পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰস্তাৱনা।

 ইং ১৫২৮ চনৰ পৰা ১৫৩২ চনলৈকে এই কেই বছৰৰ ভিতৰতে মুছলমানবিলাকে দুবাৰ ( ৫ম আৰু ৬ষ্ঠ বাৰ ) আসাম দেশ আক্ৰমণ কৰেহি। নবাব খছল খাঁ-ই তুৰ্ব্বক নামেৰে এজন পাঠানক সেনাপতি কৰি পঠিয়াইছিল। এই সময়ত আহোম সিংহাসনত চুহুম্মুঙ্গ ( হিন্দুমতে স্বৰ্গনাৰায়ণ ) স্বৰ্গদেৱে ৰাজত্ব কৰে।

 প্ৰথমতে আহোম ৰজাৰ সেনাৰেসৈতে কলীয়াবৰত এখন যুদ্ধ হয়। এই যুদ্ধত আহোমৰ ফলীয়া খুন্লুঙ্গ খামপেঙ্গ বুঢ়াগোহাঁই ডাঙ্গৰীয়াকে আদি কৰি ৭ জন প্ৰধান সেনাপতিয়ে মুছলমানৰ হাতত প্ৰাণ হেৰুৱায়। তাৰ পাছত, চাও ফ্ৰাচেঙ্গমুঙ্গ বৰগোহাঁই ডাঙ্গৰীয়া সেনাপতিৰূপে যুদ্ধলৈ যায়। তেওঁক মুছলমানবিলাকে কেনেকৈ হত্যা কৰিলে, এই কাব্য খনিত যথাৱত বৰ্ণনা কৰা হৈছে।

 মূলা গাভৰু চাওফ্ৰাচেঙ্গমুঙ্গ বৰগোহাঁই ডাঙ্গৰীয়াৰ প্ৰিয়তমা পত্নী। মূলা বীৰাঙ্গনা,—

পতিবৈৰী তুৰ্ব্বকক প্ৰতিশোধ দিবলৈ,—আৰু

৸৴৹