পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আহোমৰমণী।


কথাৰ দৰে লৰা কালৰে পৰা আমাৰ পাঠক সকলেও শুনি আহিছে। কাঞ্চন আইদেও (বা খাম্ পাট-গাভৰু ) সুন্দৰ গোহাঁইৰ জীয়েক হয়,—কিন্তু চাওফ্ৰাচেংমুঙ্গ বৰ গোহাঁইৰ নহয়; সম্ভৱতঃ এই ঘটনা খোৰা ৰজাৰ দিনত, কিন্তু চুহুম্মুঙ্গ সৰ্গদেৱৰ দিনত ( মুছলমানৰ ৫ম বা ৬ষ্ঠ আক্ৰমণৰ সময়ত ) নহয়। আমাৰ বোধ হয়, বুদ্ধিমতী আহোম কন্যা প্ৰৱন্ধৰ লিখকে মৌখিক কথা বা অনুমানৰ ওপৰত নিৰ্ভৰ কৰি, চাওফ্ৰাচেংমুঙ্গ বৰ গোহাঁইকে সুন্দৰ গোহাঁইকে লগ লগাই কাঞ্চন আই দেওক তুৰ্ব্বকৰ যুদ্ধত হাজিৰ কৰিছে।

 শেহত কওঁ যে কৰ্ত্তব্যৰ অনুৰোধত পৰি আমি এই কথা কেই শাৰি লিখিলোঁ প্ৰৱন্ধ লিখকে যেন ইয়াক তেখেতৰ প্ৰৱন্ধৰ প্ৰতিবাদ বুলি নাভাবে। আমি ইয়াকেহে খাটিলোঁ। ইতি।

শ্ৰীহিতেশ্বৰ বৰ-বৰুৱ৷।

১৸৵৹