পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আহোমৰমণী।


ঘোৰা দুজনী দুট৷ ঘোৰাচোৱাক দি চেকুৰাই অনালে। পশুৰ স্বাভাবিক মনোবৃত্তিৰ উদগনিত জীয়েকে তৎক্ষণাত মাকৰ ওহাৰলৈ মুখ মেলিলে। তাৰ পৰাই আইদেৱে ঘোৰা দুজনীৰ মাক জীয়েক স্পষ্টকৈ চিনি পালে। মাছ দুটা দুটা বেলেগ পাত্ৰত তপত পানীত পেলাই থ'লে,—কিছু সময়ৰ পাছত দেখিলে এটা পাত্ৰৰ পানী নিৰ্ম্মল,—আনটোৰ কিছু মলিন। গতিকে তাৰ পৰাই স্থিৰ কৰিলে,যে মলিন পানীৰ পাত্ৰত থকাটোৱেই খাৱৈৰ আৰু আনটো বিলৰ। ধনুখন পানীত পেলাই দিলে,—দেখিলে, যিমূৰে গুৰি সেই মূৰ বেছি গধূৰ হোৱাত আগৈয়ে বুৰ গ'ল। এই দৰে এটা এটাকৈ কেউটা বস্তু পৰীক্ষ৷ কৰি বুদ্ধিমতী কাঞ্চন আইদেও সুন্দৰৰূপে কৃতকাৰ্য্য হ'ল।

 আইদেওৰ কাৰ্য্যকলাপ আৰু বুদ্ধিৰ প্ৰখৰতা নবাবৰ কাণত পৰিলগৈ। কাঞ্চন আইদেওক লাভ কৰি নিজৰ বাসনা তৃপ্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞহৈ, ইং ১৫২৭ চনত তুৰ্ব্বক সেনাপতিক আসাম জয় কৰিবলৈ পঠায়। এই যুদ্ধলৈ বৃদ্ধ মন্ত্ৰী সুন্দৰ

১৷৹