পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ সৰ্গ।


বিভুৰ অমূল্য দান মৰ জগতত, —
জীৱৰ স্বভাৱ ধৰ্ম্ম,— বোধশক্তি হীন
তুচ্ছ পশু পখী, সিও স্বাধীনতা-প্ৰিয়,
জানা তুমি, দেওৰজা! কি ক'ম তোমাক?
সোণৰ সজাত থাকে, মইনা ছৰাই
অৱৰুদ্ধ,—খায় নিতে মিষ্ট পৰমান
সুবৰ্ণ পাত্ৰত,—কিন্তু সদা উৎকণ্ঠিত,—
স্বাধীনতা-পিয়াহত নিতউ ব্যাকুল॥
বিষয় বিভৱ বোলা—অনিত্য অসাৰ,
অনিত্য মৰ্ত্ত্যত পুত্ৰ কন্যা পৰিবাৰ
প্ৰিয়জন, হে চুৰেঙ্গ! মৃত্যু মানৱৰ
চিৰ প্ৰিয় সহচৰ; বন্ধু প্ৰিয়তম
মৰতত সৈনিকৰ, বীৰ পুৰুষৰ॥”
 “জয় আহোমৰ জয়!” উঠিলে চিয়ঁৰি
সকলো আহোম-সেনা,—মূলা গাভৰুৰ
শুনি উৎসাহৰ বাণী,—যুদ্ধ সাজে পুনু
উঠিলে সকলো সেনা, আহোমৰ বীৰ।
সাজিলে চুক্লেন আৰু সাজিলে চুৰেঙ্গ

৫৭