পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰস্তাৱনা।


আক্ৰমণত ) মৰা পৰে, আৰু (৩) কাঞ্চন আইদেও আমাৰ মূলা-গাভৰুৰ আপোন সন্তান, আৰু মাকে সৈতে তেওঁ তুৰ্ব্বকৰ লগত যুদ্ধ কৰিছিল।

 পুৰণি সাঁচি পতীয়া আৰু আজি কালিৰ ছাপা হোৱা যি দুখন চাৰিখন বুৰঞ্জী আমাৰ হাতত পৰিছে,তাৰ পৰ৷ বুজিব পাৰিছোঁ, যে সুন্দৰ গোহাঁই তন্-খাম্ বৰগোহাঁই ডাঙ্গৰীয়াৰ ভতিজাক। তেওঁৰ আচল নাম আপচু গোহাঁই। ইংৰাজী ১৫৬২ চনত খোৰাৰজা স্বৰ্গদেৱৰ দিনত কোচানৰ নৰনাৰায়ণ ৰজাৰ ভায়েক শুক্লধ্বজ বা চিলাৰায়ে আসাম আক্ৰমণ কৰে। যুদ্ধত তিষ্ঠিব নোৱাৰি খোৰাৰজা পৰ্ব্বতলৈ পলাই যায়। তাৰ পাছত এক সন্ধিৰ প্ৰস্তাব হয়। সেই সন্ধিৰ স্বত্বমতে চিলাৰায়ে ৰজাৰ পুতেক আকুত্যাং, ভায়েক চুগম কোঁৱৰ, বুৰা গোহাঁইৰ পুতেক ত্যাওত্যিত্, – বৰগোহাঁইৰ পুতেক ত্যাওপেত্, – আৰু ভতিজাক আপচু গোহাঁই, এই কেইজনকে মুখ্য কৰি, সকলো পাত্ৰমন্ত্ৰীৰ ঘৰৰে ল'ৰা একোটা লৈ, নিজ দেশলৈ গুছি যায়। আপচু গোহাঁই দেখিবলৈ বৰ সুন্দৰ

১৷৶৹