পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰস্তাৱনা।

স্বৰূপে কন্‌চেঙ্গ ডাঙ্গৰীয়াহঁ কৰতোৱা নৈৰ দাঁতিত পুখুৰি আৰু দৌল কৰাইছিল। কালৰ সোঁতত পৰি, সেই পুখুৰি আৰু দৌল হয়তো বিলুপ্ত হৈ গৈছে, তেনেকুৱা পুখুৰি আৰু দৌল হয়তো কালৰ গতিত কত বিলুপ্ত হ’ব,-

“সৌৱা যে দুৰত দেখা পৰ্ব্বতৰ চূড়া
“শিলেৰে বন্ধোৱা ঘৰ, দেৱৰ মন্দিৰ
“কিম্বা ৰাজ-নিকেতন উন্নত শৰীৰ
“( কি সুন্দৰ ৰত্নময় ) চূৰ্ণ হ’ব সবে।
“এই যে পৃথিবী, * *! বাসুকী-শিৰত
“পৰ্ব্বত, সাগৰ, পুষ্প, তৰুলতা আদি
“সকলোটি হ’ব ধ্বংস নাথাকিব চিন॥”

 এই অনিত্য জগতত অনেক ধ্বংস পাইছে,—আৰু অনেক ধ্বংস পাবও। কিন্তু কৰ্ম্মক্ষেত্ৰৰূপী এই বিশাল বিশ্বত মূলা গাভৰুৱে যি কৰ্ম্ম কৰি গৈছে, তাৰ কীৰ্ত্তি জগতত চিৰস্থায়ী, —তাৰ ধ্বংস নাই। আসামবাসীৰ মনত সেই যুদ্ধৰ স্মৃতি আৰু মূলাগাভৰুৰ বীৰত্বক৷হিনী আজিও জাগৰিত আছে,—আৰু চিৰকাললৈ থাকিব।

১৴০