পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাঠক সকললৈ।


ভাঙ্গি চূৰমাৰ হোৱা
হিয়াখনি পুনু ধৰি,
পৰ্ববতৰ শিল আনি
 গাঁথিলো পুনৰ।
নতুন গাঁথনি গাঁথি
ভঙ্গাহিয়া পুনু গঢ়ি
গাঁথিলো ই মালাধাৰি
 অতি আদৰৰ॥


বীৰাঙ্গনা বীৰকন্যা
আহোম ৰমণী মূলা
হ’বনে,—পাঠক! জানো
 হ’ব চেনেহৰ?
কৰিবা কি তুমি, হায়!
চেনেহ মূলাকো আজি
লেখা বুলি দুৰ্ভগাৰ,
দীন হিতেশৰ?

॥৶৹