পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।


মূৰ্ত্তিমতী ৰণদেবী, শোক পৰিহৰি
যোৱাঁ তুমি স্বৰ্গত, প্ৰাক্তনৰ গতি
খণ্ডাব নোৱাৰে কোনো। মৰ জগতত
ভুঞ্জে নব পূৰ্ব্বাৰ্জ্জিত ফল, কোনো সুখী
নিজকৰ্ম্মফলগুণে, ভোগী হয় কোনো,
কোনো হয় কীৰ্ত্তিমান চিৰস্মৰণীয়।
পূৰ্ব্বজন্ম পুণ্যফলে আসাম ভূমিত
তুমি আজি কীৰ্ত্তিমতী, দিগ্দিগন্তত
গাব সৱে কীৰ্ত্তি তযু, হ’ব গৌৰবিত
আসাম-নিবাসী আজি তোমাৰ গুণত॥
যোৱাঁ, মূলা!—
আসামৰ ঘৰে ঘৰে বিয়া সবাহত
উৎসৱত, যি কালত গাভৰু[১] সকলে
ঘহি সুবাসিত তেল আঁচুৰিব চুলি,
ল'ব ফোঁট কপালত, চাই দাপোনত
আপোনাৰ মুখ-ছবি হাঁহিব যেতিয়া,—
শুনিলে তোমাৰ এই বীৰত্ব-কাহিনী,


  1. এই খিনিত “গাভৰু” মানে যুৱতী।

১০৮