পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম সৰ্গ।


আহি দূৰ-দূৰন্তত—দূৰ আসামত
পাতিলো সাম্ৰাজ্য খনি অত যতনেৰে
অত ক্লেশ সহি, প্ৰিয়ে? যাতলাগি আমি
আহোম সৰ্ব্বস্বত্যাগী, জন্মভূমি, ভাষা;
মাতৃভাষা ত্যাগ কৰি হ’লো পৰভাষী।
আহোমৰ সেই, প্ৰিয়ে আদৰৰ দেশ
প্ৰকৃতিৰ লীলাভূমি, সাম্ৰাজ্য আসাম
হ’ব ভোগ্য যৱনৰ?— থাকোতে পৰাণ
বীবংশী আহোমৰ দেহাৰ মাজত?”
 “সুখী হলো শুনি, নাথ!” বুলিলে গাভৰু[১]
মূলা বীৰপত্নী, “কোন তিৰুতাৰ সুখ
নজনমে শুনি এনে বীৰোচিত কথা
আপোনাৰ স্বোৱামীৰ? কাৰ নুঠে নাচি


  1. বুৰাগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰবৰুৱা, বৰফুকন আদি বিষয়া সকলৰ তিৰুতাক “গাভৰু” বোলে। সম্বোধনত “গাভৰুদেও!” বোলা হয়। প্ৰথম তিনজনা ডাঙ্গৰীয়াৰ তিৰুতা সকলক “ডাঙ্গৰীয়াণী”ও বোলা হয়।