পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।


তেনেকুৱা, আছিলে যি যৌৱনৰ আগে
শৈশৱত, যি কালত শোকৰূপী কীটে
নাই কুটা দেহা-ফুল! কীটদষ্ট আজি
হীনবল,—-কিবা সাধ্য গাব সি কাহিনী
মূলাৰ বীৰত্ব-কথা বীৰৰসে-ভৰা?
অথবা যি জাতি আজি চিৰপৰাধীন
পৰৰ গোলাম,—যাৰ আলস্যে সম্বল
লাগিব কি সিজাতিৰ ভাল বীৰ-ৰস
মূলাৰ কাহিনী আজি? সাহস বিক্ৰম
যি জাতিৰ জুহালত, “পানৰ-খোলাত”
নতুবা, পত্নীৰ কাষে গৃহ-কন্দলত,—
তাৰ কি লাগিব ভাল সমৰপ্ৰাঙ্গণ?
 পিন্ধি ৰঙ্গচুৱা সাজ ধীৰে ঊষাদেবী
দিলে দেখা পূবফালে, বিকাশি কিৰণ
সোণোৱালী,—সুধাংশুৰ কিৰণৰ ৰেখা
ধৰিলে খহিব’, যেনে পদ্মৰ কেশৰ
খহে পদুমৰ পৰা সন্ধিয়া বেলিকা।
পুৱাৰ বতাহ জাকি বলে ধীৰে ধীৰে,—

৮০