পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ষষ্ঠ সৰ্গ।


সংহাৰিম,— হে পাঠান! নিলাজ যৱন!!”
 ই বুলি মূলা গাভৰু আক্ৰমিলে তাক
( আক্ৰমে সিংহিনী যেনে শিশু হৰিণৰ )
হানিলে সুতীক্ষ্ণ জাঠি, বিন্ধিলে বুকত
ব’লে শোণিতৰ নই,—পৰিল পাঠান
প্ৰাণশূন্য!- -“হায়! হায়! কৰিলে যৱন
(পাঠানৰ সেনাসৱ )। আহিল বঙ্গাল
তৰোৱাল হাতে কৰি। বুলিলে গাভৰু
“ভাল, ভাল,—হে বঙ্গাল! ভাল দেখা হ'ল
তোৰে স’তে আজি, দুষ্ট! তাজুৰ মৃত্যুত
( সহযোগী সহযোদ্ধা ) সন্তাপিত যদি
অন্তৰ,—পামৰ! তোৰ,—আমি বীৰাঙ্গনা
বীৰকন্যা বীপত্নী পৰহিতব্ৰতা
( পৰৰ হিতৰ অৰ্থে নাৰীৰ জনম)
কৰোঁ আজি তোৰো হিত,—দিওঁ পঠিয়াই
যমৰ কাষত তোকো,—চিৰশান্তি লভি
থাকিবি আনন্দে তাত তাজুৰ লগতে॥”
নুশুনি মূলাৰ কথা নিদি যেন কান

৮৫