সমললৈ যাওক

পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।


স্মৃতি, শ্ৰুতি, দৃষ্টি, জ্ঞান,সবেই অজ্ঞান
মূলাৰ মনত আজি! গুছিল মনৰ
ভিন পৰ হেয় ভাৱ,—স্বজন বান্ধৱ
পিতৃ মাতৃ, বাল্যসখী, সঙ্গিনী লগৰ
শত্ৰু, মিত্ৰ, গৃহ, যুদ্ধ!–বিমূৰ্চ্ছিতা মূলা!
বিমূৰ্চ্ছিত অৱস্থাতে, দেখিলে সপোন
শোক-জৰ্জ্জৰিতা মূলা,—দেখা পালে যেন,-
স্বোৱামীৰ আত্মা আহি বুলিছে সম্বোধি,—
“স্বদেশৰ স্বাধীনতা, তাৰ অৰ্থে যিটে
জীৱন উৎসৰ্গ কৰি, মৰে সমৰত,—
মৃত্যু তাৰ হয় শান্তি, মহানিদ্ৰা তাৰ
অনন্ত বিশ্ৰাম মাথোঁ, বিশ্বজননীৰ
কোলাত ( শান্তিৰে ভৰা ) অগ্নি তাৰ কাষে
সুধাংশুৰ ৰশ্মী যেন, ভূমিশয্যা তাৰ
ফুলৰ কোমল শয্যা, শেলশূল গাত
মাথোঁ.পুষ্প বৰিষণ; কিয় কৰা শোক
তোমাৰ স্বামীৰ অৰ্থে? কি হইছে তাৰ?
ই নশ্বৰ জীৱনৰ নিৰ্দিষ্ট দিনত

৬২