এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৸৹ ]
ৰচনা কৰি প্ৰকাশিত কৰিছিল। তেওঁৰ সেই নবীন বয়সত ‘সীতাহৰণ-কাব্য’ ৰচনাও আৰম্ভ হইছিল; এনে সময়তে ইং ১৮৮৮ চনত তেওঁ ‘চব-ডিপুটী কালেক্টৰ’ পদত নিযুক্ত হল। এই কাম পাই নানা ঠাইত ফুৰিব লগা হোৱাত, তেওঁৰ থান- থিতাপি নোহোৱাত পৰিল। তেওঁৰ পিতৃৰ তেৱেঁই একমাত্ৰ সন্তান; ১৮৯৩ চনত পিতৃ-বিয়োগ হোৱাত গৃহ-চিন্তাইও তেওঁক বেৰি ধৰিলে। গৃহ-দগ্ধ, গৃহ-চুৰি, দীৰ্ঘকাল বিষম জ্বৰ ভোগ, স্ত্ৰী-বিয়োগ প্ৰভৃতি সাংসাৰিক দুৰ্ঘটনাও ক্ৰমে ক্ৰমে তেওঁৰ ঘটিছিল। ইত্যাদি কাৰণত অনেককাল পূৰ্ব্বেই লেখিবলৈ আৰম্ভ কৰা এই সীতাহৰণ-কাব্যখনি ইমান বছৰ অসমাপ্ত হৈ আছিল। যাহোক কোনো কোনো বন্ধুৰ উৎসাহত গ্ৰন্থকাৰে কাব্যখনি লেখি এতিয়া সমাপ্ত কৰিলে, আৰু আমিও উদ্যোগ কৰি তাক প্ৰকাশ কৰি সহৃদয় পাঠক সকলৰ হাতত অৰ্পণ কৰিলোঁ।
| ডিব্ৰুগড় সদৰ স্কুল, শক ১৮২৪ ফাগুণ। |
শিবনাথ ভট্টাচাৰ্য্য প্ৰকাশক |