পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰস্তাৱনা।

মিঃ গেইট্ (Mr. Gait) চাহাবৰ মতে, এই যুদ্ধত মুছলমানবিলাকৰ ২৮টা হাতী, ৪৫০টা ঘোৰ৷, ভালেমান বন্দুক, বহুত ধন সোণ আৰু ভালেখিনি যুদ্ধৰ আহিল৷-পাতি আহোমবিলাকৰ হস্তগত হয়।

 এই যুদ্ধৰ অনেক পূৰ্ব্বেই যদিও আহোমবিলাকে খাৰবাৰুদৰ আবিষ্কাৰ কৰিছিল[১] তেওঁলোকে কিন্তু এই যুদ্ধতেইহে প্ৰথম বন্দুক ব্যৱহাৰ কৰে।

 এই যুদ্ধতেই হুচেন খাঁ নামেৰে এজন মুছলমান সেনাপতিয়েও কনচেঙ্গ বৰপাত্ৰ ডাঙ্গৰীয়াৰ হাতত প্ৰাণ হেৰুৱায়, আৰু প্ৰায় এহেজাৰমান পাঠান সেনা আহোমৰ হাতত বন্দী হয়। বন্দী


  1.  আহোমবিলাকেই যে বাৰুদৰ আবিষ্কাৰ কৰোঁতা, এই সম্পৰ্কে, “মিৰজুমলাৰ আসাম আক্ৰমণ”ৰ কথা লিখোঁতে মিঃ টেভাৰনিয়াৰ ( Mr. Tavernier) চাহাবে লিখিছে :-
     “Tis thought that these (Ahoms) were the people that formerly invented gun powder, which spread itself from Assam to Pegu; and from Pegu to China from where the invention has been attributed to the Chinese."
৸৶৹