পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
সীতাহৰণ-কাব্য

নীল নভঃ বক্ষে; ভাবি ভাবি-পৰিণাম
(দশ স্কন্ধ দোষে) তব, বিদৰে অন্তৰ।
দেখিও চলিছে দুষ্ট পৰস্ত্ৰী হৰিবে;
—সামান্যা পৰস্ত্ৰী নোহে, লক্ষ্মী স্বৰূপিনী
ৰাঘব বনিতা—; ৰক্ষকুলাঙ্গাৰ ক্ষয়
হুইব; তুমিও মাতা যাবা ৰসাতলে।
সাৰি সাৰি অট্টালিকা,—ৰজত ৰচিত।
কতো, কতো হেমময়; দ্বাৰ সুশোভিত
নানা ৰত্নে, বনৰাজি বন-ৰত্নে যথা;
উড়িছে উপৰে যাৰ পতাকা নিচয়—,
তব অঙ্ক-অলঙ্কাৰ, হুঙ্কাৰ কৰিয়া
প্ৰজ্জ্বলিবে ৰণানল যৱে ৰঘুমণি,
সমভূমি সম সবে পাইব বিলয়।
অতুল অশোক বন,-প্ৰবেশিলে যথা
শোক দুঃখ অন্ত হয়-, নন্দন কানন


 ভাবি পৰিণাম—ভবিষ্যত পৰিণাম। বন-ৰত্ন—ফুল।
 ‘সাৰি সাৰি অট্টালিকা....পাইব বিলয়।’—কতো বিলাক ৰৌপ্যময় কতো বিলাক সুৱৰ্ণময়, যাৰ দুৱাৰ (বন যেনে ফুলেৰে শোভিত) নানা ৰত্নেৰে সুশোভিত, আৰু যাৰ ওপৰত পতাকা বিলাক উড়িছে, এনেকুৱা তোমাৰ কোলাৰ অলঙ্কাৰ স্বৰূপ সাৰি সাৰি অট্টালিকা, যেতিয়া ৰঘুমণিএ হুঙ্কাৰ কৰি ৰণানল জ্বালিব, সমভূমিৰ সমান হই সকলো বিলাক লোপ পাব।