পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।

প্ৰণয়ীৰ ওপৰত; কুপিতা সিংহিনী
কেতিয়াবা কৰি ক্ৰোধ,—হয় বা কেতিয়া
ভীমামূৰ্ত্তী বীৰাঙ্গনা, চামুণ্ডাৰূপিণী
গৰ্জ্জে ঘোৰ গৰজনে,—বাৰিষা কালত
যি ৰূপে গৰজে মেঘ ভীমনাদ কৰি॥
 এৰিলে কান্দোন মূলা,—মুছিলে চকুৰ
চকুপানী,—হৃদয়ত জ্বলিলে অগণি
প্ৰতিহিংসা,—প্ৰতিহিংসা পৰায়ণা নাৰী।
বুলিলে সখীক চাই,—“নিৰস্ত্ৰ কালত
অন্যায় সমৰ কৰি বধিলে স্বামীক
মূলাৰ প্ৰাণক, হায়! দুৰন্ত যৱনে।
বলা, সখি! যাওঁ আমি,—আমিও যুদ্ধত
যাওঁ অস্ত্ৰে সস্ত্ৰে সাজি,—স্বামীৰ বৈৰিক
পতিঘাতী তুৰ্ব্বকক আপোন হাতেৰে
বলি দিম,—নতু প্ৰাণ ত্যজিম যুদ্ধত
নিজেই স্বামীৰে স’তে,—যি আছে ভাগ্যত!!
আহোম-ৰমণী আমি, আমি বীৰাঙ্গনা
ভুজ-বল, হায়! সখি! নাইকি আমাৰ?

৩৮