পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
সীতাহৰণ-কাব্য

টাৰিলা দেব-চাপ * বীৰেন্দ্ৰ-কেশৰী
ৰাঘব, ধৰিয়া হাত; সুঘোৰ টঙ্কাৰে
পাইলা আতঙ্ক সেনা; শঙ্কা উপজিল
অৰিৰ অন্তৰে; যথা নতশিৰ-ফণী
তুলিলে মস্তক ধৰি চিত্ৰময় ফণা
সক্ৰোধে গৰজি, লোক সশঙ্কিত হোৱে।
মণিময় ধনু, তূণে পুঞ্জ পুঞ্জ শৰ,
দিবাকৰ-কৰে জ্বলি, চপলা সদৃশ
চকমকি, অৰিদল নেত্ৰ ঝলসিলা।
স্তম্ভিত ৰাক্ষস সেনা। কহিলা নৃমণি,
“কিহেতু পতঙ্গবৎ, পাপমতিগণ,
আসিলি মৰিবে, মোৰ অমোঘ অস্ত্ৰত
যাই জাহ? পৰিছে কি মৎস্যৰ উজান
বকুলে, ক্ষয় হেতু? তোসৰ প্ৰবৰ
আছে যেহি বীৰ তাক পঠায়ো সমীপে।”
 দেখিয়া স্থগিত সেনা, ৰুষিলা দূষণ
দুঃশাসন; অগ্ৰসৰি বৰষিলা শৰ
জাকে জাকে; ৰাঘবেন্দ্ৰ ব্যৰ্থিলা হেলায়।
সেনাদল, (দলপতি যুঝিছে দেখিয়া ),


 * ৰামৰ হাতত থকা ধনুৰ্ব্বাণ ইন্দ্ৰই দিয়া; ৰামক দিবৰ কাৰণ ইন্দ্ৰই ধনুৰ্ব্বাণ শৰভঙ্গ মুনিৰ ঠাইত থৈ গৈছিল। মুনিয়ে পাছত ৰামক দিলে।