পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সীতাহৰণ-কাব্য
 

লাঞ্ছিয়া অবলা বালা অকলা অৰণ্য,
দেখায় পৌৰুষ? কালি প্ৰত্যুষে উঠিয়া
যাবোঁ পঞ্চবটী বন। কত বল ধৰে
হীনবল বনবাসী দেখিবোঁ স্বচক্ষে;
দেখিবোঁ ৰাঘবে কালি কিমত সমৰী।
বহু ৰক্ষ ক্ষয়কাৰী পাপীৰ মৰণ
(প্ৰায়শ্চিত্ত হেতু যেন) মিলালে বিধাতা;
নিক্ষেপিলে চিৰশত্ৰু কেশৰী-কবলে।
কৰিও দূষণ ভাই আজি ৰজনীতে
ঘোষণা, কৰিবোঁ কালি ৰণযাত্ৰা ঘোৰ;
সৈন্যদল থাকে যেন প্ৰস্তুত প্ৰত্যুষে।”
এত কহি ৰক্ষোবীৰ, অগ্নি-শিখা সম
জ্বলি ক্ৰোধে, সভা এৰি চলিলা গম্ভীৰে
অন্তঃপুৰে। সৈন্যক্ষেত্ৰে চলিলা দূষণ।
শূৰ্পনখা চলি গৈলা আপোন আলয়ে।
 নিশাকাল এবে। যথা ৰতন-মণ্ডিত
পৰিধান ধৰি শোভে ৰাজৰাজেশ্বৰী;
তথা জীৱকুলেশ্বৰী সুখদা ৰজনী,
অগণিত তাৰাদল-ৰতন-ৰঞ্জিত
সুনীল-অম্বৰে, দেহ শোভিলা আবৰি।


 ‘যথা ৰতন-মণ্ডিত........ শোভিলা আবৰি’—ৰাজৰাজেশ্বৰীয়ে ৰত্নমণ্ডিত বস্ত্ৰ পিন্ধি যেনেকৈ শোভে, জীবগণৰ ঈশ্বৰী সুখদা ৰজনীয়ে