যুদ্ধক্ষেত্ৰত আহোম ৰমণী

ৱিকিউৎসৰ পৰা

[ ছবি ]
 
alt= শ্ৰীহিতেশ্বৰ বৰবৰুয়া।

শ্ৰীহিতেশ্বৰ বৰবৰুয়া।

 

Artist Press. Calcut

 

[ প্ৰকাশন ]

যুদ্ধক্ষেত্ৰত

আহোম ৰমণী।

[ কাব্য ]

"I perch upon an humbler promontory...
Amidst life's infinite variety;
With no greater care for what is nicknam'd glory
But speculating as I cast mine eye
On what may suit, or, may not suit, my story
And never straining hard to versify,
I rattle on exactly as I'd talk
With anybody in a ride or walk."

Lord Byron's "DON JUAN" Canto XV.

⸻০⸺

“ঢোপাকলি,”

“কমতাপুৰ ধ্বংস” কাব্য, “বিৰহিণী বিলাপ”
 কাব্য,—“তিৰুতাৰ আত্মদান” বা “জয়-
   মতী” কাব্য, “আভাস কাব্য” আৰু
   “মালিত৷” উপন্যাস প্ৰণেতা

শ্ৰীহিতেশ্বৰ বৰবৰুৱা প্ৰণীত।

যোৰহাট।

All Rights Reserved.

[ উছৰ্গা ]

মূলা গাভৰু।

“সমীৰণে স’তে মিলি তযু কীৰ্ত্তি-গীত
আকাশ-মাৰ্গত উঠি ক'ব দিগন্তক,—
ধন্য সেই জাতি, যাৰ কুলত জনম
মূলা বীৰ ৰমণীৰ, মুহিলা সখীৰ,
ৰণোন্মত্তা অঙ্গনাৰ,—স্বদেশৰ হেতু
কৰিলে যি প্ৰাণত্যাগ যৱন-যুদ্ধত।”

—সপ্তম সৰ্গ ১১১ পিঠি।


শ্ৰীহিতেশ্বৰ বৰবৰুৱা।

[ প্ৰাৰ্থনা ]

প্ৰাৰ্থনা।

তুমি আদি, তুমি অন্ত, মাজতে মাথোন
ক্ৰীড়া মন্দিৰত তযু খেলিছিলোঁ খেলা,
তোমাৰে খেলনা লই, আপোন পাহৰি
জীৱনত, দয়াময়! দুপৰৰ বেলা।
খেলোঁতে খেলোঁতে খেলা, হ’ল বিনা মেঘে
বজ্ৰাঘাত, অকস্মাতে ভাগিল পুতলা,
( তুমি গঢ়া খেলনাটি! ) চালোঁ চকুমেলি,—
শেষ হ’ল জীৱনত সপোনৰ খেলাঁ!!
খেলা শেষ হ’ল, সঁচা, — আছে কিন্তু বাকী
জীৱনত, দয়াময়! পৰীক্ষা মহত
ই মানৱ জনমৰ; কৰ্ম্মক্ষেত্ৰৰূপী
এয়ে পৰীক্ষাৰ ঠাই মৰ জগতত।
দয়া কৰি পৰীক্ষাত উদ্ধাৰিবা, নাথ!—
নিমাখিত অতি মই, কৰোঁ প্ৰণিপাত॥

“মালচ” (অপ্ৰকাশিত )

[ DEDICATION ]

DEDICATION.

THIS
LITTLE POETICAL VOLUME
CONTAINING
THE ROMANTIC STORY OF THE HEROIC DEEDS
OF AN
AHOM LADY
IS
MOST RESPECTFULLY DEDICATED
To
The Hon'ble Lt. Col. P.R.T. Gurdon, C.S.I.; I.A;
FORMERLY, OFFG. CHIEF COMMISSIONER OF ASSAM.
AND NOW, THE COMMISSIONER,
ASSAM VALLEY DIVISION
AS
AN HUMBLE TRIBUTE OF LOVE AND GRATITUDE
FROM
THE MEMBERS OF THE AHOM COMMUNITY
FOR
HIS LOVE AND SYMPATHY
AND
NEVER FAILING INTEREST

IN THEIR WELFARE. The 17th May 1915.

[ DEDICATION ] under the command of Koncheng Bor-patro Gohain, is defeated the Muhammadans near the Bhorolee River. Mr. Gait says, "that a number of elephants and horses on the Musalman side got bogged in a morass, and their line of battle was thus thrown into confusion. A Turbak tried to save the day by leading a cavalry charge in person, but invain." Koncheng Bor patro Gohain severed his head with his own sword,-though, there are conflict of opinions as to the manner of his death, e.g., Mr. Gait says that he was transfixed by a spear, while, according to another version, he was treacherously stabbed by an assassin, sent by the Ahom King. The death of Turbak, however, turned the tide of the battle and threw the Muhammadan soldiers into disorder; and the Ahoms followed hard on them as far as the Korotuya River,— where (the history says) Koncheng Bor patro Gohain had a temple erected and a tank excavated as a sign of the victory in this battle and also to commemorate the name of that illustrious lady. It may be that the course of time has thrown this tank and the temple into obelivion, which (as the poet sings,—

“—like the baseless fabric of this vision,
"The cloud capp'd towers, the gorgeous palaces,
"The solemn temples, the great globe itself,
"Yea, all which it inherit, shall dissolve,
"And, like this insubstantial pageant faded,
"Leave not a rack behind.⸺")*
  *The Tempest Act IV, Scene I.

[ DEDICATION ] is the common lot of many things on earth but the

memory of the heroic deeds of Moola Gabhoroo, which she displayed for the sake of her country and at the cost of her own life, is yet fresh in the minds of all Assamese, and it, surely fears no erasure.

 Our mother country, although very poor, is yet rich with many historical episodes of this nature, of which the whole Assamese Race-can justly take pride. The Author will deem his labour amply rewarded, if this little book of his be successful in inducing our young and abler writers to take up these subjects and bring them to light from the womb of obscurity.

  Although the subject of this poem is purely a historical fact, slight deviations have been made at some points, in order that it may suit the convenience of the author who, on his part, prays that the generous readers will excuse him for such deviations.

 Most writers of the present age hold that the use of the simplest words of our language is of universal acceptance. The author also holds the same view. —but, in some cases, especially in writing poems in epic form and having regard also to the nature of the plots, neglect of such a strict observance of the rule becomes necessary. Moreover, in the opinion of the author, our mother language will get poorer in time, if we leave out of use in places where it seems fit to use, the words of Sanskrit derivation. Under the impression, [ DEDICATION ] the author has used in this present work of his, some such words of Sanskrit origin, although, however, he is not quite confident as to how far his view is correct.

 Before concluding the forewords of his, the author deems it proper to mention that his young friend Srijut. Poornananda Sharmah pathak B. L. of the Local Bar, kindly went through the book, while in manuscript,and made many valuable suggestions, but for which the book would not have attained the shape in which it is at present, and for which act of his, the author will remain ever thankful. His name will remin ever associated with the book, as long as it will be remem-bered in the field of Assamese literature.

Bhodoree-Bor-Boruah-Road
Jorhat
The 14th May 1915.
H. Bor-Boruah.
 

[ ১১ ]

পাঠক সকললৈ।


ভাঙ্গি চূৰমাৰ হোৱা
হিয়াখনি পুনু ধৰি,
পৰ্ববতৰ শিল আনি
 গাঁথিলো পুনৰ।
নতুন গাঁথনি গাঁথি
ভঙ্গাহিয়া পুনু গঢ়ি
গাঁথিলো ই মালাধাৰি
 অতি আদৰৰ॥


বীৰাঙ্গনা বীৰকন্যা
আহোম ৰমণী মূলা
হ’বনে,—পাঠক! জানো
 হ’ব চেনেহৰ?
কৰিবা কি তুমি, হায়!
চেনেহ মূলাকো আজি
লেখা বুলি দুৰ্ভগাৰ,
দীন হিতেশৰ?

[ ১২ ]


দুৰ্ভগা হিতেশ, হায়!
সম্বল চকুলো তাৰ,
চকুলো বিহীন কিন্তু
 দেখি ই গাঁথনি,—
নকৰিবা অবিশ্বাস,
ল’বা কৰি সমাদৰ,
হিতেশে বান্ধিছে আজি
লো—ৰে হিয়াখনি॥

8


হিতেশৰ হিয়া আজি
নহয় ফুলেৰে গঢ়া,
হিতেশৰ হিয়া আজি
 নহয় ফুলৰ!
হিতেশৰ হিয়া আজি
কঠিন শিলেৰে বন্ধা,
শিলাময় হিয়া আজি
অভেদ্য বজ্ৰৰ॥

হিতেশ।

[ ১৩ ]

প্ৰস্তাৱনা।

 ইং ১৫২৮ চনৰ পৰা ১৫৩২ চনলৈকে এই কেই বছৰৰ ভিতৰতে মুছলমানবিলাকে দুবাৰ ( ৫ম আৰু ৬ষ্ঠ বাৰ ) আসাম দেশ আক্ৰমণ কৰেহি। নবাব খছল খাঁ-ই তুৰ্ব্বক নামেৰে এজন পাঠানক সেনাপতি কৰি পঠিয়াইছিল। এই সময়ত আহোম সিংহাসনত চুহুম্মুঙ্গ ( হিন্দুমতে স্বৰ্গনাৰায়ণ ) স্বৰ্গদেৱে ৰাজত্ব কৰে।

 প্ৰথমতে আহোম ৰজাৰ সেনাৰেসৈতে কলীয়াবৰত এখন যুদ্ধ হয়। এই যুদ্ধত আহোমৰ ফলীয়া খুন্লুঙ্গ খামপেঙ্গ বুঢ়াগোহাঁই ডাঙ্গৰীয়াকে আদি কৰি ৭ জন প্ৰধান সেনাপতিয়ে মুছলমানৰ হাতত প্ৰাণ হেৰুৱায়। তাৰ পাছত, চাও ফ্ৰাচেঙ্গমুঙ্গ বৰগোহাঁই ডাঙ্গৰীয়া সেনাপতিৰূপে যুদ্ধলৈ যায়। তেওঁক মুছলমানবিলাকে কেনেকৈ হত্যা কৰিলে, এই কাব্য খনিত যথাৱত বৰ্ণনা কৰা হৈছে।

 মূলা গাভৰু চাওফ্ৰাচেঙ্গমুঙ্গ বৰগোহাঁই ডাঙ্গৰীয়াৰ প্ৰিয়তমা পত্নী। মূলা বীৰাঙ্গনা,— পতিবৈৰী তুৰ্ব্বকক প্ৰতিশোধ দিবলৈ,—আৰু [ ১৬ ] স্বদেশৰ নিমিত্তে প্ৰাণ উৎসৰ্গ কৰি,—কেনেকৈ অসীম সাহসেৰে যুদ্ধ কৰি তাজু আৰু বঙ্গাল সেনাপতিক দুইমুনি শিলাৰ যুদ্ধত হত্য৷ কৰিলে, — আৰু অৱশেষত সেই যুদ্ধক্ষেত্ৰতে নিজেও কেনেকৈ প্ৰাণত্যাগ কৰিলে, সেইবিলাক এই কাব্যখনিত যথাসাধ্য বৰ্ণনা কৰিবলৈ চেষ্ট৷ কৰা গৈছে; কাজেই, সেইবিলাকৰ আৰু এই খিনিত পুনৰুক্তি কৰা নহ'ল।

 মূলা গাভৰু ৰণত পৰিলত, কন্‌চেঙ্গ বৰপাত্ৰ ডাঙ্গৰীয়৷ সেনাপতি হৈ, লগত ভালেমান আহোমৰ তেজী সেনা লৈ, তুৰ্ব্বকৰে সৈতে ৰণ দিবলৈ গ'ল। দিকৰাই মুখতে দুয়োদলৰ দেখাদেখি হ’ল,—আৰু তাতে দুয়োদলৰ ঘোৰতৰ ৰণ লাগিল। এইখন ৰণকে, আসামৰ ইতিহাসত “দিকৰাই মুখৰ ৰণ” বোলে। এই যুদ্ধত মুছলমানবিলাকৰ পৰাজয় হয়। কন্‌চেঙ্গ ডাঙ্গৰীয়াৰ বিক্ৰমত মুছলমানবিলাকে তিষ্ঠিব নোৱাৰি,ফিৰিঙ্গতি ওফৰা দি উফৰি পলাবলৈ ধৰিলে; আৰু ডাঙ্গৰীয়াই নিজৰ হাতৰ হেঙ্গদানেৰে তুৰ্ব্বকক কাটি দু-ডোখৰ কৰি, অৱশেষত মুছলমান- বিলাকক কৰতোৱ৷ নৈৰ পাৰ কৰি খেদি থ'লেগৈ। [ ১৭ ] মিঃ গেইট্ (Mr. Gait) চাহাবৰ মতে, এই যুদ্ধত মুছলমানবিলাকৰ ২৮টা হাতী, ৪৫০টা ঘোৰ৷, ভালেমান বন্দুক, বহুত ধন সোণ আৰু ভালেখিনি যুদ্ধৰ আহিল৷-পাতি আহোমবিলাকৰ হস্তগত হয়।

 এই যুদ্ধৰ অনেক পূৰ্ব্বেই যদিও আহোমবিলাকে খাৰবাৰুদৰ আবিষ্কাৰ কৰিছিল[১] তেওঁলোকে কিন্তু এই যুদ্ধতেইহে প্ৰথম বন্দুক ব্যৱহাৰ কৰে।

 এই যুদ্ধতেই হুচেন খাঁ নামেৰে এজন মুছলমান সেনাপতিয়েও কনচেঙ্গ বৰপাত্ৰ ডাঙ্গৰীয়াৰ হাতত প্ৰাণ হেৰুৱায়, আৰু প্ৰায় এহেজাৰমান পাঠান সেনা আহোমৰ হাতত বন্দী হয়। বন্দী [ ১৮ ] কৰি অনা পাঠানবিলাকক পোণ প্ৰথমে ৰজাৰ হাতী ঘাঁহী পতা হয়। সিহতে, সম্ভৱতঃ আজল-মঠালি কৰি, হাতীৰ নেগুৰৰ ফালৰ পৰা ঘাঁহ গুজিবলৈ ধৰে। পাছে, হাতীৰ কাম নাজানে বুলি ঘাঁহীৰ কামৰ পৰা নি, সিহঁতক ৰজাৰ খাতত খেতি কৰিবলৈ দিয়া হয়। তাতো, ইহঁতে নিলগৰ পৰা বোকা আনি, কঠিয়াৰ গুৰিত দি এবছৰ খেতি কৰে। সেই বছৰৰ ভিতৰত সিহঁতে কৰা খেতিত ছশ পুৰা মাথোন ধান পালে। সেই বুলিয়েই আসামত আজিও নশ মৰীয়াৰ খেতিত ছশ পুৰা ধান পোৱাৰ প্ৰবাদ চলিত আছে। অৱশেষত অকামিলা যেন দেখি ৰজাই সিহঁতক এৰি দিলে। ইহঁতে পাছলৈ পিতলৰ লোটা, কলহ, আদি সাজি ভাত মোকলাবলৈ ধৰিলে। সিহঁতৰ পো-নাতি বিলাককেই আজি কালি ‘মৰীয়৷’ বোলে।[২]

 বুৰঞ্জীত কয়,—যে এই যুদ্ধজয়ী হোৱাৰ স্মৃতি [ ১৯ ] স্বৰূপে কন্‌চেঙ্গ ডাঙ্গৰীয়াহঁ কৰতোৱা নৈৰ দাঁতিত পুখুৰি আৰু দৌল কৰাইছিল। কালৰ সোঁতত পৰি, সেই পুখুৰি আৰু দৌল হয়তো বিলুপ্ত হৈ গৈছে, তেনেকুৱা পুখুৰি আৰু দৌল হয়তো কালৰ গতিত কত বিলুপ্ত হ’ব,-

“সৌৱা যে দুৰত দেখা পৰ্ব্বতৰ চূড়া
“শিলেৰে বন্ধোৱা ঘৰ, দেৱৰ মন্দিৰ
“কিম্বা ৰাজ-নিকেতন উন্নত শৰীৰ
“( কি সুন্দৰ ৰত্নময় ) চূৰ্ণ হ’ব সবে।
“এই যে পৃথিবী, * *! বাসুকী-শিৰত
“পৰ্ব্বত, সাগৰ, পুষ্প, তৰুলতা আদি
“সকলোটি হ’ব ধ্বংস নাথাকিব চিন॥”

 এই অনিত্য জগতত অনেক ধ্বংস পাইছে,—আৰু অনেক ধ্বংস পাবও। কিন্তু কৰ্ম্মক্ষেত্ৰৰূপী এই বিশাল বিশ্বত মূলা গাভৰুৱে যি কৰ্ম্ম কৰি গৈছে, তাৰ কীৰ্ত্তি জগতত চিৰস্থায়ী, —তাৰ ধ্বংস নাই। আসামবাসীৰ মনত সেই যুদ্ধৰ স্মৃতি আৰু মূলাগাভৰুৰ বীৰত্বক৷হিনী আজিও জাগৰিত আছে,—আৰু চিৰকাললৈ থাকিব। [ ২০ ] এই খিনিতে পাঠক পাঠিকা সকলক আৰু এটি কথা জনাই থ'ব লগা হ'ল। এই পুথিখনি কলিকাতাত ছপা হৈ থাকোতেই, ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হোৱা “আলোচনী” নামেৰে মাহেকীয়া কাকত খনিৰ, ৫ম বছৰৰ ৯ম সংখ্যাত “বুদ্ধিমতী আহোম কন্যা” শীৰ্ষক এটি প্ৰৱন্ধ বাহিৰ হয় প্ৰৱন্ধটিৰ সাৰাংশ এই :—চুহুম্মুংবা দিহিঙ্গীয়৷ ৰজাৰ দিনত আহোম ৰজাৰ বলবীৰ্য্য, আৰু বিশেষকৈ, প্ৰথমতে বুদ্ধি পৰীক্ষ৷ কৰিবৰ অভিপ্ৰায়েৰে বঙ্গদেশৰ নবাব খছল খাঁই একে গঢ়ৰ আৰু একে বৰণৰ, একে সাজপাৰ পিন্ধা দুজনী তিৰুতা, দুজনী ঘোৰা, দুজনী মাছ, আগগুৰি চিন নথকা এখন বাঁহৰ ধনু, আৰু এখন চিঠি দি আহোম ৰজাৰ ওছৰলৈ এটা কটকী পঠায়। চিঠি খনত নবাবে লিখি পঠাইছিল যে ৰজাই তিৰুতা দুজনীৰ বেটী ঘৈনী, ঘোৰা দুজনীৰ মাক জীয়েক চিন ধৰি দিব লাগে, মাছ দুটাৰ কোনটে৷ বিলৰ কোনটো খাৱৈৰ বাছি দিব লাগে, – ধনুখনৰ আগগুৰি স্থিৰ কৰিব লাগে। [ ২১ ] ইয়াকে নোৱাৰিলে, ৰজাই নবাবক বছৰি কোনো এটা নিৰ্দ্ধাৰিত হিচাবে কৰ শোধাব লাগিব।ৰজাই পৰীক্ষাৰ সজুলি দেখি আচৰিত হ'ল। অনেক পৰিষত্ন কৰিও নিজে যে একো থিৰাং কৰিব নোৱাৰিলেই, পাত্ৰমন্ত্ৰীবিলাকেসৈতে অনেক পৰামৰ্শ কৰাতো একো স্থিৰ নহ'ল। শেহত স্বৰ্গদেৱৰ অতি বিচক্ষণ আৰু বুধিয়ক মন্ত্ৰী ফ্ৰাচেংমুঙ্গ বা সুন্দৰ গোহাঁইৰ (?) ৰূপৱৰ্তী জীয়েক কাঞ্চন আইদেৱে *[৩] সেই সমস্যাটি পূৰণ কৰে।

 আইদেৱে প্ৰথমতে তিৰুতা দুজনীক বোকা-বাটেদি যাবলৈ দিলে, — বেটী জনীয়ে কাপোৰকানি কোচাই লৈ নিঃসঙ্কোচ মনেৰে বোকাৰ ওপৰে যাবলৈ ধৰিলে, – আৰু যি জনী প্ৰকৃত ঘৈনী তাই কানি কপোৰ নাদাঙ্গি ধীৰে ধীৰে বোকাবাটে খোজ ল'লে। সেই দুটা বিশেষত্বৰ পৰাই আইদেৱে কোনজনী বেটী আৰু কোনজনী ঘৈনী, ততালিকে স্থিৰ কৰিলে। [ ২২ ] ঘোৰা দুজনী দুট৷ ঘোৰাচোৱাক দি চেকুৰাই অনালে। পশুৰ স্বাভাবিক মনোবৃত্তিৰ উদগনিত জীয়েকে তৎক্ষণাত মাকৰ ওহাৰলৈ মুখ মেলিলে। তাৰ পৰাই আইদেৱে ঘোৰা দুজনীৰ মাক জীয়েক স্পষ্টকৈ চিনি পালে। মাছ দুটা দুটা বেলেগ পাত্ৰত তপত পানীত পেলাই থ'লে,—কিছু সময়ৰ পাছত দেখিলে এটা পাত্ৰৰ পানী নিৰ্ম্মল,—আনটোৰ কিছু মলিন। গতিকে তাৰ পৰাই স্থিৰ কৰিলে,যে মলিন পানীৰ পাত্ৰত থকাটোৱেই খাৱৈৰ আৰু আনটো বিলৰ। ধনুখন পানীত পেলাই দিলে,—দেখিলে, যিমূৰে গুৰি সেই মূৰ বেছি গধূৰ হোৱাত আগৈয়ে বুৰ গ'ল। এই দৰে এটা এটাকৈ কেউটা বস্তু পৰীক্ষ৷ কৰি বুদ্ধিমতী কাঞ্চন আইদেও সুন্দৰৰূপে কৃতকাৰ্য্য হ'ল।

 আইদেওৰ কাৰ্য্যকলাপ আৰু বুদ্ধিৰ প্ৰখৰতা নবাবৰ কাণত পৰিলগৈ। কাঞ্চন আইদেওক লাভ কৰি নিজৰ বাসনা তৃপ্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞহৈ, ইং ১৫২৭ চনত তুৰ্ব্বক সেনাপতিক আসাম জয় কৰিবলৈ পঠায়। এই যুদ্ধলৈ বৃদ্ধ মন্ত্ৰী সুন্দৰ [ ২৩ ] গোহাঁয়ো যায়,—আৰু তেওঁ যুদ্ধতেই মৰা পৰে। তাৰ পাছত এক সন্ধিৰ স্থিৰ হয়। এই সন্ধিৰ প্ৰস্তাৱমতে, কাঞ্চন আইদেওক নবাবলৈ সালঙ্কৃতাকৈ বিয়া দিম বুলি প্ৰতিজ্ঞা কৰাত, তুৰ্ব্বক সসৈন্যে দেশলৈ উলটি যায়।

 ৰজা কিন্তু এই সন্ধিত সম্পূৰ্ণ অমত হ'ল,—আৰু কাঞ্চন আইদেওক নবাবলৈ দিবলৈ অস্বীকাৰ কৰিলে। নবাবে লাজ পাই, পুনৰ যুদ্ধ ঘোষণা কৰিলে ( এয়েই মুছলমানৰ ৬ষ্ঠ আক্ৰমণ )।এই যুদ্ধত কাঞ্চন আইদেও আৰু তেওঁৰ মাক ( সুন্দৰ গোহাঁইৰ বিধৱা গাভৰু ) দুয়ো গৰাকীয়ে মুছলমানৰ লগত যুদ্ধ কৰে। কাঞ্চন আইদেওৰ মাক যুদ্ধতেই মৰা যায়,—কাঞ্চন আইদেওক মুছলমানবিলাকে বন্দী কৰে। পাছত কনচেঙ্গ বৰপাত্ৰ ডাঙ্গৰীয়াই নিজ হাতেৰে তুৰ্ব্বকক বধ কৰাত বাকী মুছলমান সেনাবিলাকে কাঞ্চনক লৈ নিজৰ দেশৰ ফালে ব্ৰহ্মপুত্ৰইদি নাও মেলি পলাবলৈ ধৰিলে; সিহঁতে ভাবিছিলে—কাঞ্চনক নি নবাবক দিবগৈ,—কিন্তু সিহঁতৰ আশ৷ ফলবতী নহ'ল। যাওঁতে যাওঁতে [ ২৬ ] নাৱৰ পৰা জাপদি পৰি ব্ৰহ্মপুত্ৰৰ গৰ্ভত কাঞ্চন আইদেও অদৃশ্য হ'ল।

 কাঞ্চন আইদেওৰ আহোম নাম “খাম্ পট-গাভৰু”,-—তেওঁ যি অসাধাৰণ বুদ্ধি আৰু বীৰত্বৰ চিন দেখুৱাই গ’ল, তাৰ গুণতে আজিও তেওঁৰ নাম প্ৰাচীন আহোম পুৰোহিত দেওধাই মোহন আদিৰ মাজত জ্বলি আছে,— আজিও তেওঁৰ অমৰ আত্মাই আহোম “শুবেচনী” অৰ্থাৎ *[৪] শক্তি উপাসনাত সেই সকলৰ পৰা এখনি শৰাই আৰু এভাগি পূজা পাইছে।

 এয়েই হ’ল “বুদ্ধিমতী আহোম কন্যা।” প্ৰৱন্ধৰ সাৰাংশ প্ৰৱন্ধটি পঢ়ি, আমাৰ পাঠকসকলৰ মনত অৱশ্যে এনেকুৱা ধাৰণা হ'ব, (১) যে ফ্ৰাচেংমুঙ্গ বৰ-গোহাঁই আৰু সুন্দৰ গোহাঁই একেজনা মানুহেই,—(২) সুন্দৰ গোহাঁই তুৰ্ব্বকৰ যুদ্ধত (মুছলমানৰ ৫ম [ ২৭ ] আক্ৰমণত ) মৰা পৰে, আৰু (৩) কাঞ্চন আইদেও আমাৰ মূলা-গাভৰুৰ আপোন সন্তান, আৰু মাকে সৈতে তেওঁ তুৰ্ব্বকৰ লগত যুদ্ধ কৰিছিল।

 পুৰণি সাঁচি পতীয়া আৰু আজি কালিৰ ছাপা হোৱা যি দুখন চাৰিখন বুৰঞ্জী আমাৰ হাতত পৰিছে,তাৰ পৰ৷ বুজিব পাৰিছোঁ, যে সুন্দৰ গোহাঁই তন্-খাম্ বৰগোহাঁই ডাঙ্গৰীয়াৰ ভতিজাক। তেওঁৰ আচল নাম আপচু গোহাঁই। ইংৰাজী ১৫৬২ চনত খোৰাৰজা স্বৰ্গদেৱৰ দিনত কোচানৰ নৰনাৰায়ণ ৰজাৰ ভায়েক শুক্লধ্বজ বা চিলাৰায়ে আসাম আক্ৰমণ কৰে। যুদ্ধত তিষ্ঠিব নোৱাৰি খোৰাৰজা পৰ্ব্বতলৈ পলাই যায়। তাৰ পাছত এক সন্ধিৰ প্ৰস্তাব হয়। সেই সন্ধিৰ স্বত্বমতে চিলাৰায়ে ৰজাৰ পুতেক আকুত্যাং, ভায়েক চুগম কোঁৱৰ, বুৰা গোহাঁইৰ পুতেক ত্যাওত্যিত্, – বৰগোহাঁইৰ পুতেক ত্যাওপেত্, – আৰু ভতিজাক আপচু গোহাঁই, এই কেইজনকে মুখ্য কৰি, সকলো পাত্ৰমন্ত্ৰীৰ ঘৰৰে ল'ৰা একোটা লৈ, নিজ দেশলৈ গুছি যায়। আপচু গোহাঁই দেখিবলৈ বৰ সুন্দৰ [ ২৮ ] আছিলে, সেই দেখি কোচানত সকলো মানুহে তেওঁক সুন্দৰ গোহাঁই বুলিছিল। [৫] ৰূপত যেনে, তেওঁ গুণতো তেনে আছিলে। তেওঁৰ গুণত চিলাৰাই ইমান মুগ্ধ হৈছিলে যে তেওঁক চিলাৰায়ে তোলনীয়া পো বুলি লৈছিল।

 এদিন কোচানৰ নৰনাৰায়ণ ৰজাই সুন্দৰ গোহাঁইৰ লগত পাশা খেলিছিল। নৰনাৰায়ণ ৰজাই সুন্দৰ গোহাঁইক কলে, – “যদি তুমি ২০ ঢাল জিকিব পাৰা, তেনেহলে “তোমাৰ দেশৰ অনা মানুহ খিনিয়ে সৈতে তোমাক দেশলৈ “যাবলৈ এৰিদিম।” সুন্দৰ গোহাঁই ১৯ ঢাল জিকিল,-পাছৰ ঢালৰ যোৰ দহত লাগিল। ৰজাই বোলে এই যোৰ দহ ঢালিব পাৰিলে, মোৰ দেশৰো যি যি মানুহ যায়, সিহঁতকো এৰিদিম।” সুন্দৰ গোহাঁয়ে একে যোৰ দহে গ'ল বুলি বিমুখে যোৰ দহ ঢালি পাশা জিকিলে [৬]। কোৱামতেই নৰনাৰায়ণ [ ২৯ ] ৰজায়ো আমাৰ ৰজালৈ বুলি তেওঁৰ গজসিংহীকা জীয়েকক লগত দি আমাৰ দেশৰ নিয়া সকলোখিনি মানুহে সৈতে সুন্দৰ গোহাঁইক দেশলৈ বিদায় দিলে। তেওঁৰ লগত তাৰ পৰাও তাঁতি, সোনাৰী আৰু ভালেমান বৃত্তিয়াল মানুহ আহিছিল। প্ৰথমতে সিহঁতক নামডাঙ্গত পাতে; তাৰ পাছত লাহে লাহে সেইবিলাক মানুহ আসামৰ নানা ঠাইত বসতি কৰেগৈ।

 সুন্দৰ গোহাঁইৰ মুখে কোচানৰ ৰজাই নিজ নামেৰে হিন্দু আখৰুৱা মোহৰ মৰা শুনি, আমাৰ চুচেঙ্গফা (বা বুদ্ধিস্বৰ্গনাৰায়ণ) ৰজায়ো হিন্দু পণ্ডিত সকলেৰে মীমাংসা কৰি, যোগিনী তন্ত্ৰৰ

“অষ্ট কোণঞ্চ সৌমাৰং যত্ৰ দিক্কৰবাসিনী।
“তস্মিন্বিশন্তি যে লোকা জ্ঞানাদজ্ঞানতোঽপিবা॥
“তেঽপি দেব্যাঃ প্ৰসাদেন সিদ্ধিং গচ্ছন্তি নান্যথা।”

 এই শ্লোক অনুসৰি “স্বৰ্গনাৰায়ণ” নামেৰে আঠ চুকীয়া সোণৰ আৰু ৰূপৰ মোহৰ মৰায়। আসাম ৰজাৰ এয়েই প্ৰথম মোহৰ।

 সুন্দৰ গোহাঁয়ে দেশত আহি বিয়া কৰায়হি। [ ৩২ ] তেওঁৰ প্ৰিয়তমা পত্নীক প্ৰাচীন বুৰঞ্জীবিলাকত খাঁৰৰ জীয়েক বুলি উল্লেখ কৰিছে। সুন্দৰ গোহাঁইৰ ঔৰসত খাঁৰৰ জীয়েকৰ গৰ্ভত তিনটি সন্তান হয়, দুটি ল'ৰা (আঁখেক আৰু কেৰাঁ গোহাঁই ) আৰু এটি ছোৱালী; এই ছোৱালীটিৰ নামেই কাঁচন-মালা আইদেও (যাক প্ৰৱন্ধ লিখকে কাঞ্চন আইদেও বুলিছে )।

 ইং অনুমান ১৬১২।১৩ চনত (মিঃ গেইটৰ মতে, ইং ১৬০৬৷৭ চনত ) আমাৰ ৰজাৰে কছাৰী ৰজাৰ এখন ৰণ হয়। এই ৰণলৈ কপিলী নইৰ বাটেদি খামচিং বৰ গোহাঁই আৰু অভয় ৰাম সলাল গোহাঁয়েসৈতে সুন্দৰ গোহাঁৱে ৰণলৈ গই, সাত-গাৱত কোঠ দি থাকেগৈ।[৭]

 “সেই বেলা ভাণ্ডাৰী গোহাঁঞীয়ে বিশ্বাসকৈ মানুহ পঠাই সোন্দৰ গোহাঁঞীলৈ কৈ পঠালে,-বোলে তেওঁহে আছে ৰণক সমুখে, এখেত ৰজাই খাঁৰৰ জীয়েক সহিতে লেনা দেনা বাঢ়িছে, চাঙ্গলৈ আনিবলৈ হৈছে,, নিশ্চয় কথা। সোন্দৰ গোহাঞীয়ে [ ৩৩ ] শুনি মনত দুখকৈ অসন্তোষ কৰি আছিল। সেই বেলা বৰ গোহাঁঞীয়ে সোন্দৰ গোহাঁঞীলৈ কৈ পঠালে, কছাৰী ৰজ৷ চৈধ্য দিনলৈ দিন ললে—তাতকৈ দেখোঁ দিন বাঢ়িল, কথা দেখোঁ বিড়ম্বনা দেখোঁ। আকে চাই সাষ্টম হ'ব লাগে। পাছে সোন্দৰ গোহাঁঞীয়ে বৰ গোহাঁঞীলৈ বুলি গল,আপুনি গোহাঁঞীয়ে সাষ্টম হ’ক, —–— মই যি সাস্টম হ'লো ৱেইহে তিৰী ভাৰ্য্যাক ৰাখিবৰ নিমিত্তেহে দেহপ্ৰাণ উসৰ্গি মহাৰাজাৰ কাৰ্য্য কাম কৰা যায়,—তিৰী ভাৰ্য্যা ৰাখিব নোৱাৰিলে ইয়াত কি কাম? মই চাৰি কড়া দি মাটী ইয়াতেহে কিনিলো—গোহাঁঞীয়ে মাত্ৰ সাষ্টম হ’ক, — গৰ্গাৱলৈ ফিৰি মুখ,নকৰোঁ। সোন্দৰ গে৷হাঁঞী অস৷ৱধান হ'বৰ জানি কছাৰীবোৰে হিলৈৰ মুখত পানী বাকিলে। এনে সময়তে ৰাতি ভীমবলকুমৰে দুই হাতিৰে কছাৰি সহিতে দুয়োজনাৰ কোঠ বেৰি ধৰিলে। “শত্ৰুমৰ্দ্দন” হাতীয়ে বৰ গোহাঁঞীৰ কোঠৰ গড় ভাঙ্গিলে,—সেই পোণে কছাৰী সোমাব ধৰিলে,—“পমনা” সোন্দৰ গোহাঁঞীৰ গঢ় ভাঙ্গিলে।সেই [ ৩৪ ] পোণে কছাৰী সোমাব ধৰিলে। পাছে আমাৰ লোকে হিলৈত জুই দিয়ে, — পাছে জুই নালাগে,—আমাৰ লোক বেবুৱা লাগিল। পাছে কছাৰীয়ে যাকে য’তে পালে কাটিব’ ধৰিলে। আমাৰ লোক জন যেয়ে যেই পোণে পাই ভাগিব ধৰিলে। বৰ গোহাঁঞীক বৰছাৰে খোছ মাৰিলে, – সোন্দৰ গোহাঁঞীও তেওঁৰ তামুলী পৰীয়া পজাঁত সোমাই আছিল,—পাছে কছাৰীয়ে ধৰাই শেলেৰে খুছি মাৰিলে।”

 ওপৰত তুলি দিয়া কথাফাঁকি এখনি পুৰণি সাঁচি পতীয়া বুৰঞ্জীৰ পৰা, সেই সময়ৰ গদ্যৰচনাৰ নমুনা স্বৰূপে, পাঠকসকলে পঢ়ি চাবলৈ তুলি দিলো। ইয়াৰ পৰা পাঠকসকলে বেছকৈ বুজিব পাৰিছে যে সোন্দৰ গোহাঁই (বা সুন্দৰ গোহাঁই) এই যুদ্ধতেই (আহোম কছাৰীৰ ২য় খন যুদ্ধত ) মৰা পৰে। শ্ৰীযুত গেইট চাহাবেও এই মতকে সমৰ্থন কৰিছে। [৮] [ ৩৫ ]  এতিয়া পাঠকসকলে ভাবি চাব যে ইংৰাজী ১৫৬২/৬৩ চনত সুন্দৰ গোহাঁইক চিলাৰায়ে ধৰি নিয়ে,—তাৰ বছৰ ছেৰেকৰ পাছতেই তেওঁ মুক্তি পাই দেশলৈ ঘূৰি আহে। আহোম কছাৰীৰ যুদ্ধ হয় ( যি যুদ্ধত সুন্দৰ গোহাঁই মৰা পৰে ) অনুমান ইং ১৬১২।১৩ চনত, — ইয়াৰ প্ৰায় ৮০ বাছৰৰ পূৰ্ব্বেই ( ইং ১৫৩২ চনত ) চাওফ্ৰাচেঙ্গমূঙ্গ বৰগোহাঁই ডাঙ্গৰীয়া আৰু তেওঁৰ প্ৰিয়তমা পত্নী”—আহোমৰ আদৰ্শ বীৰৰমণী মূলা গাভৰুৰ তুৰ্ব্বকৰ যুদ্ধত মৃত্যু হয়। পাঠকসকলে বোধকৰো বেছকৈ বুজিব পাৰিছে যে সুন্দৰ গোহাঁয়ে চাওফ্ৰাচেঙ্গমুঙ্গ বৰ গোহাঁয়ে একে গৰাকি মানুহ কেতিয়াও হ’বই নোৱাৰে,—কাঞ্চন আইদেৱো মূল৷ গাভৰুৰ জীয়েক নহয়, — আৰু আইদেও তুৰ্ব্বকৰ যুদ্ধত আইতাকেসৈতে যুদ্ধলৈও যোৱ৷ নাই। কাঞ্চন আইদেওৰ ঘটনাটি যে প্ৰকৃততে বুৰঞ্জী মূলক সেইটো সংক্ষিপ্ত বুৰঞ্জী বিলাকত বাজে সকলো বুৰঞ্জীয়ে স্বীকাৰ কৰে বুলি আমি জানিবলৈ পাইছো,অৱশ্যে,— আমিও কৰিছো, —বুৰী আইৰ সাধু [ ৩৬ ] কথাৰ দৰে লৰা কালৰে পৰা আমাৰ পাঠক সকলেও শুনি আহিছে। কাঞ্চন আইদেও (বা খাম্ পাট-গাভৰু ) সুন্দৰ গোহাঁইৰ জীয়েক হয়,—কিন্তু চাওফ্ৰাচেংমুঙ্গ বৰ গোহাঁইৰ নহয়; সম্ভৱতঃ এই ঘটনা খোৰা ৰজাৰ দিনত, কিন্তু চুহুম্মুঙ্গ সৰ্গদেৱৰ দিনত ( মুছলমানৰ ৫ম বা ৬ষ্ঠ আক্ৰমণৰ সময়ত ) নহয়। আমাৰ বোধ হয়, বুদ্ধিমতী আহোম কন্যা প্ৰৱন্ধৰ লিখকে মৌখিক কথা বা অনুমানৰ ওপৰত নিৰ্ভৰ কৰি, চাওফ্ৰাচেংমুঙ্গ বৰ গোহাঁইকে সুন্দৰ গোহাঁইকে লগ লগাই কাঞ্চন আই দেওক তুৰ্ব্বকৰ যুদ্ধত হাজিৰ কৰিছে।

 শেহত কওঁ যে কৰ্ত্তব্যৰ অনুৰোধত পৰি আমি এই কথা কেই শাৰি লিখিলোঁ প্ৰৱন্ধ লিখকে যেন ইয়াক তেখেতৰ প্ৰৱন্ধৰ প্ৰতিবাদ বুলি নাভাবে। আমি ইয়াকেহে খাটিলোঁ। ইতি।

শ্ৰীহিতেশ্বৰ বৰ-বৰুৱ৷।

[ ৩৭ ]

যুদ্ধক্ষেত্ৰত আহোম ৰমণী

বা

মূলা গাভৰু।

প্ৰথম সৰ্গ।

 বজালে কি হ'ব বীণা আসাম-মৰুত?
জনশূন্য মৰুভূমি কেলই সঙ্গীত
ভগা ই বীণাৰ ধ্বনি? নতুবা আমাৰ
নাবাজে ই ভগা বীণা সুশ্ৰাব্য মধুৰ
( ছিন্ন তাঁৰ—কি বাজিব? ) নতুবা কি আমি
শক্তিহীন ক্ষুদ্ৰ প্ৰাণী নগণ্য মানৱ,
অতি ক্ষুদ্ৰ, ক্ষুদ্ৰকায়, কোন্ সাহসত

[ ৪০ ]

ধৰিম আকাশী জোন? ভগ্নপদ প্ৰাণী
কি কৰি লঙ্ঘিম গিৰি?—কি সাধ্য আমাৰ?
 আকাঙ্ক্ষা মনত কিন্তু, হে মাতৃ ভাৰতি!
ৰণ-বেশে সৈন্যে স’তে প্ৰবেশি যুদ্ধত,
চাম আজি ৰণ-ৰঙ্গ বীৰ ৰমণীৰ
যৱন সেনাৰে স’তে, কিন্তু লাগে খেদ
মূৰ্খ আমি, — পাম ক’ত যোগ্যৱান বেশ
তেনেকুৱা? হীনবেশে কি ৰূপে সোমাম
সমৰ ক্ষেত্ৰত, দেবি! যদি দয়া কৰি
নকৰা দাসক কৃপা? দৰিদ্ৰ-বৎসলা
জানো তুমি চিৰদিন,—পূৰ্ণ কৰাঁ আশা,
মনৰ কামনা, দেবি! দীন হিতেশৰ।
 আহাঁ, হে দুৰাশা! তুমি নিত্য সহচৰী
হিতেশৰ, — দিয়াঁ বল ভগ্ন হৃদয়ত;
ভগা বীণা পুনু আজি বাজোক উলাহে
(যদিওবা ভগ্নসুৰ ) কাৰোবা যদিও
নজনমে তৃপ্তি শুনি ই ঝঙ্কাৰধ্বনি।
 তুমিও আহাঁ,—হে দেবী কল্পনা! আমাৰ

[ ৪১ ]

প্ৰাণৰ আৰাধ্যা দেবী, জীৱন-সঙ্গিনী
হিতেশৰ,—আহাঁ, দেবি। কৃপা কৰাঁ আজি,—
তোমাৰ কৃপাত মুছি চকুলো চকুৰ
প্ৰিয়তমা-বিৰহৰ, বান্ধো আজি পুনু
ভগা ই বীণাৰ তাঁৰ; উঠক আকউ
সপ্তমত সুৰ তাৰ বীৰৰসে বাজি।
দয়া কৰাঁ, দয়াময়ি! হে কল্পনা! তুমি
দুৰ্ভগাক; গাওঁ আজি বীৰত্ব-কাহিনী
বীৰ ৰমণীৰ; সেই আহোম বংশৰ
মূলা নামে বীৰাঙ্গনা (আসাম-গৌৰৱ )
কৰিলে যি প্ৰাণত্যাগ সম্মুখ যুদ্ধত
তুৰবকে স’তে যুজি চামুণ্ডা-ৰূপিণী,
আক্ৰমোতে ষষ্ঠবাৰ যৱনে আসাম।
 দেবী তুমি ৰঙ্গময়ী, হে কল্পনা! তুমি
সহায় শঙ্কটে মোৰ, —শান্তি ভাগৰত
দীনহীন হিতেশৰ,—জ্যোতি এন্ধাৰত,—
স্বাধীন পক্ষীৰ ৰথ পক্ষৰূপী তুমি।
চিৰানন্দ হাস্যময়ী তুমি, হে কল্পনা!—

[ ৪২ ]

তুমি হে কবিৰ ধন, পথৰ সম্বল।
শ্ৰীহীন মলিন কবি, তযু ৰূপ জ্যোতি
নপৰে কাব্যত যদি; নধৰিলে বীণা
মোহকৰী, নিজে তুমি, আমি কি বজাম
(পাৰে কি বজাব ক’তো? ) প্ৰাৰ্থনা আমাৰ, –
ত্যজি নিজ সিংহাসন কুসুম-নিৰ্ম্মিত
লোৱাঁ তুলি বীণাখনি, খন্তেকৰ হেতু
আহা হিতেশৰে স’তে, বজোৱাঁ আনন্দে
সুমধুৰ বীণাধ্বনি বীৰৰসে মাতি।
 ৰজাৰ চ’ৰাৰ পৰ৷ সন্ধিয়া বেলিকা
আহিল ঘৰত চাও [৯] স্বোৱামী মূলাৰ,
মূলাৰ আৰাধ্য ধন; প্ৰাণৰ দেৱতা,
কিন্তু চিন্তাভৰা আজি,—শুধিলে মূলাই,—
“চিন্তাযুক্ত কিয়, নাথ? কি ভাবিছা তুমি
অন্তৰত? কিবা ভাব খেলিছে হিয়াত?

[ ৪৩ ]

পদ্মিনী যিৰূপে, নাথ! সন্ধিয়া বেলিকা
ৰবিক বিমৰ্ষ দেখি অস্ত-অচলত
নিজেও শোকত হয় বিষাদ মলিনা —
নতু,—কিম্বা যেনেকই বলিলে ধুমুহা
তৰুক-আলিঙ্গি-থকা মাধবী লতাই
তৰুস’তে হালেজালে,— হয় বিকম্পিত
প্ৰৱল ধুমুহা-বেগ সহিব নোৱাৰি,—
সিৰূপে ইদাসী, নাথ! অধিনী তোমাৰ
তোমাক চিন্তিত দেখি, হইছে ব্যাকুল।
কৰাঁ,—নাথ! চিন্তা দূৰ, কি ভাবিছা কোৱাঁ,—
কিয় তুমি চিন্তান্বিত? আহোমৰ সেনা
হ'লনে কি পৰাভূত যৱন-যুদ্ধত
বিপক্ষে সহিতে যুজি? যৱনে কি, নাথ!
হৰিলে সি মহাৰত্ন, স্বাধীনতা-ধন
আহোম ৰাজ্যৰ? নে,—কি ৰাহুৰূপে আজি
কৰিলে অকালে গ্ৰাস স্বাধীনতা-বেলি?
সিবুলি, কি তুমি, নাথ! চিন্তাগ্ৰস্ত আজি?”
 “কিয় অমঙ্গল চিন্তা—”বুলিলে চাওৱে

[ ৪৪ ]

“কৰা তুমি, প্ৰিয়তমা! চাওৰ পৰাণ!
হৃদয়ৰ অধীশ্বৰি? জনম তোমাৰ
যি কুলত, হায়! প্ৰিয়ে! শোভানে কি পায়
সি কুলত এনেকুৱ৷ নিৰাশাৰ কথা?
ভাবানে কি, প্ৰিয়ে! তুমি—থাকোতে দেহাত
দেৱবংশী বীৰবংশী আহোমৰ প্ৰাণ,
আসামৰ নিব কাঢ়ি স্বাধীনতা-ধন
বিদেশী যৱনে আহি? সুদক্ষ মালীয়ে
সজায় যিৰূপে, প্ৰিয়ে! সুৰম্য উদ্যান,
আনি নানাবিধ গছ, নানান ফুলৰ
নানান ঠাইৰ পৰ৷ অশেষ যতনে,
আমিও সিৰূপে, প্ৰিয়ে! সজালো ই দেশ
কত যত্ন কৰি, হায়! কত হেপাহেৰে
আনি নান৷ জাতি লোক নানান দেশৰ,--
দুৰ্গম অৰণ্য ভাঙ্গি পাতিলো নগৰ,
সজালো ই ৰাজপুৰী,— আজি নেকি, হায়!
হব সেই প্ৰিয় ভূমি ভোগ্য যৱনৰ?
পৰ ভোগ্য হেতু নে কি জন্মভূমি এৰি,

[ ৪৫ ]

আহি দূৰ-দূৰন্তত—দূৰ আসামত
পাতিলো সাম্ৰাজ্য খনি অত যতনেৰে
অত ক্লেশ সহি, প্ৰিয়ে? যাতলাগি আমি
আহোম সৰ্ব্বস্বত্যাগী, জন্মভূমি, ভাষা;
মাতৃভাষা ত্যাগ কৰি হ’লো পৰভাষী।
আহোমৰ সেই, প্ৰিয়ে আদৰৰ দেশ
প্ৰকৃতিৰ লীলাভূমি, সাম্ৰাজ্য আসাম
হ’ব ভোগ্য যৱনৰ?— থাকোতে পৰাণ
বীবংশী আহোমৰ দেহাৰ মাজত?”
 “সুখী হলো শুনি, নাথ!” বুলিলে গাভৰু[১০]
মূলা বীৰপত্নী, “কোন তিৰুতাৰ সুখ
নজনমে শুনি এনে বীৰোচিত কথা
আপোনাৰ স্বোৱামীৰ? কাৰ নুঠে নাচি

[ ৪৬ ]

হিয়া খনি, শুনি এনে উৎসাহৰ বাণী
আশা পূৰ্ণ? কিন্তু, হায়! কিন্তু তিৰী জাতি
গছক-আলিঙ্গি-থকা মাধবীৰ দৰে,
যদি লৰে গছজুপি, কঁপে অকস্মাতে
ধুমুহা আশঙ্কা কৰি, সেইৰূপে, নাথ!—
আশঙ্কিত ই অধীনী, বিমৰ্ষ তোমাক
দেখি এই দুৰ্দ্দিনত আজি অকম্মাতে।”
 “হওঁতেও হয়, প্ৰিয়ে! বিষাদিত আজি
মন প্ৰাণ মোৰ,”—চাৱে ক'লে ধীৰে ধীৰে
“কবলই লাগে শোক, নোলায় মুখত
কথা,হায়! প্ৰিয় সখা বীৰ খুন্‌লুঙ্গ [১১]
আহোম-ভাৰসা, আৰু নাই জগতত।
তুৰ্‌বকে স’তে যুজি অসীম সাহসে
অলেখ বিনাশ কৰি বিপক্ষৰ সেনা
ত্যজিলে পৰাণ বীৰ সমৰত কালি!

[ ৪৭ ]

নাজানো কি কুক্ষণত আহিল যৱন
এইবাৰ; নাজানো কি বলে বলী হই
আহিছে পাঠান সেনা, নিতে হয় জয়,
নিতে আহোমৰ হাৰ;—নিতে হয় হানী
আহোমৰ বীৰবৰ্গ! ৰাজ-আদেশত
সেনাপতি ৰূপে, প্ৰিয়ে! ময়ো কাইলই
যুদ্ধ দিবলই যাম যৱন-যুদ্ধত।
যদি ভাগ্য থাকে, প্ৰিয়ে! পুনু হ’ব দেখা
তোমাৰে সহিতে,—নতু, এই জীৱনত
এয়ে সেই শেষ দেখা ইহ জীৱনৰ!
নশ্বৰ জীৱন এৰি, যদি ভাগ্য আছে,
কপালত লেখা সেয়ে,–সন্মুখ যুদ্ধত
প্ৰাণ এৰি যাম তাত ( বিৰাজিছে য'ত
বীৰবৃন্দ আহোমৰ, স্বদেশৰ হেতু
ত্যজি প্ৰাণ অকালত যৱন যুদ্ধত;–
আৰু সখা খুন্‌লুঙ্গ-শৈশৱৰ মোৰ।)”
 “উত্তৰা বিৰাট-কন্যা” বুলিলে মূলাই
“যদিও কোমলপ্ৰাণা, ক্ষত্ৰীয়-কুমাৰী

[ ৫০ ]

বীৰপত্নী, বীৰ কন্যা, সুখিনী কি, নাথ!
নাই হোৱা শুনি? যৱে শুনিলে অভিক
( প্ৰাণৰ স্বামীক, আহা! ) কুৰুসমৰত,
অলেখ থাকোতে বীৰ, পাণ্ডৱ-পক্ষৰ
কতশত মহাবীৰ ভীম পৰাক্ৰমী
যুজিব’, কৌৰৱে স’তে, সেনাপতি ৰূপে
বৰণ কৰিছে ধৰ্ম্মবীৰ যুধিষ্ঠিৰে?
জানো,—নাথ! কান্দিছিলে, চকুৰ চকুলো
টুকিছিলে উত্তৰাই, অভিমন্যু যৱে
সেনাপতি ৰূপে সাজি সমৰত যায়
কৌৰৱৰ,—কিন্তু নাথ! নাই দিয়া নে কি
দেখা সেই চকুলোত হৰিষৰ চিনে?
তোমাৰ মূলাও, নাথ! ( যদিওবা, হায়!
কান্দে প্ৰাণ,—দুচকুত ওলায় চকুলো
অকস্মাতে ) শুনি এই বাৰ্ত্তা আনন্দৰ
কেনুৱা সুখিনী আজি, কি কই বৰ্ণাম?
আহোম ৰমণী, নাথ! বীৰৰ জীয়াৰী
বীৰৰ তিৰুতা আৰু প্ৰাণৰ অৰ্দ্ধাঙ্গী

[ ৫১ ]

স্বোৱামীৰ—স্বোৱামীক বীৰৰ সাজেৰে
দেখি যে কি জন্মে সুখ পত্নীৰ প্ৰাণত
আহোমৰ,—সেই সুখ নোৱাৰি বৰ্ণিব।
 “ধন্য বীৰ খুন্‌লুঙ্গ্! ধন্য শৈশবৰ
তোমাৰ প্ৰাণৰ সখা! দেশৰ নিমিত্তে,—
স্বাধীনতা ৰক্ষা হেতু যি কৰিলে ত্যাগ
ই অনিত্য প্ৰাণ,—নাথ! কি কাজ প্ৰাণত?—
নালাগে যি প্ৰাণ, হায়! দেশৰ কামত?
দেশৰ ই দুৰ্দ্দিনত, আসাম-আকাশ
ঘোৰ মেঘাচ্ছন্ন আজি!—শত্ৰু দুৱাৰত
ভীমৰূপী যৱনৰ অগণিত সেনা,—
এনুৱা কালত আজি বীৰৰূপে সাজি
যোৱাঁ, নাথ! সমৰত; বিপক্ষক খেদি
ৰাখাঁ আসামৰ ধন, স্বাধীনতা মণি।
আছে কি, হে নাথ! প্ৰাণ এনে ঘৃণনীয়
কাৰো এই জগতত, যি নুছৰ্গে সুখে
সেই প্ৰাণ স্বদেশৰ স্বাধীনতা হেতু?
যোৱাঁ,—নাথ! ৰণদেবী নৃ-মুণ্ডমালিনী

[ ৫২ ]

কৰিব তোমাক ৰক্ষা যৱন যুদ্ধত,
সেনানিক দিব বল, সাহস হিয়াত
বিজয় পতাকা, কীৰ্ত্তি আহোম-ভাগ্যত॥”
 “ধন্যবাদোঁ, প্ৰিয়তমা! সৌভাগ্য চাওৰ
( নহলে কি মিলে ভাগ্যে নিচিনা তোমাৰ
বীৰাঙ্গনা প্ৰাণপ্ৰিয়া জীৱন-সঙ্গিনী
কাৰো জীৱনত? ) তুমি যাৰ অৰ্দ্ধাঙ্গিনী
( শক্তিৰূপা মূৰ্ত্তিমতী ) তাৰ জীৱনত
কিবা পৰাজয়-ভয়? কি ভয় মৃত্যুত?
কি ভয় যুদ্ধত? কিম্বা বজ্ৰ-নিনাদত?
যি দিলা উৎসাহ আজি চাওৰ প্ৰাণত,
চাওৰ অন্তৰে আজি যি পালে সাহস,
তোমাৰ ই কথা শুনি,– আছে কি, প্ৰিয়সি!-
জগতত কোনো এনে, নুছৰ্গিব প্ৰাণ
স্বাধীনতা ৰক্ষা হেতু যিটে স্বদেশৰ?
যাম, প্ৰিয়ে! কাইলই সমৰ-ক্ষেত্ৰত
যৱনৰ,—প্ৰাণপণে কৰিম সমৰ, —
জিনিম বিপক্ষ, –কিম্বা নিজেই মৰিম

[ ৫৩ ]

শত্ৰুৰ হাতত,— নতু, নিজে বলি দিম
আপোনাৰ এই দেহা স্বদেশৰ হেতু।”
 “যাবা,—কিন্তু আছে এটি গোহাৰি দাসীৰ
তোমাৰ কাষত, নাথ!” বুলিলে মূলাই
স্বামী মুখলই চাই,— “ই দাসী মাধবী
লতা, তুমি তৰু, নাথ! তৰুৰ বিহনে
কিবা গতি মাধবীৰ? কি শোভা তৰুৰ?
তোমাৰ লগতে, নাথ! ময়ো সমৰত
( যৱন-যুদ্ধত ) যাম,—যদিও মাধবী
সামান্য লতিকা মাথোঁ,—তথাপি কি, হায়!
নিদিয়ে সামান্যো বাধা ধুমুহা বায়ুক,
কম্পমান কৰে যৱে উদ্যানৰ তৰু?”
 “মাধবী, প্ৰিয়সি! তুমি,” বুলিলে চাওৱে
চাও তমালৰ তৰু,— তুমি অৰ্দ্ধাঙ্গিনী,
সুখে দুখে সমভাগী, কি ঘৰে কি পৰে,
উৎসৱত, বিপদত। সমৰ-প্ৰাঙ্গণ
নোহে কিন্তু কাৰ্য্যক্ষেত্ৰ তিৰুতা জাতিৰ।
বিধিৰ নিৰ্ব্বন্ধ,— গৃহক্ষেত্ৰত,প্ৰিয়সি!

[ ৫৬ ]

নাৰীৰ কৰ্ত্তব্য যত,—অতিথি-সৎকাৰ
শাহু শহুৰৰ সেৱা,—শুশ্ৰূষা স্বামীক,
সন্তান পালন আদি;—কি কৰিবা গই
সমৰ-ক্ষেত্ৰত, প্ৰিয়ে? সমৰ-প্ৰাঙ্গণ
নহয় ফুলনি-বাৰী, মনোৰম ঠাই।
 সঁচা,—তুমি,—প্ৰিয়তমা! উৎসাহদায়িনী;
শতগুণে উৎসাহিত কৰিছে চাওক
তোমাৰ উৎসাহে আজি; কিন্তু সমৰত
দেখিলে তোমাৰ এই লাৱণ্য সুন্দৰ
মুখ-ছবি,—ভয় হয়, — জানো,—হয় চাও
নিৰুৎসাহ সমৰত,—জানো,—প্ৰিয়তমা!—
যুদ্ধত নিস্পৃহা জন্মে, মমতা প্ৰাণত,—
( জন্মে মৰণৰ ভয় ) তেন্তে, হে প্ৰিয়সি!
থাকিব দুৰ্যশ বৰ, হাঁহিব জগতে
ভীৰু কাপুৰুষ বুলি চাওক তোমাৰ।
জগত বিখ্যাত আমি, বীৰৰ সন্ততি
দেৱবংশী,—প্ৰাণপ্ৰিয়া! ডৰালে যমক
সমৰত, অপযশ ঘোষিব জগতে

[ ৫৭ ]

আহোমৰ, হাটে ঘাটে হ'লে সমাগম
জনতাৰ, কব লোকে দেশ বিদেশত,
হীনবল, বীৰ্যহীন আহোম-সন্তান!
কলুষিত ইতিহাস, টুকি চকুপানী
লিখিব লিখোঁতা,—মুখ কৰি তললই
পঢ়িব বিষণ্ণ মনে বুৰঞ্জী-পঢ়োঁতা
আহোমৰ অপযশ! ভীৰু যি, প্ৰিয়সি!
ডৰে সি মৃত্যুক মাথোঁ; ডৰে কি চন্দ্ৰমা
কৰিলে ৰাহুৱে গ্ৰাস? যদি প্ৰাণ যায়
সমৰত,—পাম সৰ্গ দুৰ্ল্লভ নৰৰ।
থাকাঁ, প্ৰিয়ে! নকৰিবা বিষাদ মনত
চাওৰ নিমিত্তে তুমি; তুমি বীৰপত্নী
কি ভয় তোমাৰ? মোৰ আশঙ্কা মনত,–
যদিও তিৰুতা সঁচা জীৱন-সঙ্গিনী,
নিত্য প্ৰিয় সহচৰী, সৰ্ব্বত্ৰে সহায়,
নোহে কিন্তু সমৰত, তপস্যা ধ্যানত।”
 “বুজা ভুল, প্ৰাণনাথ!” বুলিলে মূলাই
“সমৰত গলগ্ৰহ নহয় তিৰুতা

[ ৫৮ ]

পুৰুষৰ,—হায়!নাথ! সৰযূ-তীৰত
ভদ্ৰাক হৰোতে, যৱে যাদৱ-সেনাৰে
অৰ্জ্জুনৰ যুদ্ধ হয়, ভদ্ৰা সিকালত
গলগ্ৰহ নেকি? কিম্বা পাৰ্থৰ সহায়?
বিজুলী সঞ্চাৰে ৰথ নচলোৱা হ'লে
সিকালত সুভদ্ৰাই, নতু, ভদ্ৰাদেবী
নিদিলে হেতেন যদি সাহস পাৰ্থক,
কিবা গতি হ’ল হয় যুদ্ধত পাৰ্থৰ?
ভাঙ্গিব হৰৰ ধ্যান যৱে দেৱ সবে
পঠিয়ালে মন্মথক, সিকালত ৰতি
নথকা হেতেন, নাথ! সহচৰী ৰূপে
স্বোৱামীৰ, কিবা সাধ্য, যায় কামদেৱ
পুৰি ভস্ম হ’বলই, দেৱকাৰ্য্য লাগি,
হৰ-কোপ-অনলত, জ্বলন্ত অগ্নিত?”
চাও...“যি যি ক’লা, প্ৰিয়তমা! মিছাও নহয়,
কিন্তু মোৰ অনুৰোধ, সমৰ-ক্ষেত্ৰত
নালাগে, প্ৰিয়সি! যাব তুমি,—ৰণভূমি
অতি ভয়ঙ্কৰ ঠাই; পাবা বৰ ক্লেশ,—

[ ৫৯ ]

কোমল তিৰুতা জাতি,—নস’ব তোমাৰ
সমৰ—ক্ষেত্ৰৰ ক্লেশ।”
  বুলিলে মূলাই,—
“যদিও জগতে, নাথ! তিৰুতা জাতিক
কোমল পৰাণ ভাবে,—কিন্তু তিৰীজাতি
বহুৰূপা ( নানা মূৰ্ত্তি ) অনন্ত ৰূপিণীঃ—
ঘৰত তিৰুতা, নাথ! স্বামীৰ প্ৰিয়সী,
পতিব্ৰতা পতিৰতা,—স্বামী-সহচৰী
সন্তানৰ জন্মদাত্ৰী, মাতৃ স্নেহময়ী
( মূৰ্ত্তিমতী যেন স্নেহ ) কিন্তু সমৰত
দেখিবা সি তিৰুতাক নৃ-মুণ্ডমালিণী।
হিমালয়-কন্যা, নাথ! শিৱৰ কাষত
উমা ৰূপে বিশ্বমাতা প্ৰিয়সী প্ৰাণৰ,
গণপতি কাৰ্ত্তিকৰ স্নেহৰ জননী
স্নেহময়ী,—কিন্তু দেখা দানৱ-যুদ্ধত
সেই স্নেহময়ী মাতৃ দনুজদলিনী।”
চাও...“চামুণ্ডা ৰূপিণী নাৰী,—বীৰৰ জননী
সন্তানৰ মা তিৰুতা, ভ্ৰাতাৰ ভনীটি

[ ৬০ ]

( সহোদৰা স্নেহময়ী ) অতিথি-সেবিকা
গৃহস্থৰ গৃহলক্ষ্মী, শান্তি মূৰ্তিমতী
জগতত নাৰীজাতি সঁচা, প্ৰিয়তমা!—
কিন্তু অনুৰোধ মোৰ,—গৃহলক্ষ্মী ৰূপে
চাওৰ ঘৰত থাক৷,—নালাগে ধৰিব
চামুণ্ডাৰ বেশ, প্ৰিয়ে! মোৰে স'তে আজি
নালাগে তোমাক যাব সমৰ ক্ষেত্ৰত
লক্ষ্মীহীন কৰি ঘৰ,—তৱ পুণ্যবলে
বিনাশিম শত্ৰু-সেনা যুদ্ধ-প্ৰাঙ্গণত,
বিলত পদুম-বন ভাঙ্গে যেনে কই
মদমত্ত কৰিবৰ”—হাঁহিলে মিচিকি
এই বুলি কই চাৱে।
  “ব’লা, নাথ! যাওঁ,-
মেলকৰাগই [১২] তুমি, হ’ল বহুপৰ
ৰই আছে চাঙ্গমাই,” বুলিলে মূলাই।

[ ৬১ ]

 প্ৰিয়সীৰ কথা শুনি উঠি ধীৰে ধীৰে
চাঙ্গমাইশালত চাও গ'ল মেললই
প্ৰিয়তমা মূলা স’তে, ৰতি স’তে কাম,
কিম্বা ৰোহিণীৰে স’তে চন্দ্ৰমা যেনুৱা।

[ ৬২ ]

দ্বিতীয় সৰ্গ।

এদিন দুদিন কৰি, হ’ল সাত দিন
যৱন যুদ্ধত গ’ল স্বোৱামী মূলাৰ
( মূলাৰ প্ৰাণৰ চাও ) উৎকণ্ঠিতা মূলা
স্বামীৰ সম্বাদ একো পোৱা নাইকিয়া
সমৰ-ক্ষেত্ৰৰ পৰা,—উচাটন মনে
অকলেই আছে বহি, গৃহ-কৰমত
নাই যেন একো মন! --আহা! চাতকিনী
চাতক-বিহনে যেন, কিম্বা কমলিনী
সূৰ্যবিনে বিষাদিনী সন্ধিয়া বেলিক৷॥
 এনেতে আহিল সখী মুহিলা মূলাৰ,
সখীক বিমৰ্ষ দেখি, শুধিলে মুহিলা,
“বিষাদিনী কিয়, সখি? কিয় উচাটন

[ ৬৩ ]

আজি তুমি এনেকুৱা? পালা,কুসম্বাদ
কিবা নেকি তুমি, সখি? নতু, বিষাদিনী
কিয় আজি? তুমি, সখি! সতত ৰঙ্গিনী॥
পাইছানে কিবা তুমি বাতৰি যুদ্ধৰ?
ডাঙ্গৰীয়া [১৩], প্ৰিয়সখি! আছেনে কুশলে
সমৰ-ক্ষেত্ৰত? দেখি মন উচাটন
তোমাৰ, কান্দিছে মোৰো প্ৰাণ ঘনে ঘনে”॥
 “খাটাঁ ঈশ্বৰক, সখি!” বুলিলে মূলাই
“কুশলে থাকোক তেঁও, মূলাৰ জীৱন
মূলাৰ আৰাধ্য দেৱ সাপিনীৰ মণি
মস্তকৰ,—দুখিনীৰ এটি মাত্ৰ ধন॥
কিন্তু, সখি! সাত দিন আজি হ’ল যোৱা
সমৰ-ক্ষেত্ৰত তেঁও; যোৱা দিনাৱধি
অথিৰ মূলাৰ মন কিয় যে এনুৱা,——
বুজা নাই একো,——সখি! কান্দে মোৰ প্ৰাণ
অকস্মাতে ঘনে ঘনে,—মন উচাটন॥

[ ৬৪ ]

নাজানো,--কিয় যে, সখি দেখোঁ অহৰহ
অমঙ্গল নানাবিধ, হায়! যি কালত
সৌমিত্ৰীৰ যুদ্ধ হয় মেঘনাদে স’তে
নিকুম্ভিলা- যজ্ঞঘৰে লঙ্কা নগৰত,
কালনেমি দৈত্য-কন্যা ৰক্ষকুল-লক্ষ্মী
দেখিছিলে প্ৰমিলাই যেনে অমঙ্গল
অন্তঃপুৰ মাজে থাকি কনক লঙ্কাৰ
অকস্মাতে,—আজি, হায়! মূলায়ো তোমাৰ
দেখে তেনে অমঙ্গল অকস্মাতে, সখি!
কিম্ব৷, নতু, যেনেকই বিৰাট কুমাৰী
সৰলা কোমল প্ৰাণা আজলী ছোৱালী
নাজানে একোকে, কিন্তু পৰাণৰ স্বামী
অভিমন্যু গই যৱে কুৰু-সমৰত
সেনাপতি ৰূপে সাজি, সপ্তৰথী স’তে
কৰিছিলে ঘোৰ যুদ্ধ,——যিৰূপে তেতিয়া
কান্দিছিলে উত্তৰাৰ অকস্মাতে প্ৰাণ
কি-এক আশঙ্ক৷ কৰি, সিৰূপে,—হে সখি!—
মূলাৰো পৰাণ কান্দে অকস্মাতে আজি।

[ ৬৫ ]

শুনিছোঁ,—যৱন-সেনা অতি পৰাক্ৰমী
যুদ্ধ-বিদ্যা-বিশাৰদ, ৰণত নিপুণ,—
অতি চক্ৰী তুৰ্-বক, নানা কৌশলেৰে
আক্ৰমে বিপক্ষ-পক্ষ (শত্ৰুপক্ষসেনা)।
এইবাৰে স’তে, সখি! হল ষষ্ঠ বাৰ
যৱনে ইদেশ বোলে কৰে আক্ৰমণ,-
যদিও এবাৰে৷ আগে নাই হোৱা জয়
যৱনৰ,—কিন্তু, সখি কৰিলে জুৰুলা
ই আসাম-নিবাসীক;—গইছে দেখাই
যৱনে নিজ বিক্ৰম। নাজানো বা, সখি!
নিসহায় হই আজি বিপক্ষ মাজত
মুলাৰে৷ প্ৰাণৰ প্ৰাণ মহা শঙ্কটত
পৰে, জানো, ঘটে কিবা অমঙ্গল ঘোৰ॥”
মুহিলা...“নকৰিব৷ চিন্তা, সখি! নানিবা কাচিতো
তেনে অমঙ্গল ভাব,—দুশ্চিন্ত৷ মনত।”
 বুলিলে মূলাই পুনু কাঢ়ি হুমুনিয়া
“কাৰ সাধ্য খণ্ডে, সখি! বিধতাৰ লিখা?
অনিবাৰ্য্য নিয়তিৰো! যৱন যুদ্ধত

[ ৬৮ ]

পালে নাশ বহু বীৰ,— জানোবা শেহত
ঘটে, সখি! অমঙ্গল মূলাৰো নাথৰ
( আৰাধ্য দেৱতা মূৰ্ত্তি, স্বামী পৰাণৰ )।
বিলৰ পানীত, হায়! ( হলে তৰঙ্গিত )—
নলিনী যিৰূপেকঁপে:( ডুবে কেতিয়াবা,——
কেতিয়াবা বা ওলায়,—চায় মূৰ তুলি )
সিৰূপে মূলাৰো প্ৰাণ কঁপিছে শঙ্কাত
( পৰে,— কেতিয়াবা উঠে ); কি ৰাতি কি দিন
বাজিছে কাণত, সখি! যৱন সেনাৰ
জয়ধ্বনি ঘনে ঘনে! জানোবা, ঘটিছে
সৰ্ববনাশ স্বোৱামীৰ, মূলাৰ প্ৰাণৰ॥”
 “অমঙ্গল চিন্তা, সখি! কিয় কৰা তুমি
তোমাৰ স্বামীৰ? তেঁৱে৷ যুদ্ধবিশাৰদ,
মহাবীৰ, বুদ্ধিমান্,——গইছে লগত
অলেখ আহোম-সেনা, — একো একো জনে
তাৰ,—পাৰে সংহাৰিব বিপক্ষপক্ষৰ
দহোটা পাঠান সেনা,—যদি যুজে,—সখি!–
নায্য মতে”মুহিলাই বুলিলে মূলাক।

[ ৬৯ ]

“সঁচা কথা, প্ৰাণসখি!” বুলিলে মূলাই
“সঁচা কথা, সমৰত গইছে অলেখ
আহোমৰ বীৰ, সেনা প্ৰাণনাথে স’তে
ৰাখিব’ জাতিৰ মান, স্বাধীনতা ধন
স্বদেশৰ, কৰি আগ আপোনাৰ প্ৰাণ।
কিন্তু, হায়!——
দুৰ দৃষ্ট হ'লে, সখি! ফুটিলে কপাল.
কি ৰাখিব পাৰে আনে? কি কৰে সহায়ে?
থাকে যদি লাখো বীৰ বেৰি চাৰুফালে?
কুৰুসমৰত, সখি! অভিমন্যু বীৰ,
মাতুল শ্ৰীকৃষ্ণ যাৰ, —পিতৃ ধনঞ্জয়
ধৰ্ম্মবীৰ যুধিষ্ঠিৰ জ্যেষ্ঠতাত যাৰ'
ভীম পৰাক্ৰমী ভীম অজেয় জগতে,
মাদ্ৰী পুত্ৰ দুই খুৰা,—আৰু অগণন
কত শত মহাবীৰ আছিল সহায়
কিন্তু ফুট৷ কপালৰ দোষে উত্তৰাৰ
সকলোটি বৃথা হ’ল! চক্ৰীৰ চক্ৰত
থাকিল দূৰত সবে,—হই অসহায়,

[ ৭০ ]

সপ্তৰথী স’তে যুজি তিয়াগিলে প্ৰাণ
অন্যায় যুদ্ধত বীৰ, বিৰাট কন্যাৰ
পৰাণতো বেছি প্ৰিয় অভিমন্যু-ধন!—
হায়! সখি! উত্তৰাৰ ফুটিলে কপাল!!”
 এই যেই বোলে মূলা, এনে সময়তে
আহিল কটকী এটি, সজল নয়নে
বুলিলে মূলাক চাই,—“নোলায় মুখত
হে গাভৰু! শোকবাৰ্ত্তা সমৰ-ক্ষেত্ৰৰ,
কি সঁতেৰে কওঁ আজি? নিবেদোঁ কি কৰি
সি শোক কাহিনী, হায়?” – ধৰিলে কান্দিব’
চকুৰ চকুলো টুকি, ৰক্ষ-কুল দূতে
কনক লঙ্কাত যেনে ৰাৱণৰ আগে
টুকিছিলে চকুপানী, নিবেদি শোকেৰে-
বীৰবাহু মৃত্যুকথা!—বুলিব’ ধৰিলে
“আহোম—আশা—ভাৰসা লয় পালে আজি
অকালত,—হে গাভৰু! ডাঙ্গৰীয়া আৰু
( মহাবলী চাওফ্ৰাচে, স্বোৱামী তোমাৰ )
নাই এই জগতত! প্ৰত্যূষতে কালি,

[ ৭১ ]

কন্দুৱাই অকালত আহোম কুলক
আহোম-সাম্ৰাজ্য, জ্ঞাতি, তিয়াগিলে প্ৰাণ
অন্যায় যুদ্ধত পৰি যৱন-হাতত॥”
 শুনি কথা কটকীৰ হিয়া-ভুকু মাৰি,
কান্দিলে মূলা গাভৰু, কান্দিলে মুহিলা
মূলাৰ প্ৰাণৰ সখী ) কান্দিলে কটকী
মূলা মুহিলাৰে স’তে, বাগৰি মাটিত॥
বিমূৰ্চ্ছিতা মুলা হ’ল লুতুৰি পুতুৰি —
ভাঙ্গিলে তমাল তৰু ধুমুহা বতাহে
তাত-মেৰিয়াই-থকা মাধবী লতাৰ
যেনুৱ৷ বিলাই হয় গছে স’তে পৰি,
হ’ল ততোধিক মূলা! ক’লে কান্দি কান্দি,
“এয়েকি আছিল, নাথ! ভাগ্যত মূলাৰ?—
নউ হওতেই শেষ দুবছৰ কাল
ঘটিব বৈধব্য-জ্বালা? যাৰ কপালৰ
সেন্দুৰৰ ফোঁট? হায়! ফুটিব কপাল?
হৰিব মুখৰ হাঁহি? চকুৰ চকুলো
ওলমিব দুচকুত,-জ্বলিব হিয়াত

[ ৭৪ ]

বিৰহৰ তুঁহজুই? হতভাগী মূল৷
জানিলে হেতেন যদি হব এনেকুৱা
অমঙ্গল,—-অকালত ফুটিব কপাল
দুৰ্ভাগীৰ, তেনেহলে,—পাচেনেকি, হায়!—
স্বোৱামীক, যাবলই কাল সমৰত?”
 ই বুলি মুলা গাভৰু কান্দিলে আকউ
আউলী বাউলী হই কান্দিলে মুহিলা
( সখীৰ দুখত দুখী ) কান্দিলে কটকী
মুলাৰ কান্দোনে স’তে হিয়া বিদাৰক॥
 “কটকি! তোমাৰ কাম” বুলিলে মূলাই
“বাতৰি চলোৱা,—কিন্তু কি বাতৰি দিলা?
বাতৰি নহয় ইটো,—ইটো বজ্ৰাঘাত
মূলাৰ শিৰত আজি! নৰ-দেহধাৰী
কালৰূপী সৰ্প তুমি,—কালজিবা স’তে
দংশিলা মূলাক, হায়! বাতৰি-বিষেৰে
জৰ্জ্জৰ কৰিলা! মূলা ওষ্ঠাগত প্ৰাণ!!”
 “ক্ষমা কৰা, হে গাভৰু! নোহোঁ অপৰাধী,
কোনো দোষে দোষী দাস তযু চৰণত;

[ ৭৫ ]

কিন্তু যদি হওঁ দোষী, অজ্ঞান দোষত
কৰি থাকোঁ কোনো দোষ” বুলিলে কটকী
“ক্ষমিবা আপোনগুণে, জ্ঞানবিবৰ্জ্জিত
সামান্য কটকী, —নাই জ্ঞান হিতাহিত॥”
  “নোহোৱা, কটকি! তুমি” বুলিলে মূলাই
“নোহোৱা নিশ্চয় তুমি কোনো অপৰাধী
মূলাৰ কাষত, সঁচা, প্ৰাক্তনৰ লেখা,
কৰ্ম্মফল মাথোঁ ইটো,—বিষাদ সন্তাপ
পূৰ্ব্ব জন্মাৰ্জ্জিত ফল পূৰ্ব্ব জনমত
হৰিলো জানোবা কোনো সতী তিৰুতাৰ
হিয়াত জ্বলাই জুই, পৰাণৰ পতি,
জানো সি পাপৰে ফলে মূলাৰো হিয়াত
জ্বলিছে ই মহা অগ্নি অকালত আজি!
কৰ্ম্মফল জগতত নোৱাৰে খণ্ডাব,
সুখ-দুখ-দাতা কোনে৷ নাই মানৱৰ
জগতত,-—কয় যিটে অমুকে আমাক
দিছে শোক, কিম্বা সুখ, সি মূৰ্খ প্ৰধান, —
অবোধৰ কথা তেনে,—স্বকৰ্ম্ম আৰ্জ্জিত

[ ৭৬ ]

ভুঞ্জে ফল নৰে নিতে! বিশ্বৰ নিয়ম
( নিয়ন্তাৰ নিয়োজিত ) সৃজন, পালন,
সংহাৰ, — সংযোগ আৰু শোক বিয়োগৰ
কাৰ সাধ্য দিয়ে বাধা? বিশ্ব ভাৱনাত
ভাৱৰীয়া আমি মাথোঁ,—আহিছোঁ, গইছো,—
হাঁহিছোঁ বা কেতিয়াবা কান্দিছোঁ পুনৰ;
কিন্তু আমি মোহমুগ্ধ নোৱাৰো বুজিব
কটকি! বিভুৰ লীলা,— অবোধ মানৱ॥
সেই যেই হোক্‌ কিন্তু কোৱাঁ আজি মোক,
কিৰূপে, কি কৌশলেৰে যৱনৰ সেনা
নতু, কিম্বা তুৰবকে কৰিলে বিনাশ,
প্ৰাণৰ নাথক মোৰ, ভীমবলে বলী
সুপণ্ডিত সমৰত অতীব কৌশলী?”
কটকী... “হিয়া ফাটি যায় হায়! কি ক’ম, গাভৰু!-
সিশোকৰ কথা আৰু? ভীম পৰাক্ৰমে
( মধ্যম পাণ্ডৱে যেনে কুৰুসেনা মাজে )
কৰিছিল ঘোৰ যুদ্ধ প্ৰথম দুদিন
যৱন-সেনাৰে স’তে, কৰিলে বিনাশ

[ ৭৭ ]

অলেখ বিপক্ষসেনা,—পলালে তু্ৰ্ব্বক
প্ৰাণ লই আপোনাৰ;-- সিংহৰ ভয়ত
পলায় শিয়াল যেনে, — পলালে যৱন।”
 “শোকতে৷ আনন্দ জন্মে” বুলিলে মূলাই
শুনি কটকীৰ কথ৷ “কাৰ নুঠে নাচি
হিয়াখনি, হে কটকি শুনিলে স্বামীৰ
এনুৱা বীৰত্ব কথা? সমৰ ক্ষেত্ৰত
বীৰোচিত শৌৰ্যবীৰ্য্য আপোন জনৰ?”
 বুলিলে কটকী পুনু “তাৰ পাছ দিনা,—
বিপক্ষ পক্ষৰ চিন নেদেখি,-- তোমাৰ
প্ৰাণৰ স্বামীয়ে, হায়! যুদ্ধ সাজ এৰি
নই ঘাটলই গ'ল সন্ধিয়া বেলিকা,
স্নানকৰোঁ বুলি, জানো,-—দুৰদৃষ্ট, হায়!
দুৰ্ভাগ্যৰ ফেৰ কিন্তু,--আহি অলক্ষিতে
অসংখ্য যৱন-সেনা ধৰিলে বেৰাই!
নিৰস্ত্ৰ তোমাৰ স্বামী, --বিপক্ষৰ দল
অস্ত্ৰে সস্ত্ৰে-সুসজ্জিত,—তথাপিতো,—তেঁও
নকৰি প্ৰাণৰ ভয় নকৰি ভ্ৰূক্ষেপ

[ ৮০ ]

বিপদৰ ফালে,—হায়! ছদণ্ড সময়
কৰিলে মহতযুদ্ধ তুৰবকে স’তে!
কিন্তু, হায়! কান্দে প্ৰাণ! বলিলে ধুমুহা
অকলসৰীয়া গছে পাৰে কত বেলি
বাধা দিব গতি তাৰ? পৰিল পাছত
নিজেই সি তৰুবৰ আপুনি হাউলি!!
কি ক’ম, গাভৰু! আৰু? কি শুনিবা তুমি
সি শোকৰ কথা, হায়? শেষ পৰিমিত
কৰিছিলে ঘোৰ যুদ্ধ, দেখাই বিক্ৰম
অতুল,—বিনাশি বহু বিপক্ষৰ সেনা
অকলে অকলে,—যেনে সিংহৰ পোৱালি
শত শিয়ালৰ মাজে”—ৰ’ল মনে মনে
কটকী চকুলে৷ টুকি।
 বুলিলে মূলাই
“জানিলো, কটকি! মই বুজিলো চকুলো,——
নিৰস্ত্ৰ কালত, হায়! বধিলে স্বামীক
নিকুম্ভিলা যজ্ঞঘৰে, সৌমিত্ৰীয়ে যেনে
বধিলে লঙ্কাৰ ৰবি বীৰ ইন্দ্ৰজিত,—

[ ৮১ ]

নতু,—কিম্বা আৰ্জ্জুনিক বেৰি সপ্তৰথী
অন্যায় সমৰ কৰি কুৰু সমৰত!!”
 ইবুলি মূলা গাভৰু কান্দিলে আকউ
ইনাই বীনাই, হায়! স্বানীৰ শোকত,——
কালনেমি দৈত্য-কন্যা, ৰক্ষকুল-লক্ষ্মী
বীৰাঙ্গনা বীৰপত্নী প্ৰমিলা সুন্দৰী
কনক লঙ্কাত যেনে শুনিলে যেতিয়া
মেঘনাদ-মৃত্যু-বাৰ্ত্ত৷ সৌমিত্ৰী-হাতত!
সখীৰ ডিঙ্গিত ধৰি, কান্দিলে মুহিলা
চকুৰ চকুলে৷ টুকি' অশোক বনত
বৈদেহীরে স’তে যেনে সৰমা সুন্দৰী
ৰক্ষ-কুল-কুললক্ষ্মী বিভীষণ-প্ৰিয়া॥

[ ৮২ ]

তৃতীয় সর্গ

 অমৃতভাষিণী দেবী বাণী বীণাপাণি!
কৃপাকৰি কোৱাঁ মোক, কিহ’ল পাছত?
স্বামি-মৃত্যু-কথা শুনি কি কৰিলে মূলা?
কিৰূপে থাকিল সহি বিৰহৰ জ্বালা
স্বোৱামীৰ? কোন প্ৰাণে সহিলে মূলাই?
বীৰাঙ্গনা বীৰকন্যা বীৰৰ তিৰুতা
আহোমৰমণী মূলা,—প্ৰতিহিংস৷ৰূপী
দাবাগ্নি উঠিলে যৱে অন্তৰত জ্বলি
কি কৰি নুমালে সেই জুই অন্তৰৰ?
 কোৱাঁ, দেবী দয়াময়ি! নকৰাঁ ছলনা

[ ৮৩ ]

মিছা আশা দেখুৱাই আৰু হিতেশক!
নকৰিলে দয়া তুমি, কি সাধ্য আমাৰ
ইমহত কাৰ্য্য, দেবি! কৰিম সাধন
( শক্তিহীন অতি মই, বিবৰ্জ্জিত জ্ঞান,
বিশেষতঃ জৰ্জ্জৰিত শোকৰ জ্বালাত!! )
বিলৰ মাজত, দেবি! পদুম-বনত
শৰ বিদ্ধহলে হংস উৰেনেকি আৰু
আকাশ-মাৰ্গত, হায়? যদিও উৰায়
মনৰ বেগত,—কিন্তু পুনু পৰি যায়!!
হিতেশো তেনুৱা আজি শৰবিদ্ধ, দেবি!–
জৰ্জ্জৰিত প্ৰাণমন, কল্পনাৰে স'তে
মনৰ বেগত খোজে যদিও উৰিব,
নেৱাৰে উৰিব, হায়! পৰে পুনু খহি!!
কিন্তু যদি দয়া কৰা, — মা সৰ্ব্বমঙ্গলা!–
বাণীৰূপা ভগৱতী, হে বীণাবাদিণি!—
দিয়া শক্তি হিতেশক, অসাধ্য কি আছে
জগতত, হায়! মাতৃ! তোমাৰ দাসৰ?
যদি তুমি কৰা কৃপা, কি অসাধ্য তাৰ?

[ ৮৪ ]

 চিৰ দুখী অন্ধকবি অমৰ হোমাৰ
ভিক্ষাজীবী [১৪] ভিক্ষা অৰ্থে গাঁথি মুখে মুখে
গালে যি সঙ্গীত,—বা-লে যি মধুৰ বীণা
তোমাৰ প্ৰসাদে, দেবি! গ্ৰীচ ৰাজধানী
এথেঞ্চৰ বাটে-পথে, দৰিদ্ৰতা-বশে,
ভিক্ষা কৰি ঘৰে ঘৰে ফুৰিছিলে যৱে;-
তযু কৃপাবলে, দেবি! কালে সি সঙ্গীত
মহাকাব্য “ইলিয়াড” “ওডিচী” বিখ্যাত।
চিৰ দুখী অন্ধকবি কবিগুৰু আজি
জগতৰ,—মাথোঁ, দেবি! কৃপাত তোমাৰ।
কাণ্ডজ্ঞান বিবৰ্জ্জিত দস্যু ৰত্নাকৰ

[ ৮৫ ]

দস্যুবৃত্তিজীবী,—কালে তোমাৰ কৃপাত
সিও কবি ভাৰতৰ,— কবীন্দ্ৰ বাল্মিকী
জগত বিখ্যাত আজি মৰ্ত্ত্যত অমৰ।
যদি তুমি দয়া কৰা, হে নীলবসনা!
শ্বেতাঙ্গিনী বীণাপাণি! তোমাৰ কৃপাত,
বন্দি তবু শ্ৰীচৰণ,উভালি মূৰৰ
কেশ,—বান্ধি চিগা তাঁৰ ইভগা বীণাৰ,
বজাম নতুন গত্ কাব্য-কাননত
আসামৰ, নৱোৎসাহে নতুন সুৰত।
আহাঁ, দেবি! কৰাঁ দয়া, দিয়াঁ স্থিতি মোৰ
আঙ্গুলিত, দিয়াঁ শক্তি বুলাওঁ তাঁৰত
নতুন উৎসাহে পুনু বাজোক আকউ
ভগা বীণা খনি মোৰ বীৰ-নিনাদত॥
 নাৰীজাতি বহু ৰূপা, দেখিবা কেতিয়া
মূৰ্ত্তিমতী শান্তি যেন,—সহোদৰা ৰূপে;
কেতিয়াবা প্ৰেমময়ী সঙ্গিনী স্বামীৰ,
সন্তানৰ মা কেতিয়া, মূৰ্ত্তিমতী স্নেহ;—
মানিনী বা কেতিয়াবা কৰি অভিমান

[ ৮৮ ]

প্ৰণয়ীৰ ওপৰত; কুপিতা সিংহিনী
কেতিয়াবা কৰি ক্ৰোধ,—হয় বা কেতিয়া
ভীমামূৰ্ত্তী বীৰাঙ্গনা, চামুণ্ডাৰূপিণী
গৰ্জ্জে ঘোৰ গৰজনে,—বাৰিষা কালত
যি ৰূপে গৰজে মেঘ ভীমনাদ কৰি॥
 এৰিলে কান্দোন মূলা,—মুছিলে চকুৰ
চকুপানী,—হৃদয়ত জ্বলিলে অগণি
প্ৰতিহিংসা,—প্ৰতিহিংসা পৰায়ণা নাৰী।
বুলিলে সখীক চাই,—“নিৰস্ত্ৰ কালত
অন্যায় সমৰ কৰি বধিলে স্বামীক
মূলাৰ প্ৰাণক, হায়! দুৰন্ত যৱনে।
বলা, সখি! যাওঁ আমি,—আমিও যুদ্ধত
যাওঁ অস্ত্ৰে সস্ত্ৰে সাজি,—স্বামীৰ বৈৰিক
পতিঘাতী তুৰ্ব্বকক আপোন হাতেৰে
বলি দিম,—নতু প্ৰাণ ত্যজিম যুদ্ধত
নিজেই স্বামীৰে স’তে,—যি আছে ভাগ্যত!!
আহোম-ৰমণী আমি, আমি বীৰাঙ্গনা
ভুজ-বল, হায়! সখি! নাইকি আমাৰ?

[ ৮৯ ]

কি ভয় আমাৰ? আমি আহোমৰমণী
বীৰমাতা, বীৰকন্যা, বীৰৰ প্ৰিয়সী
ব’লা যাওঁ, দেখোঁগই কত ভুজ-বল
ধৰে সি তুৰ্ব্বকে, সখি! কত বল ধৰে
যৱনৰ সেনাসবে? জগতজয়িনী
নাৰী জাতি আমি কৰোঁ কটাক্ষতে জয়
ত্ৰিজগত,-—এই ভুজ, ই দুখনি হাত
দিছে কি বিধিয়ে হায়! নাৰীক মিছাতে?
নোহে কি নাৰীৰো সখি! শৰীৰ গঠিত
ৰক্তমাংসে? নাৰী নেকি নাই খোৱা স্তন,-
মাতৃ-দুগ্ধ? তিৰুতাৰ নাই নেকি বল
শৰীৰত? তিৰুতাই কাটিলে নাকাটে
বিপক্ষ সেনাৰ শিৰ? নিবিন্ধে শৰীৰ
পাঠানৰ, স্ত্ৰীজাতিৰ হাতৰ জাঠিয়ে?
ব’লা সখি! যাওঁ ব’লা,ব’লা সমৰত
পতিঘাতী দেশবৈৰি তুৰ্ব্বকক. সখি!-
নিজহাতে দিম বলি,—নতুবা নিজেই
প্ৰাণ দিম সমৰত বিপক্ষ-হাতত॥”

[ ৯০ ]

 ই বুলি মূলা গাভৰু আঁটিলে বুকৰ
গিঁড়য়লী ৰিহ৷ খনি,—পিন্ধিলে মেখেলা
ভালকই,— টঙ্গালিৰে বান্ধিলে কঁকাল;
পিন্ধিলে হাতত খাৰু বাখৰ পতোৱা
কৰদণি কঁকালত, মিনাকৰা কেৰু
দুয়োকাণে,— সাতসৰি, চাকি কোটমণি
পিন্ধিলে ডিঙ্গিত আনি,— পিন্ধিলে আঙ্গঠি
দুয়োহাতে আঙ্গুলিত, সোণালী মুঠিৰ
ললে হেঙ্গদান তুলি, গন্ধৰ্ব্ব জীয়াৰী
মন্দোদৰী যেনেকই কনক লঙ্কাত
শুনি স্বামি-মৃত্যু-কথা ৰামৰ হাতত
আহিছিলে যুদ্ধ সাজি প্ৰতিহিংসাৰূপী
হিয়াত জুলাই অগ্নি নাশিব' ৰামক,
নতুবা মৰিব’ নিজে,—কিম্বা বোডেচীয়া
আইচেনী-কুলৰাণী [১৫] ( ৰাণী ব্ৰিটনৰ )
যুজিব’ ৰোমেৰে [১৬] যেনে প্ৰতিহিংসা-হেতু॥

[ ৯১ ]

“শুণা, সখি! ক্ষান্ত হোৱা” বুলিলে মুহিলা
“সমৰ প্ৰাঙ্গণ নোহে তিৰুতাৰ ঠাই
কাৰ্য্য-ক্ষেত্ৰ; তিৰীজাতি কৰ্ত্ৰী গৃহস্থৰ,
গৃহস্থালী কৰ্ম্ম-ক্ষেত্ৰ, সীমা অতিক্ৰম
কৰা নোহে নায্য, সখি! নেদেখায় ভাল॥”
  “গৃহস্থালী কৰ্ম্মক্ষেত্ৰ নহয় কেৱল
তিৰুতাৰ,—হায়! সখি!” বুলিলে মূলাই
আহোমৰমণী আমি, বীৰৰ জননী
বীৰৰ প্ৰিয়সী, আৰু স্বামীৰ সঙ্গিনী,
অৰ্দ্ধাঙ্গিনী জীৱনত, কি সুখে কি দুখে,
উৎসৱত, সমৰত কিম্বা বিপদত
ছঁয়াৰূপে আমি, সখি! পুৰুষ-সঙ্গিনী॥
ধুমুহা বতাহে, হায় ভাঙ্গে যদি তৰু
উদ্যানৰ, হেৰা সখি! থাকে কি ছাঁয়াৰ
পূৰ্ব্ব-ৰূপ? যেই ৰবি আভাশত দেখি
কমলিনী হাঁহে সুখে মিচিকিয়া হাঁহি,
সেই ৰবি ম্লান দেখি অস্ত-অচলত
নোহে কি নলিনী, সখি! কান্দি বিষাদিনী?

[ ৯৪ ]

মূলাৰো প্ৰাণৰ ৰবি অস্তাচল ৰূপী
যৱন-যুদ্ধত আজি ডুবিছে অকালে,
কমলিনী মূলা, হায়! থাকিব কি কৰি
হাঁহিমুখে? মূলা, সখি! স্বামীৰ অৰ্দ্ধাঙ্গী,—-
স্বামি-গতপ্ৰাণা মূলা, স্বামীৰ বিহনে
কি কৰি ঘৰত থাকে? যাওঁ সমৰত,
পতিঘাতী পতিবৈৰি নাশি তুৰ্ব্বকক
পূৰাওঁ হেপাহ, সখি! ভাগ্য যদি থাকে,
নিজেই মৰিম,—নতু, স্বামীৰে সহিতে,—
তমাল তৰুবে স’তে মাধৱীৰ দৰে॥
হ'লে হত পশুৰাজ ব্যাধৰ শৰত,
সিংহিনীয়ে থাকে, হায়! নগৰ্জ্জি কি, সখি!—
পতিহন্তা ফালে চাই? প্ৰতিহিংসা হেতু
নেখেদে ব্যাধক নেকি মাৰি হাঁওৰণি?
আহোমৰমণী, সখি! বীৰপত্নী আমি,
হত স্বামী সমৰত, অন্যায় যুদ্ধত
অকালত, হায়! সখি! থাকিম কি কৰি
সি দুখ হিয়াত সহি? কি কৰি ঘৰত

[ ৯৫ ]

থাকিম, হে প্ৰাণসখি! নিবিচাৰি তাৰ
প্ৰতিহিংসা?—মূলা, সখি! অৰ্দ্ধাঙ্গী স্বামীৰ॥
 কি লজ্জাৰ কথা, সখি! আহোমৰমণী
ডৰায় মৃত্যুক? শুনি বিপক্ষৰ নাম,
কৰে সমৰক ভয়? – অস্ত্ৰ বিপক্ষৰ?
আহোমকুলতিলক, যাৰ বিক্ৰমত
পৰাজিত কোচানৰ সুদক্ষ সেনানি,
কুণ্ডিল নগৰবাসী ৰজা চুটিয়াৰ,
হত সেই বীৰ আজি অন্যায় যুদ্ধত
যৱনৰ (হায়! সখি! নিৰস্ত্ৰ কালত!! )
অসহায় অৱস্থাত, মনস্তাপে পুৰি,
আসন্ন কালত যেনে প্ৰবাসীৰ মন
প্ৰবাসত,—অন্তিমত স্বজন নেদেখি!!
ফাটি যায় হিয়া, সখি! কান্দি কি কৰিম?
আৰু কি তেঁওক পাম? আৰু কি আহিব
ঘূৰি তেঁও? প্ৰবোধিব দুৰ্ভাগী মূলাক?
কি হ’ব মিছাতে কান্দি? চকুৰ পানীত
নপমে যমৰ হিয়া শিলাতো কঠিন॥

[ ৯৬ ]

 জ্বলিছে হিয়াত, হায়! দাৰুণ অগনি
প্ৰতিহিংসা! প্ৰতিহিংসা বিনে একো নাই
মূলাৰ মনত আজি! নাশিম যুদ্ধত
অধৰ্ম্মী সি তুৰ্ব্বকক, কলঙ্ক যোদ্ধাৰ,
কপট সমৰী! যদি বিফল যতন,
নুপূৰেঁ মূলাৰ আশা, আকাঙ্ক্ষা
মনঅৰ, —
নুঘূৰো ইয়াত আৰু,—আৰু পদাৰ্পণ
নকৰো ইঘৰে আহি,——প্ৰতিজ্ঞা মূলাৰ॥”
 “ধন্য, সখি! বীৰপত্নী সাহস তোমাৰ
জগতত অতুলন,—কিন্তু তিৰীমতী
নাৰী আমি, কি কৰিম সমৰ-ক্ষেত্ৰত,
অলেখ যৱন-সেনা ভীম পৰাক্ৰমী
অৱলা দুৰ্ব্বলা আমি? নহয় বিগ্ৰহ
তিকতাৰ কাৰ্য্য, সখি!” বুলিলে মুহিলা।
 লাহে লাহে ওছৰৰ এটি দুটি কৰি
চাপিল বহুত তাত আহোমৰমণী;
কোনে কান্দে বিষাদত, কোনেবা মুলাক
প্ৰবোধিছে, কোনে কয়,—“অদৃষ্টৰ লেখা

[ ৯৭ ]

নখণ্ডে, — গাভৰু!” কয় কোনোবা ৰমণী
“নালাগে যুদ্ধত যাব,—নহয় সমৰ
দুবলা নাৰীৰ কাম, নোশোভে নাৰীক।”
বুলিলে মুহিলা পুণু, – “সঁচা কথা, সখি!--
দুৰ্ব্বলা ৰমণী আমি, কি কৰিম গই
সমৰ-ক্ষেত্ৰত? মিছা!—ক্ষান্ত হোৱ৷ আজি।”
মূলা...“নহওঁ দুৰ্ব্বলা আমি, মিছা কথা, সখি!—
নাৰী জাতি আমি কিন্তু বীৰ-প্ৰসবিনী,
বীৰপত্নী, বীৰমাতা, বীৰৰ জীয়াৰী,
আহোমৰমণী আমি দেৱ-অংশ-ভূতা।
কি লজ্জা! হা ধিক!! সখি! ডৰোঁনেকি দেখি
সামান্য পাঠান-সেনা, নগণ্য তুৰ্ব্বক
যৱনৰ সেনাপতি? ব’লা যাওঁ আজি
নাশোঁগই পতিবৈৰি,—নতুবা যৱনে
নাশিব মূলাক, হায়! যি আছে ভাগ্যত!—
নখণ্ডে বিধিৰ লিখা, কৰ্ম্মফল, সখি!
কিৰূপে সহিম, হায়! হ’ব যৱনৰ
পদানত ই সাম্ৰাজ্য? বীৰাঙ্গনা আমি

[ ৯৮ ]

আহোমৰমণী হ’ম যৱন-কিঙ্কৰী?
নাইনে কি, প্ৰাণসখি! আমাৰো দেহত
বীৰৰ শোণিত, হায়?নোহে কি জনম
আমাৰো বীৰবংশত?নোহো কি নিবাসী
বীৰৰ বেশৰ আমি?লোৱাঁ তুলি সবে
শেল শূল হেঙ্গদান্,—আহোমৰমণি!—
সাজা সবে ৰণ-সাজে, দেখাওঁ বীৰত্ব
যৱন সেনাক আজি, ৰাখোঁ ৰাজ্যমান
আহোমৰ,—নতু, সখি! কি কাজ প্ৰাণত?”

 মূলাৰ উৎসাহে হই সবে উৎসাহিত
আহোমৰমণী গ’ল সমৰ-ক্ষেত্ৰ
যুজিব যৱনে স’তে হাতে অস্ত্ৰ ধৰি
উঠিল বিকট ধ্বনি ৰমণী-কণ্ঠত
আহোমৰ, “জয়ঘণ্টা” ধৰিলে বাজিব’,—
ওলাল ৰমণী সব ৰণসাজে সাজি
উলাহত ৰঙ্গমনে,—তৰঙ্গ যি দৰে
যায় সমীৰণে স’তে, নতুবা তাহানি

[ ৯৯ ]

নাশিব’ দুৰন্ত দৈত্য, সত্য যুগে যেনে
দানৱ-যুদ্ধত দেবী নৃ-মুণ্ডমালিনী
বিশ্বমাতা শক্তিৰূপা দেবী দিগম্বৰী
ভগৱতী মহাকালী সখী সবে স’তে॥

[ ১০০ ]

চতুৰ্থ সৰ্গ।

 চাঙৰ মৰণ শুনি অন্যায় যুদ্ধত
বিষণ্ণ বদন সৱে আহোমৰ সেনা
আহোম-কোঠত, যেনে কুৰু সমৰত
অভিমন্যু-হত-বাৰ্ত্তা শুনি বীৰসৱে
পাণ্ডৱৰ শিবিৰত নিৰানন্দ মনে।
 এনেতে আহিল মূলা গাভৰু,মুহিলা,
আহোমৰমণী সৱে স’তে ৰণ-সাজে,
হাতে লই শেল শূল জাঠি তৰোৱাল,—
কৰি ভীম জয়নাদ,—সোমালেহি কোঠ
সান্ধিয়া বেলিকা আহি। হ’ল আচৰিত
যত আহোমৰ সেনা, দেখি ৰণ-সাজ
ৰমণী সবৰ আজি মূলাৰে সহিতে॥

[ ১০১ ]

 বুলিলে গৰজি মূলা চুক্লেনক [১৭] চাই,—
“হা ধিক্! লজ্জাৰ কথা!! ডেকাৰজা,—হায়!
ধিক্, হে চুৰেঙ্গ! [১৮] ধিক্! (ধিক্, দেওৰজা!)
বৃথাই তোমাৰ নাম! চুখ্ৰেঙ্গ, চুতেঙ্গ!![১৯]
ধিক্ তোমা দুয়োটিকে! ধিক্! শত ধিক্!!
যত আহোমৰ সেনা, দল শিয়ালৰ!!
হে চুক্লেন! সাম্ৰাজ্যৰ উত্তৰাধিকাৰী

[ ১০২ ]

তুমি,— শত্ৰু দুৱাৰত, হত সেনাপতি
চাওফ্ৰাচে,—আক্ৰমিছে ভীমনাদ কৰি
আহোম সাম্ৰাজ্য আজি পাঠানৰ সেনা!
আছা তোমাসৱে বহি উৎসাহ বিহীন
কাঠৰ পুতলি সম? সমৰত যদি
নঘটে মৰণ, নব চিৰজীৱী নেকি
হয় এই জগতত? তেন্তে, তোমাসৱে
এৰাবাকি মৃত্যুভয়, শমনৰ দায়?
দেৱ অংশে জন্ম লই, নাই তোমাসাৰ
গৌৰৱ-কামনা, হায়? ধিক্! শত ধিক্!!⸺
তোমাসাক! নাই কিয় উৎসাহ মনত?
নাই কিয় ৰণসাজ? যৱন-সেনাক
কিয় কৰা অত ভয় হায়! যৱন কি
অমৰ মৰ্ত্ত্যত? নেকি পাঠানৰ দেহা
লৌহময়? অস্ত্ৰে তাক নকৰে পৰ্শন?”
 বুলিলে আকউ মূলা, —“ছি ছি! হে চুক্লেন্‌!
কি লাজৰ কথা!— তুমি ভাৰসা প্ৰজাৰ,—
হ’বা ৰজা কাইলই, স্বদেশ-ৰক্ষক,

[ ১০৩ ]

তেন্তে কিয় এই ভাব?বীৰ মদে মাতি
কিয় নুঠে নাচি,হিয়া? কিয় সমৰত
নোযোৱা উলাহ মনে অগ্ৰণী স্বৰূপে
শত্ৰুক নাশিব’? জন্মি বীৰৰ বংশত
ডৰোৱা কি যৱনক? কি শঙ্কা তোমাৰ?
যদিবা দুৰ্ব্বল তুমি অকলে, চুক্লেন!
আছে সেনা, আছে যোদ্ধা আহোমৰ বীৰ
ভীম পৰাক্ৰমী,—সৱে স্বদেশৰ হেতু,
ৰাখিব জাতিৰ মান, যুজিব নিশ্চয়
প্ৰাণপণে। পৰে যদি সি সবো ৰণত,
আছোঁ, আমি বীৰাঙ্গনা আহোম ৰমণী,—
এৰি সবে অন্তঃপুৰ, উলাহত মাতি
পশিম যুদ্ধত আহি; পাৰিলে তৰ্পিম
যৱন-ৰক্তেৰে মাতৃ স্বদেশ ৰূপিণী,—–
নতু, এৰি নিজে দেহা, আত্মবলি দানি
শুম সবে হৰ্ষ মনে সমৰ-ক্ষেত্ৰত।
যোৱাঁ তুমি, হে চুক্লেন!গোলাপ গছত
নুফুলে কেতকী ফুল,—যমুনাৰ পানী

[ ১০৮ ]

নহয় কধিও ঘোলা[২০]; বেলিৰ পোহৰে
নিদিয়ে এন্ধাৰ ক'তো,—আহোমৰ বীৰে
নকৰে নিশ্চয় ভয় যৱন-সেনাক।
 কাপুৰুষ! কি লজ্জা! ছি!! ধিক্ তোমাসাক
সকলে৷ আহোম সেনা!! ধিক্ হে কুমাৰ!–
ধিক্ দেওৰজা নামে! জন্মিলে মৰণ
আছে এই জগতত! মৰিবা নিশ্চয়
আজি নোহে কালি কিম্বা,—সমৰ-ক্ষেত্ৰত
কিম্বা অন্তঃপুৰ-মাজে কোমল শয্যাত;
নহয় অমৰ কোনো,—নোৱাৰে এৰাব
কোনেও মৃত্যুৰ দায়, শমনৰ ভয়,-
পোৱা তেন্তে কিয় ভয় আশঙ্কি মৰণ?
 কি কাজ প্ৰাণত, যদি হ’বা কাপুৰুষ?
নেদেখাবা, যদি বীৰ্য বিপক্ষ-পক্ষক
সমৰ ক্ষেত্ৰত গই? স্বদেশৰ হেতু
দেশৰ মঙ্গল অৰ্থে নুছৰ্গিবা প্ৰাণ?
জন্মিলে মৰণ আছে,—বীৰ পুৰুষৰ

[ ১০৯ ]

এবাৰ মৰণ, —কিন্তু এই জগতত
শতবাৰ মৰে ভীৰু প্ৰতি মুহূৰ্ত্তত॥”
 “বৃথাই গঞ্জনা তুমি কৰিছা আমাক,——
হে গাভৰু!” ধীৰে ধীৰে বুলিলে চুক্লেন
ডেকা ৰজা,— “ই নগণ্য যৱন-সেনাক
কৰে কি চুক্লেনে ভয়? আহোমৰ সেনা
ডৰাই মৃত্যুক নেকি সম্মুখ যুদ্ধত?
কিন্তু পাপী, ঘোৰ পাপী যৱনৰ সেনা
মহা পাপী, অবিচাৰী তুৰ্ব্বক পাঠান
সন্মুখ যুদ্ধত হাৰি — তিষ্ঠিব নোৱাৰি,
চোৰৰ নিচিনাকই অলক্ষিতে থাকি
বধিলে চাওক, হায়! স্বামীক তোমাৰ,
আহোমকুল-গৌৰৱ বীৰৰ অগ্ৰণী॥
 আছে কি কোনোবা ক’তো আহোম-সেনাৰ
এনেকুৱা চিত? যাৰ নাকান্দিছে প্ৰাণ
অকাল মৰণ শুনি অন্যায় যুদ্ধত
তোমাৰ স্বামীৰ আজি, হায়!হে গাভৰু?”
 “কি দুখ, কুমাৰ! তাত? শোকৰ কাৰণ

[ ১১০ ]

অছে কিবা আহোমৰ?” বুলিলে মূলাই,—
“বীৰোচিত কাৰ্য্য কৰি, নাশি বিপক্ষক
অকলে মূলাৰ প্ৰাণ গইছে স্বৰ্গত
সমৰত পৰি, তাত গৌৰৱ আমাৰ!
নাৰী জাতি আমি,—অতি স্তম্ভিত পৰাণ
নাৰীৰ;— নাৰীৰো কিন্তু নাচি উঠে হিয়া
বীৰৰ বীৰত্ব দেখি, বীৰোচিত কাম;-
পুৰুষ জনম ধৰি, পুৰুষৰ হিয়া
নানাচে কি, ডেকা ৰজা! নজন্মে উৎসাহ?
যদুকুল-কন্যা দেবী সুভদ্ৰাও নাৰী
তিৰীমতি,—কিন্তু শুনি বীৰত্ব কাহিনী
প্ৰাণৰ অভিৰ,— যৱে কুৰুসমৰত
সপ্তৰথী স’তে যুজি তিয়াগিলে প্ৰাণ —
বীৰমাতা ভদ্ৰাদেবী, বীৰৰ প্ৰিয়সী
নুটুকিলে চকুপানী, দ্বিগুণ উৎসাহে
উৎসাহিলে পাণ্ডৱক পুনু সমৰত।”
চুক্লেন...“যি ক’লা, গাভৰু! — তুমি, — শুনি এনে বাণী
নজন্মে উৎসাহ কাৰ? কাৰ ইচ্ছা হয়

[ ১১১ ]

থাকিব ঘৰত, হায়! নগই যুদ্ধত?—
নিদি প্ৰাণ? নেদেখাই শত্ৰুক বিক্ৰম?”
চুৰেঙ্গ···“কিবা কাম জীৱনত, জন্মি বীৰকুলে
যদি ডৰে সমৰক? মমতা প্ৰাণত
জন্মে যদি? কিবা কাজ ধৰি ভুজবল
নেদেখাই বীৰ্য্য যদি শত্ৰুৰ কাষত?
কি ঘৃণাৰ কথা, হায়! আহোম কুলত
জন্ম লই, ডৰোঁ আমি যৱন সেনাক,
সামান্য পাঠান-সেনা, নগণ্য তুৰ্ব্বক
ক্ষুদ্ৰকায়? বলা যাওঁ, ৰণসাজে সাজি,
সকলো আহোম-সেনা! আহোমৰ বীৰ!
আহোম-ভাৰসা, আশা আহোম ৰাজ্যৰ!
দুৱাৰত শত্ৰু আজি! চোৰবেশে আহি
যৱনে হৰিব খোজে আসামৰ ধন
স্বাধীনতা,—বীৰ সৱ! কি কৰি সহিবা?
কোন প্ৰাণে দিবা সঁপি যৱন-হাতত
আপোন সাম্ৰাজ্য খনি? যাত লাগি আমি
সদৌ আহোম জাতি সৰ্ব্বস্ব-তিয়াগী,

[ ১১৪ ]

জন্মভূমি, মাতৃভাষা, সামাজিক ৰীতি?
ব’লা যাওঁ,ব’লা সৱে, ভৰোৱাঁ সাহসে
অন্তৰ, হে বীৰসৱ!যৱন-যুদ্ধত
প্ৰাণ দিম সৱে,—নতু, বিনাশি শত্ৰুক
ৰাখিম ই সাম্ৰাজ্যৰ স্বাধীনতা-ধন॥”
 “ধন্য ধন্য, হে চুৰেঙ্গ!” বুলিলে মূলাই,
“ধন্য বাদোঁ,—দেওৰজা! ধন্য তুমি বীৰ
আহোম বংশত,—তযু, বীৰত্ব-প্ৰভাৱে
জয়-লক্ষ্মী আহোমৰ; আহোম-সেনাৰ
ভাগ্যত বিজয়-ধ্বজা বিপক্ষক জিনি।
জয়! আহোমৰ জয়!! জয় সৰ্গদেৱ!!”
ধন্যবাদোঁ, দেওৰজা! আহোম-গৌৰৱ!—
বীৰত্ব তোমাৰ ধন্য আহোম-কুলত,—
শৌৰ্য্য বীৰ্য্য আৰু তৱ সমৰ-কৌশল
বীৰকুল উপযোগী,—ৰাখাঁ ৰাজ্য, মান,
স্বদেশৰ মহাৰত্ন স্বাধীনতা-মণি,—
আহোম বীৰত্ব-ৰবি! খাটিছোঁ বিভুক।
সংসাৰ-সুখৰ সাৰ স্বাধীনতা-ধন,

[ ১১৫ ]

বিভুৰ অমূল্য দান মৰ জগতত, —
জীৱৰ স্বভাৱ ধৰ্ম্ম,— বোধশক্তি হীন
তুচ্ছ পশু পখী, সিও স্বাধীনতা-প্ৰিয়,
জানা তুমি, দেওৰজা! কি ক'ম তোমাক?
সোণৰ সজাত থাকে, মইনা ছৰাই
অৱৰুদ্ধ,—খায় নিতে মিষ্ট পৰমান
সুবৰ্ণ পাত্ৰত,—কিন্তু সদা উৎকণ্ঠিত,—
স্বাধীনতা-পিয়াহত নিতউ ব্যাকুল॥
বিষয় বিভৱ বোলা—অনিত্য অসাৰ,
অনিত্য মৰ্ত্ত্যত পুত্ৰ কন্যা পৰিবাৰ
প্ৰিয়জন, হে চুৰেঙ্গ! মৃত্যু মানৱৰ
চিৰ প্ৰিয় সহচৰ; বন্ধু প্ৰিয়তম
মৰতত সৈনিকৰ, বীৰ পুৰুষৰ॥”
 “জয় আহোমৰ জয়!” উঠিলে চিয়ঁৰি
সকলো আহোম-সেনা,—মূলা গাভৰুৰ
শুনি উৎসাহৰ বাণী,—যুদ্ধ সাজে পুনু
উঠিলে সকলো সেনা, আহোমৰ বীৰ।
সাজিলে চুক্লেন আৰু সাজিলে চুৰেঙ্গ

[ ১১৬ ]

চুখ্ৰেঙ্গ, চুতেঙ্গ দুয়ো সমৰ সাজেৰে;-
ওলাল যুদ্ধত সৱে মূলাৰে সহিতে
যুজিব যৱনে স’তে, তাহানি কালত
নৃ-মুণ্ডমালিনী স’তে দানৱ যুদ্ধত
লোকপাল সৱ যেন অমৰা পুৰত॥
 ওলাল আহোম সেনা অমিত বিক্ৰম
মূলা মুহিলাৰে স’তে; বীৰমদে মাতি
যায় সৱে উলাহত। ৰণোন্মতা মূলা
মুহিলাদি স’তে যায় হেঙ্গদান্ ধৰি
কৰি ঘোৰ গৰজন; —পালে নিমিষতে
সমৰ-প্ৰাঙ্গণ গই,—দেখিলে মূলাই
কি ভীষণ! ভয়ঙ্কৰ!! দৃশ্য ভয়ঙ্কৰ!!!
ভয়ানক! কি ভীষণ সমৰ-প্ৰাঙ্গণ!
নাই স্নেহ, দয়া, মায়া, যেনে মৰুভূত
নাই নই জলৱতী, সুশীতল পানী!
কি ভীষণ! চাৰুফালে বিৰাগ, বিৰোধ
লালসা জিঘাংস৷ হিংসা সৱৰে হিয়াত
বিৰাজিছে অবিৰাম!–মৃত্যু!–মৃত্যু মাথোঁ!

[ ১১৭ ]

চাৰুফালে মৃত্যু ছবি! কি ভীষণ চিত্ৰ!!
প্লাবিত ধৰণী আজি অজস্ৰ শোণিতে
মানৱৰ,—ঘূৰে দূৰে শিয়াল কুকুৰ
নৰমাংসলোভী,—উৰে ওপৰে শগুনী
কৰি তললই ঠোঁট,—আছে ঠায়ে ঠায়ে
পৰি কত মৃত হস্তী, অশ্ব, কত নৰ
(কত যোদ্ধা আহোমৰ, কত যৱনৰ!!)
 আছিলে, হে জগদীশ! যি দেহা এদিন
মাতৃৰ প্ৰাণতো প্ৰিয়,—কত কষ্ট সহি
নিজে,—কত যতনত কৰিলে পালন
চেনেহী মাতৃয়ে,—আহা! যিটো প্ৰিয়সীৰ
আছিলে প্ৰাণৰোপ্ৰাণ, ভাবি প্ৰাণধন
( প্ৰাণৰ আৰাধ্য দেৱ ) লইছিলে থাপি
হিয়া-থাপনাত যাক,—আজি সেই দেহা
এই দশাগ্ৰস্ত, দেৱ? যি দেহা সজাব’
আছিল কত যে ষত্ব, কত সাজপাৰ,—
কত তেল সুবাসিত, কত অলঙ্কাৰ,
হায়! সেই দেহা আজি লুণ্ঠিত ধূলীত?

[ ১১৮ ]  

অৱলীলা ক্ৰমে মূলা মুহিলাদি স’তে
( আহোম বীৰ ৰমণী ) সমৰ-ক্ষেত্ৰত
যায় থেলি বিপক্ষক (যৱন-সেনাক )
কৰি ভীম গৰজন অতুল বিক্ৰমে।
  *  *  *  *
 ধন্য সেই জাতি,—মূলা! জন্ম যি জাতিত
তোমাসাৰ, –ধন্য ধন্য, আহোম ৰমণী! -
কোমল তিৰীৰ দেহা, বীৰ তেজে-ভৰা
( নাৰীৰ দুৰ্ল্লভ ) হিয়া পালা ক’ত সবে?
কোৱাঁ, সৱে কেনেকই দেখি মৰ্ম্মভেদী
দৃশ্য এই নিদাৰুণ, আছা হৰ্ষ মনে
নুটুকি চকুৰ পানী (ৰোধি চকু-নই
শোক ৰূপী বাৰিষাত )? ৰঞ্জিলা কি সঁতে
নৰৰক্তে দুটি ভৰি, ৰঞ্জিছিলা যাক
জেতুকা-ৰসেৰে পূৰ্ব্বে? আহিলা কিৰূপে
ই অশান্তি মৰুভূত, শান্তিৰূপী সৱে
নিজৰা ই জগতৰ, শান্তিৰ পুখুৰি?
  *  *  *  *

[ ১১৯ ]

 দেখিলে নিৰৱে মূলা,—স্বোৱামীৰ দেহা
ধূলীত লুন্ঠিত আজি! হই ধৰাশায়ী
আছে পৰি ( পাশে তাৰ যৱন-সেনাৰ
মৃত দেহা আছে বহু ) এৰি বৈৰ ভাৱ
আহোমে যৱনে যেন প্ৰগাঢ় প্ৰেমত
একত্ৰে লভিছে শান্তি, অনন্ত বিশ্ৰাম,
( ধূলীখেলা কৰি যেনে বালক কালত
পৰিশান্ত শিশু কৰে মাটীত শয়ন )॥
দেখিলে নিৰৱে মূলা, – আহোম-গৌৰৱ
চাওফ্ৰাচে-সূৰ্য্য আজি কাল-অচলত
ডুবিল অকালে, কৰি আহোম সাম্ৰাজ্য
অন্ধকাৰ দুপৰতে! টুকিলে নিৰলে
এধাৰি চকুলো মূলা! বাৰিষা কালত
কিবা সাধ্য দিয়ে বাধা ঢলনী পানীক
নিম্নমুখী তটিনীৰ? দেখিলে আকউ,--
আকউ নিৰলে মূলা,—অকালে শুকাল
মোহকৰী আশা-নদী,—কামনা কল্পনা,
আঁতৰিলে দয়৷ মায়া, স্নেহ ভাল পোৱা

[ ১২৪ ]

স্মৃতি, শ্ৰুতি, দৃষ্টি, জ্ঞান,সবেই অজ্ঞান
মূলাৰ মনত আজি! গুছিল মনৰ
ভিন পৰ হেয় ভাৱ,—স্বজন বান্ধৱ
পিতৃ মাতৃ, বাল্যসখী, সঙ্গিনী লগৰ
শত্ৰু, মিত্ৰ, গৃহ, যুদ্ধ!–বিমূৰ্চ্ছিতা মূলা!
বিমূৰ্চ্ছিত অৱস্থাতে, দেখিলে সপোন
শোক-জৰ্জ্জৰিতা মূলা,—দেখা পালে যেন,-
স্বোৱামীৰ আত্মা আহি বুলিছে সম্বোধি,—
“স্বদেশৰ স্বাধীনতা, তাৰ অৰ্থে যিটে
জীৱন উৎসৰ্গ কৰি, মৰে সমৰত,—
মৃত্যু তাৰ হয় শান্তি, মহানিদ্ৰা তাৰ
অনন্ত বিশ্ৰাম মাথোঁ, বিশ্বজননীৰ
কোলাত ( শান্তিৰে ভৰা ) অগ্নি তাৰ কাষে
সুধাংশুৰ ৰশ্মী যেন, ভূমিশয্যা তাৰ
ফুলৰ কোমল শয্যা, শেলশূল গাত
মাথোঁ.পুষ্প বৰিষণ; কিয় কৰা শোক
তোমাৰ স্বামীৰ অৰ্থে? কি হইছে তাৰ?
ই নশ্বৰ জীৱনৰ নিৰ্দিষ্ট দিনত

[ ১২৫ ]

আদিষ্ট কৰ্ত্তব্য সাধি, লইছে বিশ্ৰাম
জীৱ,—কিয় মাতা তাক? কিয় মিছা কান্দা?
কান্দি কিয় কন্দুৱাবা? বিশ্ৰামৰ পাছে
উঠিব আকউ লভি নতুন জীৱন
সাধিব’ নতুন কাম; বিশাল বিশ্বত
কৰ্ম্ম মাথোঁ মূলমন্ত্ৰ,—কৰ্ম্ম-ক্ষেত্ৰ বিশ্ব,
কৰ্ম্মই জীৱনসাৰ,—বীৰ পত্নী তুমি
কৰ্ম্ম কৰা”।—গ’ল মূৰ্চ্ছা,—উন্মাদিনী মূলা
কান্দে কেতিয়াবা শোকে, — হাহেবা কধিও
ভাবি কিবা,—সেই দৃশ্য বৰ্ণিব অক্ষম
দুৰ্ব্বলা লেখনী; হায়! নাচায় নয়নে
চিত্ৰ সেই ভয়ঙ্কৰ, — নচলে কল্পনা
তাত;—কবি কান্দে দুখে, সন্তপ্ত শোকত॥
 মূলা কিন্তু বীৰাঙ্গনা, বিপদকালত
নহই শোকবিহ্বলা, আনিলে চপাই
হৃদয়ৰ বল পুনু, শকতি মনৰ।
শোক বিকাৰত পাছে বিজুলী সঞ্চাৰে
জ্বলিলে মূলাৰ পুনু হিয়াৰ মাজত

[ ১২৬ ]

ক্ৰোধ অগ্নি দুৰ্ণিব্বাৰ, হ’ল সঞ্চাৰিত
বীৰতেজ শিৰে শিৰে; হল চকু দুটি
ৰক্তবৰ্ণ, হুঙ্কাৰিলে বীৰমদে মূলা
“জয় আহোমৰ জয়!” আস্ফালিলে বাহু
হেঙ্গদান লই হাতে; ধৰিলে বুলিব,—
বলা যাওঁ, বলা সৱে, আহোম ৰমণি!—
বিনাশোঁ শত্ৰুক গই, দেখক জগতে,
দেখালে যি দৃশ্য পূৰ্ব্বেৰ দানৱ যুদ্ধত
দনুজদলিনী দুৰ্গা ভীমা মূৰ্ত্তি ধৰি,
সি দৃশ্য দেখাম আজি আসাম ভূমিত
আহোম-ৰমণী সৱে যৱনক নাশি॥
 ই বুলি গৰ্জ্জিলে মূলা,—গৰ্জ্জিলে মুহিলা,
আহোম বীৰ ৰমণী গৰ্জ্জিলে ভীষণ
কৰি ঘোৰ ভীমনাদ,—গৰ্জ্জে যেন মেঘ।
নাচিলে বিজুলী-প্ৰভ৷ গুছাই এন্ধাৰ
সমৰ-ক্ষেত্ৰৰ পৰা,—স্তম্ভিত যৱন,
জগত নিস্তব্ধ যেনে হয় কিছু আগে
ধুমুহাৰ,—জড় প্ৰায় দেহা পাঠানৰ

[ ১২৭ ]

স্পন্দন বিহীন ভুজ,— ৰক্ত নিৰ্ব্বাপিত
পাঠান সেনাৰ,—হ’ল অবাক যৱন
বীৰ ৰমণীক দেখি,—পৰিল মাটিত
পাঠান সেনাৰ অস্ত্ৰ, পাহৰিলে সৱে
বাহ্যজ্ঞান,—তধালাগি একেথিৰে চাই
ৰমণী সবৰে ফালে ভুলিলে খন্তেক
শত্ৰুভাৱ, — যুদ্ধক্ষেত্ৰ,দাৰুণ সমৰ॥
 আহিল মুহুৰ্ত্তে তাত অনঙ্গ খন্তেক
অনঙ্গ মোহিনী স’তে,—আহিল বসন্ত
হাঁহি মধুময় হাঁহি,—ক’লে কাণে কাণে,
যৱন সেনাৰ কিবা,—দেখিলে যৱনে,—
উদিল অতৃপ্ত তৃষ্ণা, লালসা, প্ৰাণত
যৱনৰ, — এখন্তেক গলিল অন্তৰ
তুষাৰ যিৰূপে গলে সূৰ্য্য-কিৰণত
কিম্বা ঘৃত গলে যেনে কাষত অগ্নিৰ॥
 নিৰ্ব্বাক যৱন-সেনা,—নিৰ্ব্বাক তুৰ্ব্বক
( পাঠানৰ সেনাপতি ) দানৱ যুদ্ধত
দেখি বিশ্ববিমোহিনী দেবী ভগৱতী

[ ১২৮ ]

সমৰ-ক্ষেত্ৰত যেনে দানৱৰ সেনা
নিষ্পন্দ নিৰ্ব্বাক,—সৱে অনঙ্গ পীড়িত,—
পঞ্চ-ফুলশৰ-বিদ্ধ। হুঙ্কাৰিলে পুনু
বীৰাঙ্গনা মূলা,—ঘনে হুঙ্কাৰে ৰমণী
( আহোম বীৰ অঙ্গনা ) “আহোমৰ জয়!”
“জয় আহোমৰ জয়!” কয় প্ৰতিধ্বনি
ৰমণী সবৱে স’তে, – কয় দিগন্তই
“আহোমৰ জয় জয়!!”, — কয় সমীৰণে
“জয় বীৰ ৰমণীৰ!”— “জয় আহোমৰ!”

[ ১৩১ ]

পঞ্চম সৰ্গ।

  “পাঠানকুলৰ ৰবি! বীৰ অগ্ৰগণী
সেনাপতি! আসামৰ অন্য এটি নাম
কামৰূপ, এই দেশ ইন্দ্ৰজালময়ী,
ভেড়া হয় ই দেশত আহিলে বিদেশী,
কিম্বা মন্ত্ৰমুগ্ধ সৰ্প যাদুকৰ আগে,—
কথা কিন্তু নোহে মিছা”—কয় তুৰ্ব্বকক
তাজু নামে[২১] এটি যোদ্ধ৷— “কি আশ্চৰ্য্য কথা!
আহোম-ৰমণী সৱে যুদ্ধ-সাজে সাজি
কৰিছে মহত যুদ্ধ, কিবা যাদু বলে
নাশিছে যৱন-সেনা চকু-পচাৰতে
ভীমা মূৰ্ত্তি ধৰি আজি! কাণ্ড কি অদ্ভুত
তিৰুতাই যুদ্ধ কৰে! নাৰীস’তে যুজি
মৰে যৱনৰ যোদ্ধা, যাৰ বাহুবলে
পৰাভূত ৰাজপুত, পঞ্চনদ-বাসী

[ ১৩২ ]

বীৰসব,—বঙ্গবাসী ভাৰত মাজত
সুকৌশলী বুলিবাক জগতে বখানে॥
পাঠান বংশীয় আমি, যাৰ পৰাক্ৰমে
বঙ্গবাসী হতবুদ্ধি, ভীত ৰাজপুত
স্তম্ভিত পাঞ্জাৱ-বাসী শিখ চেত্ৰী আদি,-
কি আশ্চৰ্য্য কাণ্ড কিন্তু! “মৰ্জ্জি কি খোদাৰ”!–
ই দেশত ভেড়া আমি কি মন্ত্ৰৰ বলে?
 হে তাজু! তোমাৰ জন্ম পাঠান বংশত,—
হতাশৰ কথা এনে শোভে কি তোমাৰ
মুখত? লজ্জাৰ কথা! ছি! লজ্জা! হা ধিক!
মন্ত্ৰমুগ্ধ তুমি আজি? অথবা সপোন
দেখিছা? নতুবা, কোনে শুনিছে বা ক’তো
অৱলা তিৰুতা যুজে পাঠান সেনাৰে
সমৰ ক্ষেত্ৰত?” হাঁহি বুলিলে তুৰ্ব্বক॥
তাজু...... “নহয় সপোন ইটো,—দিঠকৰ কথা,
সেনাপতি! ব’লা তুমি, দেখিবা চকুৰে
নিজেই,—কিৰূপে যুদ্ধ কৰিছে এটিয়ে,--
লগত বহুত আছে সহচৰীৰূপে

[ ১৩৩ ]

তৰোৱাল হাতে কৰি; সামান্য মানৱী
নোহে সি তিৰুতা,—কিম্বা ইন্দ্ৰজালময়ী
যাদুকৰী,—–যাদু কৰি মন্ত্ৰ প্ৰভাৱত
ধৰিছে ৰমণী বেশ,—কৰিছে সমৰ
কিবা দৈৱবল পাই,—নতু সাধ্য কিবা
পাঠান-সেনাক নাশে আসামৰ নাৰী?”
  “দেখিছোঁ অনেক নাৰী” বুলিলে তুৰ্ব্বক
শিখৰ তিৰুতা আৰু ৰাজপুত নাৰী,
ভাৰত বিখ্যাত যাৰ সতীত্ব-গৌৰৱ
সতীত্ব ৰক্ষাৰ হেতু বিনা আয়াসত
অক্লেশে সহাস্য মুখে কৰে আত্মদান,
জ্বলাই অগনি কুণ্ড, পুৰি অগনিত;
নাই শুনা কিন্তু ক’তো, পাঠান যোদ্ধাৰে
সামান্য ৰমণী যুজে, নাশে পাঠানক।”
তাজু···তাজুৰ গোহাৰি কিন্তু আছে, সেনাপতি!—
তোমাৰ কাষত এটি,—-যদি অপৰাধ
ক্ষমা কৰা নিজগুণে,—নিবেদোঁ পাৱত।”
“কি ভয় তোমাৰ, তাজু?” বুলিলে তুৰ্ব্বক

[ ১৩৪ ]

“কোৱাঁ নিশঙ্কিত চিতে যি বক্তব্য আছে
তোমাৰ—”
 “হে সেনাপতি!” কলে তাজু ধীৰে
ই অদ্ভূত দেশ,—আৰু কাণ্ডও অদ্ভুত
ই দেশৰ;– ব’লা যাওঁ তিয়াগি সমৰ
আপোন ৰাজ্যত ঘূৰি; বাৰে বাৰে আমি
হাৰি যাওঁ ইদেশত,—সিংহৰ নিচিনা
আহি,—যাওঁ ভেড়া সাজি! নাজানো কি আছে
মন্ত্ৰবল ইদেশত, ইন্দ্ৰজালৰূপী॥”
তুৰ্ব্বক...“নোহে ইন্দ্ৰজাল,— তাজু! নোহে মন্ত্ৰবল
আহোম বীৰৰ জাতি,—আহোমৰ বীৰ
নহয় সামান্য যোদ্ধা, বীৰবংশী আমি
নুবুজোঁ কি বীৰমৰ্ম্ম? বীৰৰ গৌৰৱ?
বিশেষত,—অতি চক্ৰী,—চক্ৰান্তেৰে ভৰা
আহোমৰ সেনাসৱ;- –জিনিব’ শত্ৰুক
নানান উপায় কৰে; ছলে কিম্বা বলে—
স্বকাৰ্য্য সাধন কৰে” বুলিলে তুৰ্ববক,—
সিৰূপে কি উদ্দেশ্যত, নোৱাৰি বুজিব

[ ১৩৫ ]

আহোমৰ মনোভাব,—কিবা ছল কৰি
সজাইছে পুৰুষকে তিৰুতা সাজেৰে,—
আহিছে যুদ্ধত লই, নাজানো কি ভাবি॥”
তাজু...“যাদুময়ী কামৰূপ! যেই দেশবাসী
ধৰে নানা মূৰ্ত্তি,—সাজে পুৰুষে স্ত্ৰীলোক,
স্ত্ৰীলোকে সমৰ কৰে পুৰুষৰ দৰে
সেই দেশ যাদুকৰী,—ইন্দ্ৰজালময়ী,—
নহয় উচিত কিন্তু থকা সি দেশত
আমাৰ, সমৰ কৰা সি দেশবাসীৰে।
কি আশ্চৰ্য্য! যি তিৰুতা অঙ্ক-সুশোভিনী
পুৰুষৰ, সি তিৰুতা বিকট-দশনা
ৰাক্ষসিনী সমৰত, মূৰ্ত্তিমতী ভয়!!
সি কাৰণে, সেনাপতি! মিনতি তাজুৰ
যাওঁ দেশলই ঘূৰি,—নালাগে সমৰ,—
থাকোক আহোম-সেনা আপোন ৰাজ্যত
লই আপোনাৰ যাদু, মন্ত্ৰৰ প্ৰভাৱ॥”
  “ঠিক কথা, সেনাপতি!” বুলিলে বঙ্গালে[২২]

[ ১৩৮ ]

( পাঠান পক্ষৰ এটি হিন্দুজাতি যোদ্ধা )
ঠিক কথা,—নাই কাজ আৰু সমৰত
আহোম সেনাৰে স’তে; – কি লাভ বিনাশি
আপোনাৰ সৈন্য-সেনা, জ্ঞাতি পৰিজন?
যোদ্ধা সঁচা,—নাইনে কি যোদ্ধাৰো প্ৰাণত
মমতা? যোদ্ধাৰো নেকি নাকান্দে পৰাণ
জ্ঞাতিৰ বিনাশ দেখি? চকুৰ পানীয়ে
আত্মীয়ৰ, যোদ্ধাৰুৰ নপমায় মন?
হ’ল আজি বহুদিন, আহিছোঁ সকলে৷
এৰি থই পুত্ৰকন্যা,—আপোনাৰ জন,—
নাজানো, কিৰূপে সৱে আছে বাট চাই
উৎকণ্ঠিত হই কত,–নাজানো, কতই
হিয়া ঢাকুৰিছে আজি মৃত্যু-বাৰ্ত্তা পাই

[ ১৩৯ ]

সমৰত আত্মীয়ৰ প্ৰাণৰ পুত্ৰৰ,
প্ৰাণপ্ৰিয় স্বোৱামীৰ কত দুৰ্ভাগীৰ॥”
তুৰ্ব্বক... “বুজিছোঁ,বঙ্গাল! ময়ো,—বুজিছোঁ,হে তাজু!
বুজিছো সকলো ময়ো,—তুৰ্ব্বকৰো হিয়া
নহয় শিলেৰে গঢ়া, তুৰ্ব্বকৰো প্ৰাণ
কান্দে,—আছে স্নেহ দয়া তাৰো অন্তৰত।
তুৰ্ব্বকৰো আছে পত্নী, পুত্ৰ আদৰৰ,
আহিছোঁ দেশত এৰি! নাজানো বা কত
উৎকন্ঠিত আছে সৱে,—আছে বাটলই
চাই! কান্দে তাৰো প্ৰাণ,—তুৰ্ব্বকৰো হিয়া
ফাটি যায়! হে বঙ্গাল! পৰিলে মনত,
শতধা বিদীৰ্ণ হয় তুৰ্ব্বকৰো প্ৰাণ!!
  “হে তাজু! যিদিনা, হায়! পাঠান-গৌৰৱ
অশেষ সদ্‌গুণশালী নৱাব চাহাবে[২৩]
কি এক মন্ত্ৰণা কৰি উজিৰে সহিতে

[ ১৪০ ]

গুপ্তভাৱে,—মাতি আজ্ঞা দিলে তুৰ্ব্বকক
তোমাসৱে স’তে আহি আক্ৰমিব’ দেশ
আহোমৰ,—শুনি বাৰ্ত্ত৷ প্ৰাণৰ প্ৰতিমা
জীৱনৰ সহচৰী, কান্দিলে বিলাপি
চকুৰ চকুলো টুকি, ডিঙ্গিত সাবতি
একাষে কোলাত লই প্ৰাণৰ সোণক
প্ৰাণাধিক পুত্ৰটিক, চকুৰ পানীৰে
তিয়াই আকুল হিয়া,—ভাবিলে সি কথা
তুৰ্ব্বকৰো হিয়া ফাটে! কিন্তু কৰি ভয়
বিপক্ষক, যদি আমি নকৰোঁ সমৰ,—
যদিবা পলাই যাওঁ,—হাঁহিব জগতে
ভয়াতু[২৪] পাঠান বুলি, হাঁহিব দেশত
জ্ঞাতি বন্ধু সকলোৱে,— কৰিব দুৰ্ণাম
পুত্ৰ কন্যা তিৰুতায়ো, ক্ৰোধিব নৱাব
খছল খাঁ, যাৰ আমি আশ্ৰিত সৱাই॥”
  “ক্ৰোধোক নৱাব, হ’ক ক্ৰোধ নৱাবৰ,
কিবা ক্ষতি আছে তাত?” বুলিলে তাজুৱে —

[ ১৪১ ]

যায় যদি যাব পদ,—যায় য’ক মান,
ঐশ্বৰ্য্য সম্পত্তি য’ক,—পৰাণতো বেছি
প্ৰিয় পুত্ৰ, প্ৰিয়তমা, স্বজনতকই
আছে কি হে প্ৰিয় কাৰে৷? কি ছাৰ সম্পত্তি!…..
কি তুচ্ছ পদমৰ্য্যাদা!! কিয় ভুঞ্জো আমি
অযথ৷ ই ক্লেশ, হায়? কি স্বাৰ্থ আমাৰ
সেনাপতি!—আপোনাৰ? যদি হওঁ জয়ী?
কিবা ক্ষতি যদি হাৰোঁ? নকৰোঁ সমৰ?”
  “আছে,—স্বাৰ্থ আছে,—তাজু!” বুলিলে তুৰ্ব্বক
আছে তাত বহু স্বাৰ্থ,—কি কৰি বৰ্ণিম
সকলোটি? যদি যুদ্ধজয়ী হওঁ আমি
এইবাৰ,—সমাদৰ বাঢ়িব আমাৰ
স্বদেশত; সসম্মানে নৱাব-সভাত
পাবা বহু পুৰস্কাৰ; বাঢ়িব মৰ্য্যাদা
পদৰ গৌৰৱ আৰু,—স্নেহ-অভ্যৰ্থনা
লভিবা সৱাৰে পৰা, বন্ধু স্বজনৰ,
সুখী হ’ব পুত্ৰ কন্যা প্ৰিয়সী প্ৰাণৰ॥
পদুমৰ পাহি লই সাদৰে বুকত

[ ১৪৭ ]

সমাদৰ বান্ধৱৰ, প্ৰাণৰ পুত্ৰৰ,
প্ৰিয়তমা প্ৰিয়সীৰ,—সৱে স্বাৰ্থপৰ॥
 ব’লা সি কাৰণে, তাজু! ব’লা, বন্ধুবৰ
বঙ্গাল! যুদ্ধত যাওঁ, যদি এইবাৰ
জয়ী হওঁ, হ'ব যশ, বাঢ়িব গৌৰৱ
আমাসাৰ,—পুৰস্কাৰ ঘটিব সৱাৰ
ভাগ্যত,—যদিহে কিন্তু পলাওঁ ভয়ত
প্ৰাণ লই ( বিশেষত,—কি ঘৃণাৰ কথা!——
কি লজ্জা! ছি!!—তিৰুতাৰ শুনি গৰজন
পলায় পাঠান সেন৷ যুদ্ধত নিপুণ!)
হাঁহিব দেশত সৱে,—কোপিব নৱাব,
থাকিব দুৰ্যশ বৰ পাঠান সেনাৰ!!
 ই বুলি তুৰ্ব্বক সাজি সমৰ সাজেৰে
তাজু, বঙ্গালক লই, ওলালে যুদ্ধত;⸺
“জয় নৱাবৰ জয়!” উঠিলে কোঢ়াল
“জয় পাঠানৰ জয়!” বুলিলে তুৰ্ব্বক॥

⸺⸺

[ ১৪৮ ]

বাটৰ কাষত যেনে সুবিমল বিলে
অভ্যৰ্থে পথিক সৱে –অভ্যৰ্থিব সৱে
আমাসাকে৷ সেই ৰূপে পদূলি মূৰত
আমাৰো প্ৰাণ প্ৰিয়সী, সাবতি কোলাত
পূৰ্ণ চন্দ্ৰ জিনি পুত্ৰ প্ৰাণ বিমোহন।
 কিন্তু যদি যুদ্ধ এৰি পলাবা ভয়ত
প্ৰাণলই, পদচ্যুত কৰিব নৱাবে
ঐশ্বৰ্য্য বিভূতি কাঢ়ি পঠাব খেদাই
ৰাজ্যৰ বাহিৰ কৰি; হ'ব জগতত
কলঙ্ক মহত,—গাব জগতে দুৰ্যশ
ভীৰু কাপুৰুষ বুলি,– নিন্দিব' সৱাই
জ্ঞাতি বন্ধু পৰিজনে, – আপোন পুত্ৰই
কিম্বা প্ৰিয়তমা পত্নী; কৰি অভিমান
আৰু নাহাঁহিব হাঁহি লাৱণ্য মধুৰ
মিচিকীয়া, নাহানিব কটাক্ষ সুন্দৰ॥
যতদিন ধন,—তাজু! যতদিন পদ
ঐশ্বৰ্য্য বিভূতি থাকে যত দিনলই
তত দিন থাকে মান, গৌৰৱ সাদৰ

[ ১৪৯ ]

সমাদৰ বান্ধৱৰ, প্ৰাণৰ পুত্ৰৰ,
প্ৰিয়তমা প্ৰিয়সীৰ,—সৱে স্বাৰ্থপৰ॥
 ব’লা সি কাৰণে, তাজু! ব’লা, বন্ধুবৰ
বঙ্গাল! যুদ্ধত যাওঁ, যদি এইবাৰ
জয়ী হওঁ, হ’ব যশ, বাঢ়িব গৌৰৱ
আমাসাৰ,—পুৰস্কাৰ ঘটিব সৱাৰ
ভাগ্যত,—যদিহে কিন্তু পলাওঁ ভয়ত
প্ৰাণ লই ( বিশেষত,—কি ঘৃণাৰ কথা! –
কি লজ্জা! ছি!!— তিৰুতাৰ শুনি গৰজন
পলায় পাঠান সেনা যুদ্ধত নিপুণ! )
হাঁহিব দেশত সৱে,—কোপিব নৱাব,
থাকিব দুৰ্যশ বৰ পাঠান সেনাৰ!!
 ই বুলি তুৰ্ব্বক সাজি সমৰ সাজেৰে
তাজু, বঙ্গালক লই, ওলালে যুদ্ধত;
“জয় নৱাবৰ জয়!” উঠিলে কোঢ়াল
“জয় পাঠানৰ জয়!” বুলিলে তুৰ্ব্বক॥

[ ১৫০ ]

 বীৰ ৰমণীৰ কথা বীৰৰসে ভৰা.
ক’ত সেই ৰস, দেবি! পাব দুৰ্ভগাই
( দুৰ্ভগ৷ হিতেশে, হায়!)'? জৰ্জ্জৰিত প্ৰাণ
শোকৰ জ্বালাত যাৰ,—যাৰ অন্তৰত
জ্বলিছে নিতউ জুই,—চকুৰ পানীত
নেদেখে যি বাট, দেবি? — কিবা সাধ্য তাৰ
সঞ্চাৰিব বীৰৰস আসাম-বাসীৰ
প্ৰাণত,—শুনাই সেই বীৰত্ব কাহিনী?
 কিব৷ সাধ্য হিতেশৰ? কি মন্ত্ৰ বলত
উঠাব জগাই, দেবি! নিদ্ৰিত জাতিক? –
অথবা যি জাতি আজি আলস্য সাবতি
নিশ্চিন্ত মনেৰে আছে ঘোৰ টোপনিত,
শুনাই সি বীৰ কীৰ্ত্তি তাহানি কালৰ,—

[ ১৫১ ]

বজাই ই ভগা বীণা (অকালত যাৰ
চিগিলে হঠাতে তাঁৰ!)? ভগা—ভগা সুৰে
সি ভগা বীণাৰ, দেবি! পাৰিব জগাব
পুনু কি সি আহোমক?— আসাম-বাসীক?
অথবা কি সাধ্য তাৰ (হায়! হে দুৰাশা!) –
বজাব সি ভগা বীণা নতুন সুৰত
আসামৰ ঘৰে ঘৰে,— নবজালে তুমি
আপোনাৰ বীণাখনি বীৰৰসে তুলি?
 যোৱাঁ, মাতৃ! হে ভাৰতি! ধৰিছোঁ পাৱত,
গোৱাঁ,বীৰকীৰ্ত্তি-গীত,—বজোৱাঁ বীণাত
বীৰ-ৰস। ব’লা, দেবি! কবা কাণে কাণে
আসামৰ প্ৰতি:জনে,— “শোভেকি তোমাক
“পানৰ খোলাত” আজি? চকুদুটি মুদি
আলস্য সাবতি থাকা? নাসাধি নিজৰ।
জাতীয় উন্নতি, যাৰ জাতিত এদিন
যুজিছিলে বীৰাঙ্গন৷, ত্যজিছিলে প্ৰাণ
দেশৰ মঙ্গল হেতু,—ৰাখিব’ দেশৰ
স্বাধীনতা,—কীৰ্ত্তি যশ,—আছিল যি জাতি

[ ১৫৬ ]

স্বাধীন, একাদিক্ৰমে সপ্তশত বৰ্ষ
কৰিলে ৰাজত্ব? তাৰ সন্ততি সন্তান
“পানৰ খোলাত” আজি? কি লজ্জা! –হা ধিক্‌!!
যোৱাঁ, দেবি! গোৱাঁ তুমি উদগনি গীত
প্ৰত্যেকৰ কাণে কাণে, কোৱাঁ প্ৰতিজনে,
উন্নতি-পথত আজি গোটেই ভাৰত,
কি ধনত, কি জ্ঞানত, সাহিত্য-চৰ্চ্চাত,
কিম্বা ৰাজনীতি, জ্ঞান, ধৰ্ম্ম, বিজ্ঞানত
সবেই উন্নত আজি ভাৰতৰ জাতি?
কিয় তুমি থাকা শুই, হে আসামবাসি!
এই দৰে খাই কানি আলস্য সাবতি?”
 বজোৱাঁ “কচ্ছপী” তুমি,—গোৱাঁ তুমি নিজে
বীৰৰস,—শুনি সেই সঙ্গীতৰ ধ্বনি
উঠোক আসামবাসী আলস্য তিয়াগি
হিত কাৰ্য্যৰত হোক, সাধোক নিজৰ
জাতীয় উন্নতি, দেবি! হিংসা দ্বেষ এৰি
পৰস্পৰে, বলী হই নতুন বলেৰে
নতুন উৎসাহে হোক উৎসাহিত পুনু॥

[ ১৫৭ ]

যি আসামবাসী আজি ( কি লাজৰ কথা!)
প্ৰখ্যাত কাণীয়া নামে! ঘৃণনীয় জাতি
অলস বীৰত্বহীন, উদ্যম বিহীন
কাক ক'ম? শুনিব বা কোনে জগতত
সিদেশত, সিজাতিত জন্মিছিলে এটি
বীৰাঙ্গনা বীৰকন্যা বীৰৰ তিৰুতা
মূলা নামে, যুজিছিলে পাঠান সেনাৰে
সম্মুখ যুদ্ধত যুজি তুৰ্ব্বকে সাহিতে
তিয়াগিলে প্ৰাণ? হায়! কোনে বা বিশ্বাস
কৰিব, যদিবা কওঁ,—ই আসামবাসী
নাছিলে অলস এনে, উদ্যম বিহীন
হতবল বীৰ্য্যহীন এনুৱা এদিন?
 নিয়তি-চক্ৰত আজি ই আসামবাসী
হতবল। তেজোহীন,—ই দুৰ্ভগা কবি,
হিতেশো উদ্যমহীন, শোক-জৰ্জ্জৰিত,
নিৰুৎসাহ শৰীৰত, নাই শক্তি আৰু
গাব আজি বীৰ-ৰস কাব্য-কাননত
মনসুখে,—নাই, হায়! নাই যে উৎসাহ

[ ১৫৮ ]

তেনেকুৱা, আছিলে যি যৌৱনৰ আগে
শৈশৱত, যি কালত শোকৰূপী কীটে
নাই কুটা দেহা-ফুল! কীটদষ্ট আজি
হীনবল,—-কিবা সাধ্য গাব সি কাহিনী
মূলাৰ বীৰত্ব-কথা বীৰৰসে-ভৰা?
অথবা যি জাতি আজি চিৰপৰাধীন
পৰৰ গোলাম,—যাৰ আলস্যে সম্বল
লাগিব কি সিজাতিৰ ভাল বীৰ-ৰস
মূলাৰ কাহিনী আজি? সাহস বিক্ৰম
যি জাতিৰ জুহালত, “পানৰ-খোলাত”
নতুবা, পত্নীৰ কাষে গৃহ-কন্দলত,—
তাৰ কি লাগিব ভাল সমৰপ্ৰাঙ্গণ?
 পিন্ধি ৰঙ্গচুৱা সাজ ধীৰে ঊষাদেবী
দিলে দেখা পূবফালে, বিকাশি কিৰণ
সোণোৱালী,—সুধাংশুৰ কিৰণৰ ৰেখা
ধৰিলে খহিব’, যেনে পদ্মৰ কেশৰ
খহে পদুমৰ পৰা সন্ধিয়া বেলিকা।
পুৱাৰ বতাহ জাকি বলে ধীৰে ধীৰে,—

[ ১৫৯ ]

কৰিলে কোৱাই ‘কা-কা’ মাতিলে শালিকী
ঘৰৰ ছালত পৰি মাতিলে বিলত
ৰাজহংস, ৰণবাদ্য বাজিলে কোঠত
আহোমৰ, – সৈন্য সেনা সমৰ-সাজেৰে
সাজিলে যুদ্ধত যাব’—সাজিলে চুক্লেন্
ডেকাৰজ৷, যুদ্ধসাজে সাজিলে চুৰেঙ্গ
চুখ্ৰেঙ্গ চুতেঙ্গ দুয়ো-সাজিলে কন্চেঙ্গ[২৫]

[ ১৬২ ]

[২৬]ৰাজমন্ত্ৰী বৰপাত্ৰ,—সাজিলে মূলাই
বীৰাঙ্গনা,—–ল’লে জাঠি,―ল’লে হেঙ্গদান;
উঠিলে শবদ “জয়!আহোমৰ জয়!!-”
জয়! সৰ্গদেৱ! জয়!“আসামৰ জয়”
  “অৱশ তোমাৰ দেহা হইছে, গাভৰু!-
যুদ্ধ কৰি তিন দিন যৱনে সহিতে,
ক্ষন্তেক বিশ্ৰাম কৰাঁ,— নালাগে যুদ্ধত
“যাব আজি।” ধীৰে ধীৰে বুলিলে চুক্লেন্॥
  “অৱশ হইছে মূলা? নহয় নিশ্চয়,
নহয়, — হে ডেকাৰজা!—মূলাৰ ই দেহা
বজ্ৰাধিক,—নাই ক্লান্তি,—নহ’ব অৱশ
যি অৱধি থাকে প্ৰাণ,—নকৰোঁ বিশ্ৰাম
“নিবিনাশি তুৰ্ব্বকক, —” ই বুলি মূলাই
সৈন্য সেনা সৱে স’তে গ'ল সমৰত

[ ১৬৫ ]

যুজিব যৱনে স’তে। ভীমপৰাক্ৰমে
বিনাশি পাঠান বহু; যৱনৰ সেনা,
বিপক্ষ মাজত গই হ’ল উপনীত,
ভীমনাদ কৰি মূলা, অতুল বিক্ৰমে
আক্ৰমিলে শত্ৰুপক্ষ (বিপক্ষৰ সেনা)
ব্যাধৰ শৰত যেনে সিংহ হ’লে হত
অকালত, নিষাদক আক্ৰমে সিংহিনী
কৰি ঘোৰ গৰজন। বীৰৰ বংশত
জন্ম লই, কিবা ভয়? খেলে কুম্ভিৰণী
ঢৌৱে স’তে সমুদ্ৰৰ নিশঙ্ক মনেৰে॥
 মূলাও বীৰ-ৰমণী,—দেখিলে তাজুক
(যৱনৰ সেনাপতি),—বুলিলে গৰজি
“হে তউজি! বহুপৰ খুজিছিলোঁ তোক,
পামৰ! পৰিলি ধৰা,—পাবি প্ৰতিফল
কৰিলি বহুত পাপ! প্ৰতিপত্তি তোৰ
(নৰাধম যৱনৰ) ঘৃণিত কামত,
প্ৰতাৰণা!—প্ৰতাৰণা কপট আচৰি
হৰিলি যি ৰত্ন, হায়! চাওফ্ৰাচে-ৰূপী

[ ১৬৬ ]

আহোমৰ,—ইদেশত চৌৰ্য্য-বেশে আহি,
অমূল্য সি ৰত্ন, দুষ্ট! দণ্ড সমুচিত
তাৰ আজি ল’,—পামৰ! মৃত্যু দণ্ড তাৰ!!”
ই বুলি মূলা-গাভৰু নিক্ষেপিলে—শেল
(শূল সম চামুণ্ডাৰ) বিন্ধিলে হৃদয়
ভেদ কৰি মৰ্ম্ম-স্থল, মূৰ্চ্ছাগত প্ৰাণ,—
ব’লে নদী শোণিতৰ,—হই অচেতন
পৰিল তউজি! সৱে পলাল যৱন॥
 আহিল আকউ এটি পাঠানৰ সেনা
আক্ৰমিব’ গাভৰুক তৰোৱালে স’তে
কৰি ঘোৰ গৰজন। বুলিলে গাভৰু
বীৰাঙ্গনা মূলা ক্ৰোধে,—“নিলাজ পাঠান!
কাপুৰুষ! নাই লাজ? যাৱ বাৰে বাৰে—
পলাই পৰাণ লই,—পলায় শিয়াল
সিংহীক দেখিলে যেনে,—পুনু আহ ঘূৰি
সমৰত! কি লজ্জা! ছি!! কিন্তু আজি পুনু
নোৱাৰ পলাব, দুষ্ট! আৰু ৰক্ষা নাই
মূলাৰ হাতত আজি! ই জাঠিৰে স’তে

[ ১৬৭ ]

সংহাৰিম,— হে পাঠান! নিলাজ যৱন!!”
 ই বুলি মূলা গাভৰু আক্ৰমিলে তাক
( আক্ৰমে সিংহিনী যেনে শিশু হৰিণৰ )
হানিলে সুতীক্ষ্ণ জাঠি, বিন্ধিলে বুকত
ব’লে শোণিতৰ নই,—পৰিল পাঠান
প্ৰাণশূন্য!- -“হায়! হায়! কৰিলে যৱন
(পাঠানৰ সেনাসৱ )। আহিল বঙ্গাল
তৰোৱাল হাতে কৰি। বুলিলে গাভৰু
“ভাল, ভাল,—হে বঙ্গাল! ভাল দেখা হ'ল
তোৰে স’তে আজি, দুষ্ট! তাজুৰ মৃত্যুত
( সহযোগী সহযোদ্ধা ) সন্তাপিত যদি
অন্তৰ,—পামৰ! তোৰ,—আমি বীৰাঙ্গনা
বীৰকন্যা বীপত্নী পৰহিতব্ৰতা
( পৰৰ হিতৰ অৰ্থে নাৰীৰ জনম)
কৰোঁ আজি তোৰো হিত,—দিওঁ পঠিয়াই
যমৰ কাষত তোকো,—চিৰশান্তি লভি
থাকিবি আনন্দে তাত তাজুৰ লগতে॥”
নুশুনি মূলাৰ কথা নিদি যেন কান

[ ১৭০ ]

সিকথাত,—ক’লে হাঁহি বঙ্গালে মূলাক,—
“হে সুন্দৰি! কিয় তুমি এই বয়সত
আহিছা সমৰ ভূমি কৰি পৰিহাৰ
ভোগতৃষ্ণা, সুখবাঞ্ছা? কোমল দেহাত
কিৰূপে সহিবা তুমি ক্লেশ সমৰৰ?”
হিন্দু আমি,—তিৰীবধ ভাবোঁ মহাপাপ,
নকৰোঁ তোমাক হত্যা,—যোৱাঁ তুমি ঘূৰি
আপোন ঘৰত পুনু,—-যোৱা থাকাঁ সুখে
মৰিছে যুদ্ধত স্বামী,—কিন্তু আছে কাল—
যৌৱন তোমাৰ,—তুমি পুনু পাবা পতি,
থাকিবা আনন্দে দুয়ে,—নকৰাঁ বঞ্চিত
ই পূৰ্ণ যৌৱন, হায়!”
.........“কলঙ্ক হিন্দুৰ!
ধিক্ তোক শত ধিক্!” বুলিলে মূলাই
কি লজ্জা! ছি!! হিন্দু বুলি দিয় পৰিচয়,—
ভাব পাপ তিৰীহত্যা,—কিন্তু বিধৱাক
দিয় শিক্ষা পুনু, হায়! স্বোৱামী বৰিব’?
দুই স্বামী তিৰুতাৰ? কলঙ্ক হিন্দুৰ!!

[ ১৭১ ]

নাজান, নিৰ্ব্বোধ! তই,—নতু বিজাতিৰ,—
সংসৰ্গ দোষত, কালে,—গইছ পাহৰি,—
তিৰুতাৰ একস্বামী,—দুই স্বামী হ’লে
দ্বিচাৰিণী,—হয় নষ্ট সতীত্ব-ৰতন
তিৰুতাৰ জীৱনৰ একমাত্ৰ ধন॥
তিৰুতা মানুহ আমি,—তিৰীৰ পৰাণ,—
নোৱাৰোঁ মুছিব ছবি প্ৰথম প্ৰেমৰ
হৃদয়-পটৰ পৰা,—তিৰী জীৱনত
থাকে জাগি স্মৃতি তাৰ স্ত্ৰীৰ অন্তৰত।
তহঁত পুৰুষ, কিন্তু অতি নীচ হিয়া
পুৰুষৰ,— জীৱন্তত প্ৰাণপ্ৰিয়তমা
জীৱন-সঙ্গিনী পত্নী,—মৃত্যুৰ পাছত
সেই প্ৰিয়পত্নী হয় নিশাৰ সপোন
নতু, সপোনৰ খেলা,—ধিক্ তো-সবাক!”
  “শতধিক পুৰুষক! কপট প্ৰেমত
পুৰুষৰ! মৰে পত্নী,—নাযায় ছমাহ,—
পুনু পত্নী আনে ঘৰে,—পুনু পত্নী লই
আনন্দে বিহৰে, হায়! খস্তেকৰো হেতু

[ ১৭৪ ]

নোটোকে চকুৰ পানী হুমৰি পূৰ্ব্বৰ
স্মৃতি পূৰ্ব্ব প্ৰিয়সীৰ, প্ৰথম প্ৰেমৰ!!
 সেই যেই হোক, কিন্তু কিয় আহ তই
যুজিব মুলাৰে স’তে? মাৰিব’ পৰাণ
অকালত? বৈৰী তই নহৱ মূলাৰ,-
কিহ’ব সংহাৰি তোক?যুজে নে কি, হায়!
সিংহিনী শিয়ালে স’তে? কি হ’ব নাশিলে?
কিব৷ যশ মাৰি মহ আঠুৱা তলৰ
( অতি ক্ষুদ্ৰ জীৱ সিটো!) কিন্তু যদি ভাঙ্গে
শান্তিঃআহি ঘনে ঘনে,—নুপজিব কাৰ
ৰোষ? দুষ্ট! এৰ গৰ্ব্ব,--পঠা তুৰ্ব্বকক,—
পতিহন্তা সিটো মোৰ! যি অৱধি তাক,
নকৰোঁ বিনাশ নিজে,—নুপূৰে মূলাৰ
মনৰ হেপাহ আৰু লালস৷ যুদ্ধৰ॥”
  “সামান্য ৰমণী তুমি, অত দৰ্প কৰা
সহে নে কি পুৰুষৰ? পুৰুষৰ প্ৰাণে
সহে অত অপমান?” ই বুলি বঙ্গালে
দাঙ্গি ল'লে তৰোৱাল, —তুলিলে মূলায়ো

[ ১৭৫ ]

হেঙ্গদান খনি। “জয়! আহোমৰ জয়!!”
বুলিলে আহোম সেনা, — “জয় পাঠানৰ!!”
পাঠান সেনাই বোলে। মূলা বঙ্গালৰ
লাগিল তুমুল যুদ্ধ, কাৰোফালে নাই
জয় কিম্বা পৰাজয় বহুপৰলই,—
শেহত মূলাই কিন্তু কিবা ছল পাই
কাটি বঙ্গালৰ শিৰ হেঙ্গদানে স’তে
“জয়! আহোমৰ জয়!! উঠিলে চিয়ঁৰি॥
পৰিল বঙ্গাল যোদ্ধা, পলালে পাঠান,
সকলো পাঠান সেনা যুদ্ধ ঠাই এৰি
আপোন কোঠৰ ফালে;—পলালে তুৰ্ব্বক
প্ৰাণ লই আপোনাৰ। আহোম-কোঠত
উঠিলে শবদ “জয়! আহোমৰ জয়!!”

[ ১৭৮ ]

 “কুক্ষেণত আহি আমি সোমালো ইদেশ
আহোমৰ,— কুক্ষেণত লগালো বিগ্ৰহ
আহোম-সেনাৰে স’তে, সমৰ-ক্ষেত্ৰত
সোমালো কুক্ষণে, জানো, কৰি সহচৰী
আনিল লগত মাতি সৰ্ববনাশী ৰূপী
কুলক্ষ্মীক! তিয়াগিলে পুখুৰীৰ পানী
মীনদল যেনে, —–—–আজি পাঠানৰো সেনা
সেই দশাগ্ৰস্ত,—হায়! এৰি নিজ ভূমি!!
শীতৰ শেষত যেনে পত্ৰ অৰণ্যৰ
খহে এটি-দুটি কৰি,——খহিলে সিদৰে
পাঠানৰো সেনা আজি কাল-সমৰত!
কি লই ঘূৰিম আজি? স্বদেশত গই
কি বুলি প্ৰবোধ দিম বন্ধুবান্ধৱক

[ ১৭৯ ]

দিছিলে যি অৰ্পি, হায়! বিশ্বাসি আমাক
আপোনাৰ জ্ঞাতিবন্ধু, পুত্ৰ পৰাণৰ?
গোলাপৰ বৃক্ষে যেনে শিৰ-শোভাৰূপী
ফুলপাহি উটুৱায় ধলনী-পানীত,
আমিও সিদৰে, হায়! চিৰকাল লই
অকালত বিসৰ্জ্জন দিলো ৰত্ন দুটি
পাঠান-সেনাৰ আশা, কাল-সমৰত!!
লণ্ডভণ্ড আজি কোঠ, লণ্ডভণ্ড সেনা
পাঠানৰ,—লণ্ডভণ্ড যেনে ধুমুহাত
সুৰম্য কদলীবন!” বুলিলে তুৰ্ব্বক
কাঢ়ি এটি হুমুনীয়া অতীব শোকৰ!!
 “কুক্ষেণত আহি, সঁচা, পশিলো ৰণত,—
সঁচা কথা, বন্ধুবৰ!” বুলিলে হুচেন[২৭]
( এটি পাঠানৰ যোদ্ধা ) “নতুবা কি আমি
বাৰে বাৰে হাৰমানো? বাৰে বাৰে নাশ

[ ১৮০ ]

হয় পাঠানৰ যোদ্ধ৷? স্তম্ভিত পঞ্জাবী
যাৰ বলে ৰাজপুত, শিখ পৰাজিত,—
হত বল সি পাঠান ( কি আশ্চৰ্য্য কথা! )
আহোমে সহিতে যুজি? সামান্য ৰমণী
আহোমৰ, নাশে যোদ্ধা, পাঠানৰ বীৰ
সম্মুখ যুদ্ধত যুজি? নাই কাজ আৰু
যুদ্ধ কৰি! বৃথ৷ আশা!! বলা যাওঁ ঘূৰি
স্বদেশত। বন্ধুবৰ! বিদৰে হৃদয়!–
পাঠান সেনাৰ দেখি দুৰ্দ্দশা বিলাই
আহি এই আসামত,—ফলিল কুফল
ৰমণীৰে স’তে যুজি,—হেৰাব জীৱন
পাঠানৰ,— বৃথা চেষ্টা,—কি কাজ যুদ্ধত”
  “সিংহৰ মুখত পৰি,” বুলিলে তুৰ্ব্বক
অতি ক্ষুদ্ৰ মৃগ-শিশু, সিও দেখে পথ
আপোনাৰ,—চেষ্টা কৰে ৰাখিব' জীৱন
যদি পাৰে; ক্ষুদ্ৰ বেঙ ( যৱে সৰ্পে ধৰে )
যত বেলি থাকে প্ৰাণ, যুজে প্ৰাণপণে
সৰ্পে স’তে আপোনাৰ নিমিত্তে প্ৰাণৰ।

[ ১৮১ ]

অতল জলধি-গৰ্ভ, ডুবে যদি তাত
তৰী,—তাৰ আৰোহীয়ে চেষ্টে প্ৰাণপণে
উঠিব তীৰত, থাকে যদবধি প্ৰাণ,—
নুডুবে যি পৰিমিত! আৰু,—আমি সৱে
পাঠান কুলত জন্মি, দিম স্বইচ্ছায়--
বিসৰ্জ্জন কীৰ্ত্তিৰূপী পাঠান-জীৱন
ই আসাম সমুদ্ৰতা( আহোম-ৰাজ্যত )?”
হুচেন— “খহে যেনেকই তৰা উল্কাৰূপ ধৰি
 অকালত,—সমৰত পৰিলে সিৰূপে
 পাঠানৰো যোদ্ধা সব! কিফল বিনাশি
 অৱশিষ্ট আছে যিব৷? যদি ইষ্ট সিদ্ধি
 অসম্ভৱ পাঠানৰ,—যদি ভাগ্যে নাই
 বিজয় পতাকা, হায়! কি কাজ যুদ্ধত?”
তুৰ্ব্বক— “কিবা ফল কুতৰ্কত? কি ফল কটাই
 বৃথায় সময়? জয় মৃত্যু দুটি কথা
 পাঠান কুলৰ, বন্ধু! জয়যুক্ত হই
 যাম ঘূৰি স্বদেশত,—সমৰ-ক্ষেত্ৰত
 নতু, শুম সৱে মিলি, স্বদেশত লাগি।”

[ ১৮২ ]

হুচেন – শুম, সঁচা, সৱে মিলি সমৰ-ক্ষেত্ৰত
 আহোমৰ;—নাই কিন্তু জানিবা নিশ্চয়
 পাঠানৰ ভাগ্যে, বন্ধু! ই যুদ্ধত জয়॥”
তুৰ্ব্বক—“জয় পৰাজয়, বন্ধু! ইচ্ছা বিধতাৰ,
 কি কৰি বুজিবা তুমি? গ'লে স্বদেশত
 পলাই সমৰ এৰি, কৰিব জগতে
 পাঠান সেনাৰ গ্লানি,— থাকিব মৰ্ত্ত্যত
 যাবচ্চন্দ্ৰ দিবাকৰ কলঙ্ক মহত॥
 যি থাকে ভাগ্যত হ’ব,—নোৱাৰি মুছিব
 কপালৰ লিখা, হায়! বলা সাজা গই
 সমৰ সাজেৰে সেনা,—ওলোৱাঁ যুদ্ধত,
 যাওঁ আজি পুনু সৱে, পুনু যুজেঁ৷ গই
 আহোম সেনাৰে স’তে। নাশিম যুদ্ধত
 সি অদ্ভূত নাৰী আজি,—নতুবা মৰিম
 নিজেই সি সমৰত, আত্মবলি দিম॥”

[ ১৮৩ ]

 কোঠৰ চৌপাষে শুনি কোঢ়াল সেনাৰ
পাঠানৰ,—কি.কৰিলে বীৰাঙ্গনা মূলা?
সাজিলে কি ৰণসাজে? কৰিলে কিৰূপে
তুৰ্ব্বকে সহিতে যুদ্ধ? সি কাহিনী আজি
( মূলাৰ বীৰত্ব কথা ) আসামবাসীক
শুনাম, হে বীণাপাণি! কবিৰ ঈশ্বৰি!—
দাসক যদিহে আজি দয়া কৰা তুমি॥
নাজানো ভকতি স্তুতি, নাজানো কিৰূপে
আৰাধে তোমাক, আই! নাজানো কি বুলি
নিবেদে মনৰ ভাব পাৱত তোমাৰ
অতি জ্ঞানহীন দাস; নতু, আৰাধনা
কৰিলোঁ-হেতেন, মাতৃ! কালিদাস-দৰে
তোমাক নিজম ৰাতি,—তুষ্ট হই তুমি
আহিলাহেঁতেন, জানো, ব্ৰাহ্মণী-বেশেৰে
বৰ দিব’ দুৰ্ভগাকে৷,—পুখুৰি-পানীত
স্নান কৰি, ডুব মাৰি, লই দুয়োহাতে
দুটি পদ্ম,—কৰ যুড়ি, বুলিলোহেঁতেন—

[ ১৮৬ ]

“পদ্মমিদং মম দক্ষিণহস্তে বামকৰাণি চ
উৎপলমেকং ব্ৰূহি কিমিচ্ছসি কৰ্ষ সনালং॥”
 তুমিও, কল্পনা! আহাঁ,—কবিৰ সঙ্গিনী
অমৃতভাষিণী দেবি! কল্পতৰু তুমি
কবি-মন ফুলনীত,—তোমাৰ প্ৰসাদে
শতমুক্তা ফল ফলে মৰুভূমি-মাজে।
কৃপ৷ কৰাঁ,---গাওঁ আজি, কিৰূপে সাজিলে
আহোম-ৰমণী মূলা সমৰ-সাজেৰে
যুক্তিব’ তুৰ্ব্বকে স’তে, যি বীৰত্ব কথা,
সিজাতিৰ ( আহোমৰ ), সি দেশ বাসীৰ
( কানীয়া উপাধী যুক্ত চিৰ পৰাধীন
আসাম বাসীৰ ) আজি নিশাৰ সপোন,
নতু,— গল্প ইচ’পৰ[২৮] কাহিনী পৰীৰ[২৯]
 পাঠানৰ কোলাহল কোঠৰ চৌপাষে—
শুনি মূলা সখী স’তে, পিন্ধি ৰণ-সাজ
ওলালে যুদ্ধত যাব। আহোমৰ সেনা

[ ১৮৭ ]

সাজিলে সমৰ সাজে,—কোনো ল’লে জাঠি,
কোনে শেল,—কোনে শূল,—কোনে তৰোৱাল,
কোনে ল'লে হেঙ্গদান্;উঠিলে হুঙ্কাৰি
বীৰাঙ্গনা মূলা, যেন কাল ভুজঙ্গিনী;
কিম্বা দৈত্য-যুদ্ধে যেনে নৃমুণ্ডমালিনী
নতু, বীৰাঙ্গনা জোনা[৩০]ফৰাচী কুমাৰী
ভীমামূৰ্ত্তী ভয়ঙ্কৰা অৰ্লিন্ যুদ্ধত[৩১]
 বুলিলে সেনাক চাই “আসামৰ আশা!—
আহোমৰ বীৰ সব! ব’লা যুদ্ধ সাজি
যাওঁ সমৰত আমি।জন্ম বীৰকুলে
তোমাসাৰ,—ব’লা আজি বীৰৰসে ভাহি
যাওঁ সৱে, — মথি আজি সমৰ সাগৰ
খ্যাতি-ৰত্ন লওঁ তুলি,—লোক পাল সৱে
সমুদ্ৰ মন্থন কৰি তাহানি কালত
তুলিলে যিৰূপে সুধা, বাঞ্ছিত দেৱৰ।

[ ১৮৮ ]

তিৰুতা যদিও মূলা, যদিও অৱলা —
থাকি তোমাসাৰে স’তে, কৰিব সমৰ
তোমাসাৰ লগে লগে, —নদংশে কি, হায়!-
সাপিনীয়ে হৰোঁতাক কুন্তলৰ মণি?
যদিও সাপিনী তিৰী? মূলাও ফণিনী
প্ৰতিহিংসা-পৰায়ণা কালভুজঙ্গিনী॥”
ই বুলি মূলা গাভৰু ওলালে যুদ্ধত,—
ওলালে আহোম সেনা, ললে সৱে খোজ
সমৰ ক্ষেত্ৰৰ ফালে। পাঠানৰো সেনা
আহিল সি কালে সাজি,—হ’ল দুপক্ষৰে
সম্মুখা-সন্মুখি পুনু, – লাগিল সমৰ
দুপক্ষৰে ঘোৰতৰ, কুৰু সমৰত
যেনে কুৰু পাণ্ডৱৰ,—নতুবা তাহানি
গ্ৰিচীয়[৩২] যোদ্ধাৰে স’তে ট্ৰোজীয় [৩৩]সেনাৰ

[ ১৮৯ ]

ট্ৰয়-সমৰত[৩৪] যেনে;—নাই কিন্তু কাৰো
জয় কিম্বা পৰাজয় বহু পৰলকে॥
  “হে তুৰ্ব্বক! পালো আজি ভাগ্যে দেখা তোক,
পতিহন্তা তই মোৰ” বুলিলে মূলাই
“নাশিম স্বহস্তে আজি, কাটি তোৰ শিৰ
পূৰাম হেপাহ মোৰ লালসা যুদ্ধৰ।”
তুৰ্ব্বক— “বীৰকুলে বীৰবংশে জন্ম তুৰ্ব্বকৰ,—
সুন্দৰি! বুজে সি নিজ বীৰত্ব-গৌৰৱ!
নুযুজে সি নাৰী স’তে। কি ঘৃণাৰ কথা!!—
যুজিব পাঠানবীৰ অৱলা নাৰীৰে
পশুৰাজ সিংহে যেনে শিয়ালীৰে স’তে!!”
  “কি আম্পৰ্দ্ধা! জ্বলে প্ৰাণ!! নিলাজ তুৰ্ব্বক!
কিয় অত দৰ্প তোৰ? লুকাই পলাই
ৰাখিছ পৰাণ মাথোঁ শিয়ালৰ দৰে
“সিংহীৰ ভয়ত যেন” ই বুলি মূলাই

[ ১৯০ ]

ল’লে দাঙ্গি হেঙ্গদান্, ল'লে তুৰ্ব্বকেও
তৰোৱাল খনি তুলি,— লাগিল তুমুল
যুদ্ধ মূলা তুৰ্ব্বকৰ। এনে সময়তে
অলক্ষিতে মাৰে শেল মূলাৰ বুকত
এটি পাঠানৰ যোদ্ধা ( কলঙ্ক যোদ্ধাৰ!–
পাঠান-কুলকলঙ্ক!! ) পৰিলে হাউলি
মুলা,—পৰে যেনেকই বলিলে ধুমুহা
ছিন্ন লতা,—নতু, কিম্বা বৃক্ষ কদলীৰ;
কিম্বা, যেনেকই, হায়! তাহানি কালত
কপিৰাজ বালী যৱে সুগ্ৰীৱে সহিতে
যুজিছিলে কিষ্কিন্ধ্যাত, যিৰূপে ৰাঘৱে
( কি অন্যায়!! ) অলক্ষিতে প্ৰহাৰিলে বাণ
বালীলই লক্ষ্য কৰি,—অন্যায় যুদ্ধত
পৰিলে যিৰূপে বালী,—আজিও সিৰূপে
পৰিলে মূলা গাভৰু, আহোম-গৌৰৱ,
মূৰ্ত্তিমতী ৰণদেবী আহোম কুলৰ!!
হাউলি পৰিল মূলা ( আহতা সিংহিনী!)
বুকৰ তেজেৰে ব'লে শোণিতৰ নই

[ ১৯১ ]

সমৰ-ক্ষেত্ৰত,হায়! আহোমৰ সেনা
ঘোৰ গৰজনে সৱে উঠিলে গৰজি
ধৰ্ মাৰ্ কৰি পুনু; লাগিল তুমুল
যুদ্ধ পুনু দুদলৰে, হ’ল বহু নাশ
পাঠান পক্ষৰ সেনা- -তিষ্ঠিব নোৱাৰি
পলালে শেষত সৱে যুদ্ধ-ঠাই এৰি।
 পলায় পৰাণ লই পাঠানৰ সেনা;
পাছে পাছে নিয়ে খেদি আহোম সেনাই
কৰি ঘোৰ গৰজন, — পলায় যৱন
সিংহৰ ভয়ত যেনে পোৱালী শহাৰ॥
 আহিলে মুহিলা কান্দি, সাবতি ডিঙ্গিত
মূলাৰ, বুলিলে শোকে,—“উঠাঁ,—প্ৰাণসখি!
কিয় আজি এই দশা? তেজেৰে ৰাঙ্গলী
দেহা কিয়? যেই দেহা বিভূষিতা নানা
অলঙ্কাৰে, কিয় সিটি লুন্ঠিত ধূলিত?
গাভৰু—হে সখি! তুমি, শোভে কি তোমাৰ
ভূমি-শয্যা? এই বেশ? হায়! অকালত
ফলিলে কি এই ফল আশাৰ গছত?

[ ১৯২ ]

উঠা, সখি! ফাটে হিয়া,—দেখিলে তোমাৰ
এই বেশ ( কান্দে প্ৰাণ!! ) যাৰ বিক্ৰমত
কম্পিত পাঠন-সেনা, যাৰে স’তে যুজি
ত্যজিলে তাজুৱে প্ৰাণ,— মৰিল বঙ্গাল
অকালত,—দৈত্যসব চণ্ডিকাৰে স’তে
যুদ্ধ কৰি যেনেকই তাহানি কালত॥”
 ই বুলি হুৰাও-ৰাৱে কান্দিলে মুহিলা
সখীৰ ডিঙ্গিত ধৰি! বুলিলে মূলাই, --
নাকান্দিবা, প্ৰাণসখি! ভৱ সংসাৰত
সকলো অনিত্য,—কাৰো কোনোৱে নহয়,
নাই কোনো পৰ,—কোনো নহয় আপোন
তোমাৰ। ই বিশ্বৰূপী গৃহ-প্ৰাঙ্গণত
একে পৰিবাৰ আমি আহোম যৱন;-
সকলো অনিত্য আমি,— সৱৰে ভাগ্যত
আছে, সখি! মৃত্যু লিখা,—সকলোৰে দেহা
নিৰ্ম্মিত পঞ্চভূতেৰে,— হয় পৰিণতি
সি পঞ্চভূততে পুনু,—মাথোঁ কীৰ্ত্তি যশ
ইমৰ্ত্ত্যত মানৱৰ অক্ষয় অব্যয়॥

[ ১৯৩ ]

বীৰকন্যা, বীৰপত্নী আহোম ৰমণী
তুমি, এনে ব্যাকুলতা নোশোভে তোমাক;
জগতৰ চিৰ ৰীতি, জনম মৰণ,
মুগ্ধ মাথোঁ মূৰ্খ তাত,—জ্ঞানী অবিচল
অচল পৰ্ববত যেনে। ত্যজিম নশ্বৰ
দেহা স’তে প্ৰাণ, সখি! হেতু স্বদেশৰ॥
কিয়, সখি! কান্দা তুমি? কিয় কৰা শোক?
অনিত্য মানৱ প্ৰাণ,—জীৱনৰ লীলা
মূলাৰো সমাপ্ত আজি! মুহূৰ্ত্তৰ পাছে
যাব প্ৰাণ এৰি দেহা, ই অনিত্য কায়া!
কিয় মিছা কৰা শোক? ই বঙ্গ-ভূমিত
( ভাৱনাৰ ছোঁ-ঘৰত ) নানাবেশ ধৰি
কৰে নানা ক্ৰীড়া নৰ, ক্ৰীড়া শেষ হ'লে
পৰে আহি “যবনিকা”—পঞ্চভূতী দেহা
হয় পঞ্চভূতে লীন, বায়ুৰ পুতলি
নীৰলে যিৰূপে হয় অদৃশ্য বায়ুত॥
নহয় মানৱ মাথোঁ,—গোটেই জগত
( বিভুৰ সৃজন যত ) অনিত্য সবেই।

[ ১৯৪ ]

সৌৱা যে দূৰত দেখা পৰ্ব্বতৰ চূড়া,
শিলেৰে বন্ধোৱা ঘৰ, দেৱৰ মন্দিৰ
কিম্বা ৰাজনিকেতন, উন্নত শৰীৰ
( কি সুন্দৰ ৰত্নময় ) চূৰ্ণ হ’ব সৱে।
এই যে পৃথিবী, সখি! বাহুকী-শিৰত,
পৰ্ব্বত, সাগৰ, পুষ্প, তৰু, লতা আদি
সকলোটি হ’ব ধ্বংস, নাথাকিব চিন॥
অসাৰ স্বপ্নৰ দৰে টোপনি-জালত
অনিত্য সকলো আমি, অনিত্য মৰ্ত্ত্যত।
সকলো অনিত্য!—কিন্তু অনিত্যৰে মাজে
আছে এটি “নিত্য”, সখি! সিটি “কীৰ্ত্তি” “যশ”
মানৱৰ জীৱনৰ,—যদি কৰ্ম্ম কৰি
ৰাখি যোৱা “কীৰ্ত্তি”, সখি! নহয় বিনষ্ট
“যশ” তাৰ,—হোক নাশ গোটেই পৃথিবী॥

 আহোম ৰমণী তুমি, জন্মি বীৰকুলে
নাই কি যশ-লালসা হিয়াত, হে সখি!
তোমাৰ? নাকান্দা, সখি! যোৱাঁ সমৰত

[ ১৯৫ ]

হেঙ্গদান্ ধৰি হাতে,—কৰাঁ শত্ৰুক্ষয়
দেশবৈৰী যত পাৰা। কি ছাৰ যৌৱন!
জীৱন, প্ৰাণ-লালসা। কি তুচ্ছ সংসাৰ!
মায়াময় ই ভৱত মায়া সংসাৰৰ
খন্তেকীয়া সুখ-হেতু! স্বদেশ-সেৱাত
পাবা সেই অমৰত্ব অমৰ বাঞ্ছিত,
ঘোষিব মৰ্ত্ত্যত যশ যুগ যুগান্তৰে॥
আহতা সিংহিনী মূলা যদিওবা,—হায়!
কিৰূপে নগৰ্জ্জি থাকে, দেখি শিয়ালৰ
উদ্ভণ্ডালি, প্ৰাণসখি? বীৰাঙ্গনা মূলা
জন্ম বীৰবংশে,—মূলা কুপিতা সিংহিনী॥
 শেষ।—কিন্তু, প্ৰাণসখি! আৰু নাই নাই।—
নাই আৰু বহুপৰ!! হইছে অৱশ
মূলাৰ ই দেহা, সখি! নোলায় মুখত
আৰু কথা!”

  “মুহিলাও আহোম ৰমণী,
বীৰাঙ্গনা মুহিলাও” বুলিলে মুহিলা,

[ ১৯৬ ]

“নাকান্দো মিছাতে আৰু! কি হ’ব কান্দিলে
চকুৰ চকুলো টুকি! বীৰাঙ্গনা আমি
নাই ভয়,—কিন্তু এৰি যাওঁ কেনে কই
এনে অৱস্থাত, সখি! অকলে তোমাক!”
 “মোত আৰু নাই আশা!” বুলিলে মূলাই
যোৱাঁ তুমি, প্ৰাণসখি! নকৰিবা খেদ।
ইচ্ছা হয়, ( হা! অদৃষ্ট!! দুৰাশা মূলাৰ!!! )
ই অন্তিম অৱস্থাতো, হেঙ্গদান্ ধৰি
চামুণ্ডাৰূপেৰে নাচি সমৰক্ষেত্ৰত
বিনাশোঁ পাঠান সেনা স্বদেশৰ বৈৰী
পতিঘাতী, যেনেকই বিন্ধ্যা আশ্ৰমত
নাশিলে বিন্ধ্যবাসিনী নিজ ভুজবলে
দানৱক, সেইৰূপে নাশিম যুদ্ধত
দুৰন্ত পাঠান সেনা, আপোন হাতেৰে
কাটি তুৰ্ব্বকৰ শিৰ—উস্! প্ৰাণ যায়!!
নোলায় মু-খ-ত—কথা! বি-দা-য়—বি-দা-য়!!”
 “ই বুলি মূলা গাভৰু আহোম বংশৰ
বীৰাঙ্গনা মুদি চকু, তিয়াগিলে প্ৰাণ

[ ১৯৭ ]

সুমৰি বিভুৰ নাম, বন্ধু অন্তিমৰ
মানৱ জন্মৰ সঙ্গী পথৰ সম্বল॥
  “অদৃষ্টৰ ফেৰ! সখি!” বুলিলে মুহিলা
“নাকান্দো মিছাতে আৰু, কি হ'ব কান্দিলে?
আৰু কি তোমাক পাম? আৰু নেকি তুমি
কথা ক’বা সখী বুলি? তুমি ভাগ্যৱতী
বীৰাঙ্গনা বীৰকন্যা, গ’লা ৰাখি থই
অনন্ত অক্ষয় কীৰ্ত্তি আসাম ভূমিত
পাঠানৰে স’তে যুজি, বিনাশি পাঠান॥
নোটোকোঁ চকুলো আৰু, চকুৰ চকুলো
বিপদত মাথোঁ চিন ভীৰুতাৰ, সখি!”
যোৱাঁ, সখি! যদিওবা আগে বুজা নাই,
বুজিব পাৰিছোঁ আজি, ই কৰ্ম্ম-ক্ষেত্ৰত
তাৰে মাথোঁ জন্ম সাৰ যেয়ে কৰ্ম্ম কৰি
ৰাখি যায় কীৰ্ত্তি, সখি! যি নকৰে কৰ্ম্ম
ই কৰ্ম্ম-ক্ষেত্ৰত, তাৰ অসাৰ জীৱন
সংসাৰত! বৃথা জন্ম! – জন্ম অসাৰ্থক॥”
যোৱাঁ, মূলা! যোৱাঁ, দেবি! আহোমকুলৰ

[ ১৯৮ ]

মূৰ্ত্তিমতী ৰণদেবী, শোক পৰিহৰি
যোৱাঁ তুমি স্বৰ্গত, প্ৰাক্তনৰ গতি
খণ্ডাব নোৱাৰে কোনো। মৰ জগতত
ভুঞ্জে নব পূৰ্ব্বাৰ্জ্জিত ফল, কোনো সুখী
নিজকৰ্ম্মফলগুণে, ভোগী হয় কোনো,
কোনো হয় কীৰ্ত্তিমান চিৰস্মৰণীয়।
পূৰ্ব্বজন্ম পুণ্যফলে আসাম ভূমিত
তুমি আজি কীৰ্ত্তিমতী, দিগ্দিগন্তত
গাব সৱে কীৰ্ত্তি তযু, হ’ব গৌৰবিত
আসাম-নিবাসী আজি তোমাৰ গুণত॥
যোৱাঁ, মূলা!—
আসামৰ ঘৰে ঘৰে বিয়া সবাহত
উৎসৱত, যি কালত গাভৰু[৩৫] সকলে
ঘহি সুবাসিত তেল আঁচুৰিব চুলি,
ল'ব ফোঁট কপালত, চাই দাপোনত
আপোনাৰ মুখ-ছবি হাঁহিব যেতিয়া,—
শুনিলে তোমাৰ এই বীৰত্ব-কাহিনী,

[ ১৯৯ ]

পেলাব দূৰত তেল, হুগন্ধী আতৰ,
দাপোন, কাঁকই ফণি, হ’ব উৎসাহিত
নতুন উৎসাহে সৱে, অপূৰ্ব্ব ভাবেৰে
ভৰাই নিজৰ হিয়া ক’ব ৰিঙ্গিয়াই,—
কৰ্ম্মক্ষেত্ৰ তিৰুতাৰ নহয় কেৱল
গৃহস্থালী সংসাৰত, দাসীবৃত্তি মাথোঁ—
নোহে কৰ্ম্ম তিৰুতাৰ তিৰী জনমত,—
অন্তঃপুৰ নোহে মাথোঁ ৰাজ্য তিৰুতাৰ
কিম্বা তাৰ কাৰ্য্য নাৰী জীৱনৰ ব্ৰত॥
যোৱা, দেবি!
আসামৰ প্ৰতি ঘৰে, “পানৰ খোলাত”
পোৰোঁতে “কাণিৰ পান” কাণীয়া সকলে
মুদি মুদি চকু,—যদি শুনে কিবা ৰূপে
তোমাৰ কাহিনী ( এই বীৰত্বৰ কথা )
কাৰো মুখে,——চৰমত মৃতকল্প হই
পেলাব “কাণিৰ হোকা”— “পানৰ সজুলী”
এখন্তেক দূৰলই,—শোওঁতে পাটীত
সপোনত পাব দেখা যুদ্ধ ঘোৰতৰ

[ ২০০ ]

যৱন সেনাৰে স'তে ( মূলা যৱনৰ )॥
যোৱাঁ, গাভৰু!-
মলহানি মাজে মাজে গৰুৰ জাকত
গৰখীয়া সৱে যৱে শুনিব তোমাৰ
ই বীৰত্ব-কীৰ্ত্তি-গীত কাৰোবাক গোৱা
প্ৰফুল্লিত হ'ব মন,—ক’ব মনে মনে
জনম আমাৰ ধন্য, – ধন্য সেই জাতি
যি জাতিত জন্মিছিল এনে বীৰ নাৰী,—
ধন্য দেশ, —— ধন্য আমি গৰখীয়া ল'ৰা
ই দেশৰ,—জন্ম য'ত বীৰাঙ্গনা মূলা।
যোৱাঁ, দেবি!—
তযু কীৰ্ত্তি-গীত শুনি বন-বিহঙ্গম
আসামৰ— অৰণ্যত গাব হৰ্ষমনে
ধৰি সুমধুৰ সুৰ; ধন্য এই দেশ
জন্মিছিলে যি দেশত বীৰনাৰী মূলা।
আসাম-গৌৰৱ,—ধন্য, ধন্য, সেই নৰ
জন্ম যাৰ ইদেশত,— ধন্য সেই পখী
বিচৰে যি ই দেশৰ আকাশ পথত,

[ ২০১ ]

অৰণ্যত প্ৰান্তৰত কিম্বা নগৰত,
কি গ্ৰামত, — ধন্য আমি আসামৰ পখী॥
যোৱাঁগই, বীৰাঙ্গনা!
সমীৰণে স’তে মিলি তযু কীৰ্ত্তি-গীত
আকাশ-মাৰ্গত উঠি, ক'ব দিগন্তুক
ধন্য সেই জাতি যাৰ কুলত জনম
মূলা বীৰ-ৰমণীৰ! মুহিলা সখীৰ,
ৰণোন্মতা অঙ্গনাৰ, — স্বদেশৰ হেতু.
কৰিলে যি প্ৰাণত্যাগ যৱন-যুদ্ধত॥
 যোৱাঁ,—মূলা! ( কয় কবি ) নিমিত্তে তোমাৰ
( তোমাৰ শোকত ) আৰু নাকান্দো আমিও
( যদিও আমাৰ মাথোঁ চকুলো সম্বল
হতভাগ্য জীৱনত!) যোৱাঁ তুমি যোৱাঁ
বীৰাঙ্গনা সৱে স’তে থাকিবা স্বৰ্গত
অনন্ত অক্ষয় কাল, — সুমৰি তোমাৰ
ই বীৰত্ব-কীৰ্ত্তি, মূলা! ভবিষ্যত-বংশ
তোমাৰ, আসামবাসী হ'ব গৌৰবিত॥
 তন্দ্ৰামগ্ন আজি এই আসাম-নিবাসী

[ ২০২ ]

“পানৰ খোলাত” বহি চকু দুটি মুদি
শুনিব যেতিয়া এই বীৰকীৰ্ত্তি-গাঁথা
তোমাৰ, — গাভৰু! হ’ব উদয় হিয়াত
কি-এক অপূৰ্ব্ব ভাব,—পেলাব দূৰত
“পান-খোৱা ধোঁৱাখোৱা”, —দিব উটুৱাই
“কাণি টেমা” ভাবি বিহ নইৰ সোঁতত॥
 যোৱাঁ, মূলা! যোৱাঁ তুমি, থাকিবা স্বৰ্গত
চামুণ্ডাৰ পদতলে; নিমিত্তে তোমাৰ
নাকান্দে ই কবি আৰু, কন্দাৰ হেপাহ
পূৰ্ণ তাৰ জীৱনত,—জন্মাৱধি বহু
কান্দিছে ই দুৰ্ভগীয়া,—ভাঙ্গিছে হৃদয়
বহুবাৰ,—কিন্তু আজি সেই ভগ্ন হিয়া
গাঁথিছে শিলেৰে পুনু শক্ত গাঁথনীৰে
শোকৰ অভেদ্য কবি। শোকৰূপী শৰে
নিবিন্ধে ই হিয়া তাৰ, — হোক বজ্ৰাঘাত
অভেদ্য হৃদয় তাৰ, অভেদ্য শোকৰ॥

[ ২০৩ ]

অষ্টম সৰ্গ।

অন্ত্যেষ্টি[৩৬] সমাপ্ত কৰি আপোন পুত্ৰৰ
আহে নিৰানন্দ মনে যেনে ৰক্ষৰাজ
ৰাঘবাৰি দশানন, টুকি চকুপানী
ৰক্ষকুল বীৰে স’তে,—আহিলে সিৰূপে
কন্‌চেঙ্গ বৰপাত্ৰ লগে লই বহু
আহোমৰ সৈন্য সেনা, সমাপ্তি অন্ত্যেষ্টি
মূলাৰ, স্বামীৰে স'তে[৩৭] নইৰ দাতিত॥
 নিৰানন্দ আজি কোঠ! নিৰানন্দ আজি
আহোমৰ যত বীৰ,— বিমৰ্ষ চুক্লেন
বিমৰ্ষ চুৰেঙ্গ আজি,—আজি বিষাদিত

[ ২০৪ ]

চুখ্ৰেঙ্গ চুতেঙ্গ দুয়ো; নিৰানন্দ যেনে
হেৰুৱাই অভিমন্যু কুৰু সমৰত
পাণ্ডৱ পক্ষৰ সেনা, — নতু, দেৱগণ
নিৰানন্দ যেনে, হাৰি দানৱ যুদ্ধত॥
 বুলিলে মুহিলা কান্দি, “ক’ত থ’লা গই
প্ৰাণৰ সখীক মোৰ? যাৰ বলে বলী
আহোম-ৰমণী আমি,—আহোমৰ বীৰ
যাৰ ভাগ্যে ভাগ্যৱান্,—যাৰ বীৰ্য্যবল
মৰতত, ডাঙ্গৰীয়া! অমৰ-বাঞ্চিত?
কিন্তু কোৱাঁ, কেনেকই, কিৰূপে থাকিম
মৃতা প্ৰায়? কেনেকই সহিম প্ৰাণত
শত্ৰুৰ ধিক্কাৰ, হায়? পাৰে কি ফণিনী
থাকিব গাঁতত, যৱে শুনে বংশী ধ্বনি?
যি জ্বলন্ত অগ্নি আজি জ্বলিছে হিয়াত
কাক ক’ম? হায়! আজি কাক দেখুৱাম
হিয়াখনি ফালি,—যেনে হনুমন্তে হিয়া
দেখালে বিদাৰি মূৰ্ত্তি ৰাম লক্ষণৰ
তাহানি কালত? নতু, কোনেবা শুনিব

[ ২০৫ ]

কি দেৱতা কি মানৱে ব্যথা অন্তৰৰ?--
মুহিলাৰ দুখ আজি? নগণ্য পাঠান
সমৰত হ’ল জয়,—–বধিলে সখীক
চিৰ বীৰ্য্যৱতী মূলা! সহে কি প্ৰাণত?
গৰ্দ্দভৰ পদাঘাত সহে কি সিংহিনী?
কিৰূপে ই দুখ যাব? কি কৰি গুছাম
এই মোৰ মনস্তাপ? নতুবা কি লাভ
গতস্থ্য শোচনা কৰি? অদৃষ্ট বধিৰ!
কি হ’ব স্মৰিলে তাক? ধৰিব কি ফল?
ব’লা যাওঁ সমৰত,—যাওঁ ব’লা সৱে
সম্মুখ যুদ্ধত গই,—আপোন হাতেৰে
কাটি তুৰ্ব্বকৰ শিৰ, বিনাশি পাঠান
( পাঠানৰ সেনা সব ) পূৰাওঁ মনৰ
হেপাহ, যুদ্ধ-লালসা,—বিনাশি সমূলে
শত্ৰুদল,—ই প্ৰতিজ্ঞা—প্ৰতিজ্ঞা অটল॥
বীৰকুলোদ্ভবা আমি, বীৰৰ জীয়াৰী
প্ৰতিজ্ঞা পালনব্ৰত জীৱনৰ পণ;
কি তুচ্ছ পাঠান? হায়! সামান্য মানৱ?

[ ২০৮ ]

নডৰো দেৱক আমি, নডৰোঁ যমক
নকৰোঁ প্ৰাণৰ ভয়? কি তুচ্ছ পৰাণ
অসাৰ অনিত্য ছাঁয়া, মায়াময় দেহা!!
 মুহিলা নীৰৱে ৰ’ল,—ওলালে চকুৰ
ধাৰে পুনু চকুপানী,—পৰিলে মাটিত,—
পুৱাৰ বায়ুত যেনে সেয়ালীৰ ফুল॥
কন্‌চেঙ্গ — “ধন্য তুমি, আই দেও! তুমি বীৰ্য্যৱতী
ধন্য তযু সখী-প্ৰেম,— ধন্য সেই জাতি
যি কুলত জন্ম হ'ল মূলা মুহিলাৰ॥
কিন্তু তুমি হোৱাঁ ক্ষান্ত, নালাগে তোমাক
সমৰত যাব আজি; যদি যোৱ৷ তুমি,—
হাঁহিব বিপক্ষ-পক্ষে, পাঠান সেনাই
আহোমক ভীৰু বুলি, — হ’ব জগতত
কুযশ? আহোম হ’ল বীৰশূন্য ক’ব,—
নতু, কৰি প্ৰাণভয়, সম্মুখ যুদ্ধত
কৰে তিৰুতাক আগ,—ক’ব জগতত॥”
 ই বুলি নীৰৱ হ’ল ধীৰে কন্‌চেঙ্গ
( নতুন সৈন্য-অধ্যক্ষ আহোম সেনাৰ )

[ ২০৯ ]

কান্দিলে মুহিলা পুনু সখীক সুমৰি,
মায়াময় সংসাৰত মায়াবদ্ধ প্ৰাণী
কি কৰি নিবাৰে মায়া? যদিওবা জানে
অসাৰ সংসাৰ এই,— কাল-দশনত
চূৰ্ণীত ই চৰাচৰ নশ্বৰ জগত॥
কিন্তু যেনকই মোহে মন্ত্ৰ প্ৰভাৱত
দৰ্শকক যাদুকৰে, সিৰূপে মায়াই
মুগ্ধ কৰি মানৱক মোহে সংসাৰত!
ছঁয়াবাজী ই সংসাৰ, ইন্দ্ৰজালী খেলা,——
প্ৰকৃত পদাৰ্থ বুলি নৰে ভাব কৰি
তাকে, হায়! ধৰে হাফি,—কিন্তু মহাভ্ৰম
মুহুৰ্ত্তৰে'পাছে দেখে, মিছা ছঁয়া বাজী!!
 বুলিলে চুৰেঙ্গ ক্ৰোধে “ব’ল৷ ডাঙ্গৰীয়া!—
যাওঁ পুনু সমৰত, নাজানো, কি সাহে
পশিলে পৰুৱা আহি সিংহৰ গাঁতত
কোন লাজে? লজ্জাহীন পাঠান সেনাক
দলিম কটাক্ষে সবে, খেদিম দূৰত
ফেৰুৱাৰ পালসম, পাঠানৰ কোঠ

[ ২১০ ]

ভূমিসাৎ হ’ব আজি, মিলিব ধূলীত,—
পামৰ সি তুৰ্ব্বকক, নিজে বলি দিম,
নতুবা, আনিম বান্ধি,—প্ৰতিজ্ঞ৷ আমাৰ॥”
 সাজিলে আহোম সেনা পুনু যুদ্ধ সাজে
“জয় আহোমৰ জয়!!” উঠিলে শবদ
আহোম কোঠত পুনু, — সাজিলে কন্‌চেঙ্গ্,
( সেনাপতি আহোমৰ ) চুক্লেন চুৰেঙ্গ্,
চুখ্ৰেঙ্গ্ চুতেঙ্গ দুয়ো, — সাজিলে সেনানী
আহোমৰ যোদ্ধাসব, — কঁপাই মেদিনী
গ’ল সবে যুদ্ধ সাব্জি,—পাঠানৰ কোঠ
আক্ৰমিলে সবে গই ভীমনাদ কৰি॥
 শুনি ঘনে গৰজন আহোম সেনাৰ
সাজিলে পাঠান সেনা; আহিল তুৰ্ব্বক
তৰোৱাল হাতে কৰি। বুলিলে কন্‌চেঙ্গ :-
“হে তুৰ্ব্বক! অধৰমী! কপট সমৰী
অৱলা তিৰুতা নাশি অন্যায় যুদ্ধত
সাহস জন্মিছে তোৰ? কিন্তু ৰক্ষ৷ নাই

[ ২১১ ]

আজি, তোক, অধৰমী! কৰিম বিনাশ;
আপোন হাতেৰে আজি দিম তোক বলি॥”
 “লজ্জা নাই, হে কন্‌চেঙ্গ?” বুলিলে তুৰ্ব্বক,—
“হে আহোম! নাই লজ্জা? কোৱা কোন মুখে
অধৰৰ্মী পাঠানক? বিধৰ্ম্মী আহোম
জগতত! কি লজ্জা! ছি!! শুনিলেও পাপ!
পূৰ্ব্ব পুৰুষৰ এৰি ধৰ্ম্ম আপোনাৰ
ল’ল৷ আহি পৰধৰ্ম্ম,—হ’লা পৰিচিত
হিন্দু নামে! (পৰ নামে! — কি ঘৃণাৰ কথা!! )
শত ধিক্ আহোমক! আহোম নামক!-
বৌদ্ধধৰ্ম্মী গুছি আজি হিন্দুসাজে সাজি
হিন্দুধৰ্ম্মী? কি অসভ্য! স্বধৰ্ম্মত থাকি
নাপায় নৰে কি মুক্তি? স্বধৰ্ম্মৰ পথ
নহয় প্ৰশস্ত নেকি? স্বধৰ্ম্মত কই
আছে কিবা প্ৰিয় আৰু? কি আশ্চৰ্য্য কথা!—
মাতৃভাষা পৰিহৰি পৰভাষী আজি!!
লজ্জা নাই, হে কন্‌চেঙ্গ! কোৱা তথাপিও
পাঠান অধৰ্ম্মী? ধিক্, বিধৰ্ম্মী আহোম!”

[ ২১২ ]

কন্‌চেঙ্গ---“নাজান, তুৰ্ব্বক! তই,—স্বধৰ্ম্মতিয়াগী
নহওঁ মিছাই আমি; আছে এটি বৰ
উদ্দেশ্য নিহিত তাত,—সিটি ৰাজনীতি
যাত লাগি মাতৃভাষা ত্যাগ কৰি আজি
হ'লো পৰভাষী আমি।”
তুৰ্ব্বক........“ধিক্ ৰাজনীতি!
“শতধিক্ সি নীতিক, যাৰ মোহে পৰি
ভুলে নিজ ধৰ্ম্ম নৰ, আপোন জননী
মাতৃভাষা, — হে কন্‌চেঙ্গ! নাজানে কোনেবা
নিজধৰ্ম্ম, মাতৃভাষা, আপোন জননী
জন্মভূমি, এই চাৰি সবাতো অধিক
প্ৰিয়তৰ মানৱৰ এই জগতত।
আমিও পাঠানজাতি নিজদেশ এৰি
সোমাইছোঁ ভাৰতত ( এৰি চ্যান [৩৮] দেশ

[ ২১৩ ]

আহিছা আহোম যেনে) পাতিছোঁ নগৰ
নানা দেশে নানা ঠায়ে,—কিন্তু নিজধৰ্ম্ম
এৰিছে পাঠানে ক’তো? এৰিছে কি ভাষা
আপোনাৰ? এৰিছে কি ৰীতি ব্যৱহাৰ?
কি লজ্জা! ছি!! আহাম্মক! নাজানেবা কোনে
নৰকৰো ৰজা শ্ৰেষ্ঠ সহস্ৰেক গুণে
স্বৰ্গৰ দ্বাৰীত কই? স্বৰ্গৰ দুৱৰী
ক্ষুদ্ৰজন; ৰজা যেই পূজিত সবাৰ
নৰকৰ কি স্বৰ্গৰ। ৰাজনীতি ৰূপী
কুহক জালত পৰি,—হ’লা বিস্মৰণ
জাতি-ধৰ্ম্ম, মাতৃভাষা, পিতৃপুৰুষৰ
ৰীতিনীতি,—কিন্তু এই মূৰ্খামী-দোষত
কান্দিব যে আজীবন ভবিষ্যত বংশ
আহোমৰ,—অনুতাপে দহিব হৃদয়
চিৰকাল সি সবৰ,— আহিব এদিন
সি সবে বুজিব এই ভুল ভয়ঙ্কৰ॥”
কন্‌চেঙ্গ...“নালাগে, তুৰ্ব্বক! মোক নীতিশিক্ষা তোৰ,
যৱনৰ নীতিশিক্ষা নালাগে আমাক।

[ ২১৪ ]

সাজু হ, নিলাজ! আজি মৃত্যুৰ নিমিত্তে
অন্তিমত,—আজি তোৰ নাই পৰিত্ৰাণ॥”
 “নহয় তুৰ্ব্বক ভীৰু, নকৰে তুৰ্ব্বকে
আহোমক ভয়, হায়! নিলাজ আহোম!—
কিয় অত গৰ্ব্ব তোৰ?” ই বুলি তুৰ্ব্বকে
ললে দাঙ্গি তৰোৱাল, —ললে কন্‌চেঙ্গ
হেঙ্গদান খনি তুলি; লাগিল তুমুল
সমৰ দুয়োৰে পুনু, — দুয়ে সমবলী
( যেনে ভীম দুৰ্য্যোধন কুৰু সমৰত,—
সৌমিত্ৰী ৰাৱণী কিম্বা কনক লঙ্কাত )
নাই কাৰো পৰাজয়। শুনিছোঁ তাহানি
গজ-কচ্ছপৰ যুদ্ধ আজিও সিদৰে
লাগিল উৎকট ৰণ দুয়োৰে ভিতৰে॥
 অস্ত গ'ল দিনমণি বিষম যুদ্ধত,
আহিল সুন্দৰী নিশা, পিন্ধি দীপ্তমালা
তাৰকাৰ ( পিন্ধি যেনে মালা হীৰকৰ
খোঁপাত পূৰ্ণ যৌবনা সুন্দৰী যুৱতী
অমানিশা ) চাওঁ বুলি, জানো, সি সমৰ

[ ২১৫ ]

( কন্‌চেঙ্গ তুৰ্ব্বকৰ ); যুদ্ধ অবিৰাম,—
দুয়ো সমতুল যোদ্ধা, — দুয়ে সমবলী।
কেশৰী যিৰূপে বহে বুকৰ ওপৰে
পেলাই ভূমিত, আহা! মদমত্ত কৰী,
বহিল কন্‌চেঙ্গ আজি সি দৰে বুকত
তুৰ্ব্বকৰো,—দুইখণ্ড কৰিলে শৰীৰ।
উঠিল আনন্দধ্বনি আহোম সেনাৰ॥
 পৰিল তুৰ্ব্বক! খেদি আহিল হুচেন,--
হেঙ্গদানে স’তে তাৰো কাটি ল’লে শিৰ
কন্‌চেঙ্গ বৰপাত্ৰ। উঠিলে শবদ
“জয় আহোমৰ জয়!” পলালে যৱন
যি দৰে পিয়াপি দিয়ে ফেৰুৱাৰ জাক
ভয়ঙ্কৰ শাৰ্দ্দুলৰ দেখি পৰাক্ৰম॥

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1.  আহোমবিলাকেই যে বাৰুদৰ আবিষ্কাৰ কৰোঁতা, এই সম্পৰ্কে, “মিৰজুমলাৰ আসাম আক্ৰমণ”ৰ কথা লিখোঁতে মিঃ টেভাৰনিয়াৰ ( Mr. Tavernier) চাহাবে লিখিছে :-
     “Tis thought that these (Ahoms) were the people that formerly invented gun powder, which spread itself from Assam to Pegu; and from Pegu to China from where the invention has been attributed to the Chinese."
  2. অনাৰেবল্ শ্ৰীযুত পদ্মনাথ বৰুৱাৰ আসামৰ বুৰঞ্জী।
  3. এওঁৰ নাম “কাঁচনমল৷” আইদেও। শ্ৰুতিমধুৰ কৰিবলৈ লিখকে “কাঞ্চন আইদেও” কৰিছে।
  4. “বুদ্ধিমতী আহোম কণ্যা” প্ৰৱন্ধৰ লিখকে তেখেতৰ প্ৰৱন্ধৰ সাৰাংশ গ্ৰহণ কৰি লৈ, আৰু আৱশ্যকমতে, তেখেতৰ লিখা উদ্ধৃত কৰিবলৈকো, অনুগ্ৰহ পূৰ্ব্বক আমাক অনুমতি দিয়াত, আমি এই খিনিতে তেখেতৰ নথৈ শলাগ লৈছোঁ।
  5. আসামত মানুহে এওঁক “সোন্দৰ গোহাঁই” বুলিছিল। ৺কাশীনাথ তামুলি ফুকণৰ বুৰঞ্জী...২০ পিঠি।
  6. ৺কাশীনাথ তামুলি ফুকণৰ বুৰঞ্জী ২১ পিঠি।
  7. আমাৰ লিখা “মালিতা”
  8. Mr. Gait's History of Assam, Page,104.
  9. এওঁৰ পূৰনাম “চাও ফ্ৰাচেঙ্গমুঙ্গ বৰ গোহাঁই ডাঙ্গৰীয়া।” এওঁ ৰাজমন্ত্ৰী আছিল। শ্ৰুতিমধুৰ আৰু ছন্দৰ উপযোগী কৰিবৰ নিমিত্তে এওঁক “চাও” বোলা হৈছে।
  10. বুৰাগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰবৰুৱা, বৰফুকন আদি বিষয়া সকলৰ তিৰুতাক “গাভৰু” বোলে। সম্বোধনত “গাভৰুদেও!” বোলা হয়। প্ৰথম তিনজনা ডাঙ্গৰীয়াৰ তিৰুতা সকলক “ডাঙ্গৰীয়াণী”ও বোলা হয়।
  11. এওঁৰ পূৰা নাম “খুন্‌লুঙ্গ খামপেঙ্গ বুঢ়াগোহাঁই ডাঙ্গৰীয়া”। কলীয়াবৰৰ যুদ্ধত মুছলমানৰ হাতত এওঁ প্ৰাণ হেৰুৱায়। এওঁ এজন বীৰপুৰুষ আছিলে।
  12. আগৰ কালত আহোম ডাঙ্গৰীয়া সকলক ভাত খাবলৈ
    মাতিলে “মেলকৰিবলৈ” বুলি মাতিছিল।
  13. অৰ্থাৎ চাও ফ্ৰাচেঙ্গমুঙ্গ বৰ গোহাঁই ডাঙ্গৰীয়া।
  14. গ্ৰীক্ ইতিহাস লিখোঁতাসকলৰ মতে, কবিগুৰু হোমাৰ (Homer) নিতান্ত দৰিদ্ৰ আৰু অন্ধ আছিলে। গ্ৰীচৰ ৰাজধানী এথেঞ্চৰ বাটেপথে কবিতা গান কৰি, তেঁও জীৱনৰ অৱশিষ্ট অংশ অতিবাহিত কৰিছিলে। তেঁও যিবিলাক কবিতা আবৃত্তি কৰি জীবিকানিৰ্ব্বাহ কৰিছিলে, সেইবিলাকেই বৰ্ত্তমান যুগত “ইলিয়াড” (Illiad) আৰু (Odessy) “ওডিচী” মহাকাব্য নামে প্ৰথ্যাত পাইছে।
  15. আইচেনী নামেৰে এটা জাতি :“বোডেচিয়া” আইচেনী বিলাকৰে ৰাণী।
  16. ৰোমবাসীবিলাকে সৈতে, বা ৰোমৰ সেনাপতি জুলিয়চ্ চিজাৰৰ লগৰ সৈন্য সেনাবিলাকে সৈতে!
  17. চুক্লেন্...এওঁ চুহুমুঙ্গ বা স্বৰ্গনাৰায়ণ স্বৰ্গদেৱৰ বৰজনা কোঁৱৰ; এওঁৰ হিন্দুনাম গড়গঁয়া ৰজা,—ইং ১৫৩৯ চনত আহোম সিংহাসনত ৰজা হয়।
  18. চুৰেঙ্গ...এওঁকে দেওৰজাও বোলে। গদাপানিৰ দৰে
    এওঁ এজন বৰ বীৰ পুৰুষ আছিল। এওঁ চাৰিঙ্গীয়া মেলৰ ৰজা হৈছিল।
  19. চুখ্ৰেঙ্গ...এওঁক দুপ্ ৰজাও বোলে; এওঁ তিপমীয়া মেলৰ ৰজা হৈছিল। চুতেঙ্গ...চুহুম্মুঙ্গ স্বৰ্গদেৱৰ এওঁ নিচেই নুমলীয়া কোঁৱৰ। চুৰেঙ্গ, চুখ্ৰেঙ্গ আৰু চুতেঙ্গ এই তিনিওজনা চুক্লেন বা ডেকা ৰজাৰ সহোদৰ ভাই।
  20. প্ৰবাদ আছে যে, যমুনাৰ পানী কেতিয়াও ঘোলা নহয়।
  21. তাজু—কোনো কোনো বুৰঞ্জী লিখকে এওঁক তৌজীও বোলে। এওঁ এজন তুৰ্ব্বকৰ তলৰ পাঠান সেনাপতি। দুই মুনি শিলাৰ যুদ্ধত এওঁ মূলা গাভৰুৰ হাতত প্ৰাণ হেৰুৱায়।
  22. তাজুৰ লগৰে এওঁ এজন তুৰ্ব্বকৰ তলৰ সেনাপতি। এওঁৰ প্ৰকৃত নাম কি আছিল ক'ব নোৱাৰি
    হাতেৰে লিখা সাঁচি পতীয়া বুৰঞ্জীতো “বঙ্গাল সেনাপতি”
    বুলিয়েই উল্লেখ কৰিছে। সম্ভৱতঃ এওঁ হিন্দু আছিল।
    (দুইমুনি শিলাৰ যুদ্ধত এওঁ মূলা গাভকৰ হাতত প্ৰাণ
    হেৰুৱায়।)
  23. নৱাব খছল খাঁ... এওঁ বঙ্গদেশৰ নৱাব আছিলে। এওঁৰ আদেশ মতেই তুৰ্ব্বকে আহি অসমদেশ দুবাৰ আক্ৰমণ কৰেহি।
  24. ভয়াতু অৰ্থাৎ ভয়াতুৰ।
  25. কন্‌চেঙ্গ্... বৰপাত্ৰ ডাঙ্গৰীয়াৰ এৱেঁই প্ৰথম। এওঁৰ দিনৰ পৰাইহে বৰপাত্ৰ ডাঙ্গৰীয়াৰ বিষয় সৃজন হয়। ইতিপূৰ্ব্বে—চুপিম্‌ফা সৰ্গদেৱক নগাৰ খুনবাও এটাই পাল-সেৱা কৰোঁতে চমুৱা কুৱঁৰী এগৰাকীয়ে ভিতৰ ফালৰ পৰা জুমি চাই থাকি খুনবাওটোক বৰ ৰূপহ দেখি, ৰজা ভিতৰলৈ আহিলত, খুনবাওটোক ৰূপৰ প্ৰশংসা কৰে। ৰজাই খুনবাওটোলৈ ৰাণীৰ আসক্তি হৈছে বুলি সন্দেহ কৰি, ৰাণীক খুনবাওঁলৈ এৰি দিলে। ৰাণী সগৰ্ভা আছিলে, খুনবাৱে চাঙ্গলৈ নিনি ৰাণীক ভৈয়ামতে বাহৰ দি থৈ তাতে ৰাণীয়ে এটি সৰ্ব্ব সুলক্ষণীয়া পুত্ৰ প্ৰসৱ কৰে। কালক্ৰমে সেই লৰাটি চুপিম্‌ফা সৰ্গদেৱৰ ঔৰষজাত সন্তান
  26. বুলি জনাজাত হোৱাত, চুহুম্মুঙ্গ সৰ্গদেৱে তেওঁক কন্‌চেঙ্গ নাম দি বৰপাত্ৰ ডাঙ্গৰীয়া পাতিলে। তেতিয়াৰ পৰাহে তিনিজনা ডাঙ্গৰীয়া হ'ল। এই কাৰণেইহে, বৰপাত্ৰ ডাঙ্গৰীয়াৰ ঘৰক “নগা বৰ পাত্ৰৰ” ঘৰ বোলে।
  27. তাজু আৰু বঙ্গাল সেনাপতিৰ লগৰে এওঁ এজন
    পাঠান সেনাপতি। দিকৰাই মুখৰ ৰণত এওঁ কন্‌চেঙ্গ
    বৰপাত্ৰ ডাঙ্গৰীয়াৰ হাতত প্ৰাণ হেৰুৱায়।
  28. Esop's Fables
  29. Fairy Tales
  30. জোনা—জোৱাণ ডাৰ্ক (Joan D’ark )। আমাৰ “আভাস কাব্য” চাওঁক।
  31. Siege of Orlean.
  32. অৰ্থাৎ গ্ৰিক দেশৰ।
  33. ,, অৰ্থাৎ ট্ৰয় দেশৰ।
  34. Trojan war, স্পাৰ্টাৰাজ মেলিনচৰ পত্নী হেলেনাক ট্ৰয়ৰাজকুমাৰ পাৰিচে চুৰি কৰি অনাত গ্ৰীক আৰু
    ট্ৰয়বাসীবিলাকৰ ভিতৰত ট্ৰয়ৰ যুদ্ধক্ষেত্ৰত যি যুদ্ধ হৈছিল।
  35. এই খিনিত “গাভৰু” মানে যুৱতী।
  36. অৰ্থাৎ অন্ত্যেষ্টিক্ৰিয়া।
  37. স্বামীৰে স’তে—স্বামীৰে একেলগে একে ঠাইতে।
  38. বৰ্ম্মা (মান) দেশৰ ভিতৰৰ পং ৰাজ্যৰ “শ্যান” বা
    “চ্যান” প্ৰদেশ। আহোমবিলাক পূৰ্ব্বত সেই প্ৰদেশৰ
    মানুহ।