণী,
( মৃদু মৃদু বাক্যে যেন মধু নিঃসৰিলা),
“প্ৰাণকান্ত! কৌতুহল আছে মোৰ মনে
জানিবে কিহেতু কতো কতো পশুগণ
ধৰে শৃঙ্গ; কতো কতো কি হেতু নধৰে।
শৃগাল কুকুৰ ব্যাঘ্ৰ, নাই ইসবৰ।
শিৰে শৃঙ্গ; মৃগ ছাগ মহিষ গো আদি
ধৰে শৃঙ্গ; হেতু কিবা নাজানো ইয়াৰ।”
প্ৰেয়সী বচন শুনি সীতা-চিন্তামণি
কহিলা ৰাঘব, “প্ৰিয়ে মধুৰ হাসিনি।