সমললৈ যাওক

পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
সীতাহৰণ-কাব্য

যুৰিলা, ভেদিলা মৃগ; ত্যজি মায়াৰূপ
ৰাক্ষস আকাৰ ধৰি পড়িলা মাৰীচ।
মৰণ সময়ে ৰাজ মন্ত্ৰণা সাধিবে,
ৰাম স্বৰ অনুকৰি মায়াবী ৰাক্ষস
দিল ডাক উচ্চৰবে, “ভাই হে লক্ষ্মণ
আসিও সত্বৰে মোক বেড়িলে ৰাক্ষসে।”
ডাকিয়া ইৰূপে ঘনে তাড়কা-নন্দন
নীৰবিলা অৱশেষে;-যন্ত্ৰণা অসীম
বাণাঘাতে-; ৰাম স্মৰি ত্যজিলা জীবন।
 এহিৰূপে সীতাকান্ত ৰাক্ষসান্ত কৰি,
মায়াবীৰ ডাক শুনি নিজ ধ্বনি সম
চিন্তিত হইলা অতি; ভাবিলা অন্তৰে,
“কি আশ্চৰ্য্য ৰক্ষোমায়া। ছলিয়া আমাক
আনিলে অৰণ্য দুষ্ট; মৰণ সময়ে
কিহেতু ডাকিলে পুনঃ সুমিত্ৰা-নন্দনে।
ধৰি মোৰ স্বৰ? অৰ্থ নিগূঢ় ইয়াৰ
আছয় অবশ্য কিবা। কিবা জানি হায়,
ভুলিয়া ৰাক্ষস ডাকে বালক লক্ষ্মণ,
ভাবি মোক বিপদস্থ, আসে সীতা এৰি
শূন্যগৃহে; তেন্তে কিবা ঘটে অঘটন।”
এত ভাবি চিন্তান্বিত অতি ৰঘুপতি
চলিলা গৃহাভিমুখে সবেগ গমনে।