পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰস্তাৱনা।


ৰজায়ো আমাৰ ৰজালৈ বুলি তেওঁৰ গজসিংহীকা জীয়েকক লগত দি আমাৰ দেশৰ নিয়া সকলোখিনি মানুহে সৈতে সুন্দৰ গোহাঁইক দেশলৈ বিদায় দিলে। তেওঁৰ লগত তাৰ পৰাও তাঁতি, সোনাৰী আৰু ভালেমান বৃত্তিয়াল মানুহ আহিছিল। প্ৰথমতে সিহঁতক নামডাঙ্গত পাতে; তাৰ পাছত লাহে লাহে সেইবিলাক মানুহ আসামৰ নানা ঠাইত বসতি কৰেগৈ।

 সুন্দৰ গোহাঁইৰ মুখে কোচানৰ ৰজাই নিজ নামেৰে হিন্দু আখৰুৱা মোহৰ মৰা শুনি, আমাৰ চুচেঙ্গফা (বা বুদ্ধিস্বৰ্গনাৰায়ণ) ৰজায়ো হিন্দু পণ্ডিত সকলেৰে মীমাংসা কৰি, যোগিনী তন্ত্ৰৰ

“অষ্ট কোণঞ্চ সৌমাৰং যত্ৰ দিক্কৰবাসিনী।
“তস্মিন্বিশন্তি যে লোকা জ্ঞানাদজ্ঞানতোঽপিবা॥
“তেঽপি দেব্যাঃ প্ৰসাদেন সিদ্ধিং গচ্ছন্তি নান্যথা।”

 এই শ্লোক অনুসৰি “স্বৰ্গনাৰায়ণ” নামেৰে আঠ চুকীয়া সোণৰ আৰু ৰূপৰ মোহৰ মৰায়। আসাম ৰজাৰ এয়েই প্ৰথম মোহৰ।

 সুন্দৰ গোহাঁয়ে দেশত আহি বিয়া কৰায়হি।

১॥/৹