সমললৈ যাওক

পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।


মূলাৰো প্ৰাণৰ ৰবি অস্তাচল ৰূপী
যৱন-যুদ্ধত আজি ডুবিছে অকালে,
কমলিনী মূলা, হায়! থাকিব কি কৰি
হাঁহিমুখে? মূলা, সখি! স্বামীৰ অৰ্দ্ধাঙ্গী,—-
স্বামি-গতপ্ৰাণা মূলা, স্বামীৰ বিহনে
কি কৰি ঘৰত থাকে? যাওঁ সমৰত,
পতিঘাতী পতিবৈৰি নাশি তুৰ্ব্বকক
পূৰাওঁ হেপাহ, সখি! ভাগ্য যদি থাকে,
নিজেই মৰিম,—নতু, স্বামীৰে সহিতে,—
তমাল তৰুবে স’তে মাধৱীৰ দৰে॥
হ'লে হত পশুৰাজ ব্যাধৰ শৰত,
সিংহিনীয়ে থাকে, হায়! নগৰ্জ্জি কি, সখি!—
পতিহন্তা ফালে চাই? প্ৰতিহিংসা হেতু
নেখেদে ব্যাধক নেকি মাৰি হাঁওৰণি?
আহোমৰমণী, সখি! বীৰপত্নী আমি,
হত স্বামী সমৰত, অন্যায় যুদ্ধত
অকালত, হায়! সখি! থাকিম কি কৰি
সি দুখ হিয়াত সহি? কি কৰি ঘৰত

৪২