পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যুদ্ধক্ষেত্ৰত আহোম ৰমণী

বা

মূলা গাভৰু।

প্ৰথম সৰ্গ।

 বজালে কি হ'ব বীণা আসাম-মৰুত?
জনশূন্য মৰুভূমি কেলই সঙ্গীত
ভগা ই বীণাৰ ধ্বনি? নতুবা আমাৰ
নাবাজে ই ভগা বীণা সুশ্ৰাব্য মধুৰ
( ছিন্ন তাঁৰ—কি বাজিব? ) নতুবা কি আমি
শক্তিহীন ক্ষুদ্ৰ প্ৰাণী নগণ্য মানৱ,
অতি ক্ষুদ্ৰ, ক্ষুদ্ৰকায়, কোন্ সাহসত