পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
চতুৰ্থ সৰ্গ

কহিলা গিৰিজা, “প্ৰভু! ভাবিলে সিকথা
লাগে ব্যথা। ৰক্ষোবৰ কায়মনে সদা।
পূজে পদে। নষ্ট কিন্তু নিজ কৰ্ম্ম গুণে।
কৰিছে অধৰ্ম্ম বহু; বহু পাপে, ক্ষয়
অনিবাৰ্য্য; অতি কাৰ্য্য নোশোভে কদাচো।
টুটিছে দশাস্য আয়ু; সিহেতু কমলা-
তেজোদ্ভূতা সীতা আজি ইচ্ছিছে হৰিবে
ৰক্ষোৰাজ। ৰাজলক্ষ্মী যায় লঙ্কা এৰি;
সিন্ধু-বক্ষশোভী লঙ্কা ডুবে সিন্ধুজলে।”
 অনন্তৰে উঠি ৰথে মাৰীচ ৰাৱণ।
শূন্যপথে গলা চলি। সুদূৰ সাগৰে
পড়িল কনক লঙ্কা মাৰীচ নয়নে।
স্থিৰ দৃষ্টে মন কষ্টে, পৰিণাম স্মৰি
ভাবিব লাগিলা ৰক্ষ দ্বিপক নেহালি,
“হায় হেমময়ী লঙ্কা মনোহৰপুৰী
জিনিয়া অমৰাবতী! অমৰ বিজয়ী
বীৰদল-প্ৰসবিনি! বিনয়ে বিদায়
মাগিছে মাৰীচ আজি তব পদে নমি
দূৰ হন্তে। শেষ দেখা অধম পুত্ৰৰ;
আশিসি বিদায় তাক কৰিও জননি।
সুনীল বাৰিধি বক্ষে দীপ্ত অলঙ্কাৰ
তুমি লঙ্কা, যথা হায় শশাঙ্ক ভূষণ