পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰস্তাৱনা।


গোহাঁয়ো যায়,—আৰু তেওঁ যুদ্ধতেই মৰা পৰে। তাৰ পাছত এক সন্ধিৰ স্থিৰ হয়। এই সন্ধিৰ প্ৰস্তাৱমতে, কাঞ্চন আইদেওক নবাবলৈ সালঙ্কৃতাকৈ বিয়া দিম বুলি প্ৰতিজ্ঞা কৰাত, তুৰ্ব্বক সসৈন্যে দেশলৈ উলটি যায়।

 ৰজা কিন্তু এই সন্ধিত সম্পূৰ্ণ অমত হ'ল,—আৰু কাঞ্চন আইদেওক নবাবলৈ দিবলৈ অস্বীকাৰ কৰিলে। নবাবে লাজ পাই, পুনৰ যুদ্ধ ঘোষণা কৰিলে ( এয়েই মুছলমানৰ ৬ষ্ঠ আক্ৰমণ )।এই যুদ্ধত কাঞ্চন আইদেও আৰু তেওঁৰ মাক ( সুন্দৰ গোহাঁইৰ বিধৱা গাভৰু ) দুয়ো গৰাকীয়ে মুছলমানৰ লগত যুদ্ধ কৰে। কাঞ্চন আইদেওৰ মাক যুদ্ধতেই মৰা যায়,—কাঞ্চন আইদেওক মুছলমানবিলাকে বন্দী কৰে। পাছত কনচেঙ্গ বৰপাত্ৰ ডাঙ্গৰীয়াই নিজ হাতেৰে তুৰ্ব্বকক বধ কৰাত বাকী মুছলমান সেনাবিলাকে কাঞ্চনক লৈ নিজৰ দেশৰ ফালে ব্ৰহ্মপুত্ৰইদি নাও মেলি পলাবলৈ ধৰিলে; সিহঁতে ভাবিছিলে—কাঞ্চনক নি নবাবক দিবগৈ,—কিন্তু সিহঁতৰ আশ৷ ফলবতী নহ'ল। যাওঁতে যাওঁতে

১৷৴৹