পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰস্তাৱনা।


শুনি মনত দুখকৈ অসন্তোষ কৰি আছিল। সেই বেলা বৰ গোহাঁঞীয়ে সোন্দৰ গোহাঁঞীলৈ কৈ পঠালে, কছাৰী ৰজ৷ চৈধ্য দিনলৈ দিন ললে—তাতকৈ দেখোঁ দিন বাঢ়িল, কথা দেখোঁ বিড়ম্বনা দেখোঁ। আকে চাই সাষ্টম হ'ব লাগে। পাছে সোন্দৰ গোহাঁঞীয়ে বৰ গোহাঁঞীলৈ বুলি গল,আপুনি গোহাঁঞীয়ে সাষ্টম হ’ক, —–— মই যি সাস্টম হ'লো ৱেইহে তিৰী ভাৰ্য্যাক ৰাখিবৰ নিমিত্তেহে দেহপ্ৰাণ উসৰ্গি মহাৰাজাৰ কাৰ্য্য কাম কৰা যায়,—তিৰী ভাৰ্য্যা ৰাখিব নোৱাৰিলে ইয়াত কি কাম? মই চাৰি কড়া দি মাটী ইয়াতেহে কিনিলো—গোহাঁঞীয়ে মাত্ৰ সাষ্টম হ’ক, — গৰ্গাৱলৈ ফিৰি মুখ,নকৰোঁ। সোন্দৰ গে৷হাঁঞী অস৷ৱধান হ'বৰ জানি কছাৰীবোৰে হিলৈৰ মুখত পানী বাকিলে। এনে সময়তে ৰাতি ভীমবলকুমৰে দুই হাতিৰে কছাৰি সহিতে দুয়োজনাৰ কোঠ বেৰি ধৰিলে। “শত্ৰুমৰ্দ্দন” হাতীয়ে বৰ গোহাঁঞীৰ কোঠৰ গড় ভাঙ্গিলে,—সেই পোণে কছাৰী সোমাব ধৰিলে,—“পমনা” সোন্দৰ গোহাঁঞীৰ গঢ় ভাঙ্গিলে।সেই