পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰস্তাৱনা।


 এতিয়া পাঠকসকলে ভাবি চাব যে ইংৰাজী ১৫৬২/৬৩ চনত সুন্দৰ গোহাঁইক চিলাৰায়ে ধৰি নিয়ে,—তাৰ বছৰ ছেৰেকৰ পাছতেই তেওঁ মুক্তি পাই দেশলৈ ঘূৰি আহে। আহোম কছাৰীৰ যুদ্ধ হয় ( যি যুদ্ধত সুন্দৰ গোহাঁই মৰা পৰে ) অনুমান ইং ১৬১২।১৩ চনত, — ইয়াৰ প্ৰায় ৮০ বাছৰৰ পূৰ্ব্বেই ( ইং ১৫৩২ চনত ) চাওফ্ৰাচেঙ্গমূঙ্গ বৰগোহাঁই ডাঙ্গৰীয়া আৰু তেওঁৰ প্ৰিয়তমা পত্নী”—আহোমৰ আদৰ্শ বীৰৰমণী মূলা গাভৰুৰ তুৰ্ব্বকৰ যুদ্ধত মৃত্যু হয়। পাঠকসকলে বোধকৰো বেছকৈ বুজিব পাৰিছে যে সুন্দৰ গোহাঁয়ে চাওফ্ৰাচেঙ্গমুঙ্গ বৰ গোহাঁয়ে একে গৰাকি মানুহ কেতিয়াও হ’বই নোৱাৰে,—কাঞ্চন আইদেৱো মূল৷ গাভৰুৰ জীয়েক নহয়, — আৰু আইদেও তুৰ্ব্বকৰ যুদ্ধত আইতাকেসৈতে যুদ্ধলৈও যোৱ৷ নাই। কাঞ্চন আইদেওৰ ঘটনাটি যে প্ৰকৃততে বুৰঞ্জী মূলক সেইটো সংক্ষিপ্ত বুৰঞ্জী বিলাকত বাজে সকলো বুৰঞ্জীয়ে স্বীকাৰ কৰে বুলি আমি জানিবলৈ পাইছো,অৱশ্যে,— আমিও কৰিছো, —বুৰী আইৰ সাধু

১৸৴৹