পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আহোমৰমণী।


এই খিনিতে পাঠক পাঠিকা সকলক আৰু এটি কথা জনাই থ'ব লগা হ'ল। এই পুথিখনি কলিকাতাত ছপা হৈ থাকোতেই, ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হোৱা “আলোচনী” নামেৰে মাহেকীয়া কাকত খনিৰ, ৫ম বছৰৰ ৯ম সংখ্যাত “বুদ্ধিমতী আহোম কন্যা” শীৰ্ষক এটি প্ৰৱন্ধ বাহিৰ হয় প্ৰৱন্ধটিৰ সাৰাংশ এই :—চুহুম্মুংবা দিহিঙ্গীয়৷ ৰজাৰ দিনত আহোম ৰজাৰ বলবীৰ্য্য, আৰু বিশেষকৈ, প্ৰথমতে বুদ্ধি পৰীক্ষ৷ কৰিবৰ অভিপ্ৰায়েৰে বঙ্গদেশৰ নবাব খছল খাঁই একে গঢ়ৰ আৰু একে বৰণৰ, একে সাজপাৰ পিন্ধা দুজনী তিৰুতা, দুজনী ঘোৰা, দুজনী মাছ, আগগুৰি চিন নথকা এখন বাঁহৰ ধনু, আৰু এখন চিঠি দি আহোম ৰজাৰ ওছৰলৈ এটা কটকী পঠায়। চিঠি খনত নবাবে লিখি পঠাইছিল যে ৰজাই তিৰুতা দুজনীৰ বেটী ঘৈনী, ঘোৰা দুজনীৰ মাক জীয়েক চিন ধৰি দিব লাগে, মাছ দুটাৰ কোনটে৷ বিলৰ কোনটো খাৱৈৰ বাছি দিব লাগে, – ধনুখনৰ আগগুৰি স্থিৰ কৰিব লাগে।

১৵৹