পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম সৰ্গ।

প্ৰাণৰ আৰাধ্যা দেবী, জীৱন-সঙ্গিনী
হিতেশৰ,—আহাঁ, দেবি। কৃপা কৰাঁ আজি,—
তোমাৰ কৃপাত মুছি চকুলো চকুৰ
প্ৰিয়তমা-বিৰহৰ, বান্ধো আজি পুনু
ভগা ই বীণাৰ তাঁৰ; উঠক আকউ
সপ্তমত সুৰ তাৰ বীৰৰসে বাজি।
দয়া কৰাঁ, দয়াময়ি! হে কল্পনা! তুমি
দুৰ্ভগাক; গাওঁ আজি বীৰত্ব-কাহিনী
বীৰ ৰমণীৰ; সেই আহোম বংশৰ
মূলা নামে বীৰাঙ্গনা (আসাম-গৌৰৱ )
কৰিলে যি প্ৰাণত্যাগ সম্মুখ যুদ্ধত
তুৰবকে স’তে যুজি চামুণ্ডা-ৰূপিণী,
আক্ৰমোতে ষষ্ঠবাৰ যৱনে আসাম।
 দেবী তুমি ৰঙ্গময়ী, হে কল্পনা! তুমি
সহায় শঙ্কটে মোৰ, —শান্তি ভাগৰত
দীনহীন হিতেশৰ,—জ্যোতি এন্ধাৰত,—
স্বাধীন পক্ষীৰ ৰথ পক্ষৰূপী তুমি।
চিৰানন্দ হাস্যময়ী তুমি, হে কল্পনা!—