পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ষষ্ঠ সৰ্গ।


যি আসামবাসী আজি ( কি লাজৰ কথা!)
প্ৰখ্যাত কাণীয়া নামে! ঘৃণনীয় জাতি
অলস বীৰত্বহীন, উদ্যম বিহীন
কাক ক'ম? শুনিব বা কোনে জগতত
সিদেশত, সিজাতিত জন্মিছিলে এটি
বীৰাঙ্গনা বীৰকন্যা বীৰৰ তিৰুতা
মূলা নামে, যুজিছিলে পাঠান সেনাৰে
সম্মুখ যুদ্ধত যুজি তুৰ্ব্বকে সাহিতে
তিয়াগিলে প্ৰাণ? হায়! কোনে বা বিশ্বাস
কৰিব, যদিবা কওঁ,—ই আসামবাসী
নাছিলে অলস এনে, উদ্যম বিহীন
হতবল বীৰ্য্যহীন এনুৱা এদিন?
 নিয়তি-চক্ৰত আজি ই আসামবাসী
হতবল। তেজোহীন,—ই দুৰ্ভগা কবি,
হিতেশো উদ্যমহীন, শোক-জৰ্জ্জৰিত,
নিৰুৎসাহ শৰীৰত, নাই শক্তি আৰু
গাব আজি বীৰ-ৰস কাব্য-কাননত
মনসুখে,—নাই, হায়! নাই যে উৎসাহ

৭৯