পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


দুৰ্ভগা হিতেশ, হায়!
সম্বল চকুলো তাৰ,
চকুলো বিহীন কিন্তু
 দেখি ই গাঁথনি,—
নকৰিবা অবিশ্বাস,
ল’বা কৰি সমাদৰ,
হিতেশে বান্ধিছে আজি
লো—ৰে হিয়াখনি॥

8


হিতেশৰ হিয়া আজি
নহয় ফুলেৰে গঢ়া,
হিতেশৰ হিয়া আজি
 নহয় ফুলৰ!
হিতেশৰ হিয়া আজি
কঠিন শিলেৰে বন্ধা,
শিলাময় হিয়া আজি
অভেদ্য বজ্ৰৰ॥

হিতেশ।