পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।


উঠা, সখি! ফাটে হিয়া,—দেখিলে তোমাৰ
এই বেশ ( কান্দে প্ৰাণ!! ) যাৰ বিক্ৰমত
কম্পিত পাঠন-সেনা, যাৰে স’তে যুজি
ত্যজিলে তাজুৱে প্ৰাণ,— মৰিল বঙ্গাল
অকালত,—দৈত্যসব চণ্ডিকাৰে স’তে
যুদ্ধ কৰি যেনেকই তাহানি কালত॥”
 ই বুলি হুৰাও-ৰাৱে কান্দিলে মুহিলা
সখীৰ ডিঙ্গিত ধৰি! বুলিলে মূলাই, --
নাকান্দিবা, প্ৰাণসখি! ভৱ সংসাৰত
সকলো অনিত্য,—কাৰো কোনোৱে নহয়,
নাই কোনো পৰ,—কোনো নহয় আপোন
তোমাৰ। ই বিশ্বৰূপী গৃহ-প্ৰাঙ্গণত
একে পৰিবাৰ আমি আহোম যৱন;-
সকলো অনিত্য আমি,— সৱৰে ভাগ্যত
আছে, সখি! মৃত্যু লিখা,—সকলোৰে দেহা
নিৰ্ম্মিত পঞ্চভূতেৰে,— হয় পৰিণতি
সি পঞ্চভূততে পুনু,—মাথোঁ কীৰ্ত্তি যশ
ইমৰ্ত্ত্যত মানৱৰ অক্ষয় অব্যয়॥

১০২