পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।


চুখ্ৰেঙ্গ, চুতেঙ্গ দুয়ো সমৰ সাজেৰে;-
ওলাল যুদ্ধত সৱে মূলাৰে সহিতে
যুজিব যৱনে স’তে, তাহানি কালত
নৃ-মুণ্ডমালিনী স’তে দানৱ যুদ্ধত
লোকপাল সৱ যেন অমৰা পুৰত॥
 ওলাল আহোম সেনা অমিত বিক্ৰম
মূলা মুহিলাৰে স’তে; বীৰমদে মাতি
যায় সৱে উলাহত। ৰণোন্মতা মূলা
মুহিলাদি স’তে যায় হেঙ্গদান্ ধৰি
কৰি ঘোৰ গৰজন; —পালে নিমিষতে
সমৰ-প্ৰাঙ্গণ গই,—দেখিলে মূলাই
কি ভীষণ! ভয়ঙ্কৰ!! দৃশ্য ভয়ঙ্কৰ!!!
ভয়ানক! কি ভীষণ সমৰ-প্ৰাঙ্গণ!
নাই স্নেহ, দয়া, মায়া, যেনে মৰুভূত
নাই নই জলৱতী, সুশীতল পানী!
কি ভীষণ! চাৰুফালে বিৰাগ, বিৰোধ
লালসা জিঘাংস৷ হিংসা সৱৰে হিয়াত
বিৰাজিছে অবিৰাম!–মৃত্যু!–মৃত্যু মাথোঁ!

৫৮